< প্রবচন 11 >

1 ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
A false balance [is] abomination to the LORD: but a just weight [is] his delight.
2 যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
[When] pride cometh, then cometh shame: but with the lowly [is] wisdom.
3 সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
The integrity of the upright shall guide them: but the perverseness of transgressors shall destroy them.
4 ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
Riches profit not in the day of wrath: but righteousness delivereth from death.
5 সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
The righteousness of the perfect shall direct his way: but the wicked shall fall by his own wickedness.
6 যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
The righteousness of the upright shall deliver them: but transgressors shall be taken in [their own] naughtiness.
7 দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
When a wicked man dieth, [his] expectation shall perish: and the hope of unjust [men] perisheth.
8 সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
The righteous is delivered out of trouble, and the wicked cometh in his stead.
9 তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
An hypocrite with [his] mouth destroyeth his neighbour: but through knowledge shall the just be delivered.
10 ১০ যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
When it goeth well with the righteous, the city rejoiceth: and when the wicked perish, [there is] shouting.
11 ১১ ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
By the blessing of the upright the city is exalted: but it is overthrown by the mouth of the wicked.
12 ১২ বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে।
He that is void of wisdom despiseth his neighbour: but a man of understanding holdeth his peace.
13 ১৩ পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
A talebearer revealeth secrets: but he that is of a faithful spirit concealeth the matter.
14 ১৪ যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
Where no counsel [is], the people fall: but in the multitude of counsellors [there is] safety.
15 ১৫ যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
He that is surety for a stranger shall smart [for it: ] and he that hateth suretiship is sure.
16 ১৬ দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
A gracious woman retaineth honour: and strong [men] retain riches.
17 ১৭ দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
The merciful man doeth good to his own soul: but [he that is] cruel troubleth his own flesh.
18 ১৮ দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
The wicked worketh a deceitful work: but to him that soweth righteousness [shall be] a sure reward.
19 ১৯ যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
As righteousness [tendeth] to life: so he that pursueth evil [pursueth it] to his own death.
20 ২০ কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
They that are of a froward heart [are] abomination to the LORD: but [such as are] upright in [their] way [are] his delight.
21 ২১ নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
[Though] hand [join] in hand, the wicked shall not be unpunished: but the seed of the righteous shall be delivered.
22 ২২ গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
[As] a jewel of gold in a swine’s snout, [so is] a fair woman which is without discretion.
23 ২৩ সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
The desire of the righteous [is] only good: [but] the expectation of the wicked [is] wrath.
24 ২৪ যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
There is that scattereth, and yet increaseth; and [there is] that withholdeth more than is meet, but [it tendeth] to poverty.
25 ২৫ দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
The liberal soul shall be made fat: and he that watereth shall be watered also himself.
26 ২৬ যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
He that withholdeth corn, the people shall curse him: but blessing [shall be] upon the head of him that selleth [it].
27 ২৭ যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
He that diligently seeketh good procureth favour: but he that seeketh mischief, it shall come unto him.
28 ২৮ যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
He that trusteth in his riches shall fall: but the righteous shall flourish as a branch.
29 ২৯ যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।
He that troubleth his own house shall inherit the wind: and the fool [shall be] servant to the wise of heart.
30 ৩০ সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।
The fruit of the righteous [is] a tree of life; and he that winneth souls [is] wise.
31 ৩১ সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।
Behold, the righteous shall be recompensed in the earth: much more the wicked and the sinner.

< প্রবচন 11 >