< প্রবচন 10 >
1 ১ চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
En viis Søn glæder sin Fader, men en daarlig Søn er sin Moders Bedrøvelse.
2 ২ দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
Ugudeliges Liggendefæ gavner intet, men Retfærdighed redder fra Døden.
3 ৩ যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
Herren lader ikke den retfærdiges Sjæl hungre, men de ugudeliges Begærlighed støder han tilbage.
4 ৪ এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
Den, som arbejder med lad Haand, bliver fattig; men de flittiges Haand gør rig.
5 ৫ গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
Den, som samler om Sommeren, er en klog Søn; den, som sover om Høsten, er en Søn, der gør Skam.
6 ৬ সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
Velsignelser ere over den retfærdiges Hoved, men Vold skjuler de ugudeliges Mund.
7 ৭ সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
Den retfærdiges Ihukommelse er til Velsignelse; men de ugudeliges Navn smuldrer hen.
8 ৮ যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
Den, som er viis af Hjerte, tager imod Budene; men den, som er en Daare i sin Mund, styrtes.
9 ৯ যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
Den, som vandrer i Oprigtighed, vandrer tryggelig; men den, som gaar Krogveje, bliver røbet.
10 ১০ চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
Den, som giver Vink med Øjet, foraarsager Krænkelse; og den, som er en Daare i sin Mund, styrtes.
11 ১১ সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
Den retfærdiges Mund er Livets Kilde, men Vold skjuler de ugudeliges Mund.
12 ১২ ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
Had opvækker Trætter, men Kærlighed skjuler alle Overtrædelser.
13 ১৩ সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
Paa den forstandiges Læber findes Visdom; men en Kæp er for den uforstandiges Ryg.
14 ১৪ জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
De vise gemme paa Kundskab; men for Daarens Mund er Undergang nær.
15 ১৫ ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
Den riges Gods er hans faste Stad; men de fattiges Armod er deres egen Undergang.
16 ১৬ সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
Den retfærdiges Løn er til Livet; den ugudeliges Indtægt er til Synd.
17 ১৭ যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
At bevare Tugt er Vej til Livet; men den, som lader Tilrettevisning fare, vildleder.
18 ১৮ যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
Den, som dølger Had, har falske Læber, og den, som bringer ondt Rygte ud, er en Daare.
19 ১৯ অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
Hvor mange Ord ere, der lader Overtrædelse ikke af; men den, som sparer sine Læber, er klog.
20 ২০ যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
Den retfærdiges Tunge er udsøgt Sølv; de ugudeliges Hjerte er intet værd.
21 ২১ সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
Den retfærdiges Læber nære mange; men ved den uforstandige dø Daarer.
22 ২২ যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
Herrens Velsignelse gør rig, og han føjer ikke Smerte til den.
23 ২৩ দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
Det er for Daaren som en Leg, naar han gør en skændig Ting; men den forstandige Mand har Visdom.
24 ২৪ দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
Hvad den ugudelige frygter for, det skal komme over ham; men de retfærdiges Begæring skal Gud give ham.
25 ২৫ দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
Naar Hvirvelvinden farer forbi, saa er den ugudelige ikke mere; men en retfærdig har en evig Grundvold.
26 ২৬ দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
Som Eddike er for Tænderne, og som Røg er for Øjnene, saa er den lade for dem, som udsende ham.
27 ২৭ যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
Herrens Frygt lægger Dage til; men de ugudeliges Aar forkortes.
28 ২৮ সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
De retfærdiges Forventelse er Glæde, men de ugudeliges Haab forgaar.
29 ২৯ যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
En fast Borg er Herrens Vej for den retskafne, men Fordærvelse for dem, som gøre Uret.
30 ৩০ যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
Den retfærdige skal ikke rokkes evindelig; men de ugudelige skulle ikke bo i Landet.
31 ৩১ যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
Den retfærdiges Mund fremfører Visdom, men den Tunge, som taler forvendte Ting, skal udryddes.
32 ৩২ যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।
Den retfærdiges Læber kende, hvad der er velbehageligt, men de ugudeliges Mund fremfører forvendte Ting.