< প্রবচন 10 >

1 চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
Miyambo ya Solomoni: Mwana wanzeru amakondweretsa abambo ake, koma mwana wopusa amamvetsa amayi ake chisoni.
2 দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
Chuma chochipeza mwachinyengo sichipindulitsa, koma chilungamo chimapulumutsa ku imfa.
3 যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
Yehova salola kuti munthu wolungama azikhala ndi njala; koma amalepheretsa zokhumba za anthu oyipa.
4 এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
Wochita zinthu mwaulesi amasauka, koma wogwira ntchito mwakhama amalemera.
5 গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
Amene amakolola nthawi yachilimwe ndi mwana wanzeru, koma amene amangogona nthawi yokolola ndi mwana wochititsa manyazi.
6 সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
Madalitso amakhala pa mutu wa munthu wolungama, koma pakamwa pa munthu woyipa pamaphimba chiwawa.
7 সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
Munthu wolungama anzake adzamukumbukira ngati mdalitso, koma dzina la munthu woyipa lidzayiwalika.
8 যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
Munthu wa mtima wanzeru amasamala malamulo, koma chitsiru chomangolongolola chidzawonongeka.
9 যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
Munthu woyenda mwangwiro amayenda mosatekeseka; koma amene amayenda njira yokhotakhota adzadziwika.
10 ১০ চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
Aliyense wotsinzinira maso mwachinyengo amabweretsa mavuto, koma wodzudzula chitsiru molimba mtima amabweretsa mtendere.
11 ১১ সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
Pakamwa pa munthu wolungama ndi kasupe wamoyo, koma pakamwa pa munthu woyipa pamabisa chiwawa.
12 ১২ ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
Udani umawutsa mikangano, koma chikondi chimaphimba zolakwa zonse.
13 ১৩ সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
Nzeru imapezeka pa milomo ya munthu wozindikira zinthu, koma pa msana pa munthu wopanda nzeru sipachoka chikwapu.
14 ১৪ জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
Anzeru amasunga chidziwitso koma pakamwa pa chitsiru pamatulutsa zowononga.
15 ১৫ ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
Chuma cha munthu wolemera ndiye chitetezo chake; koma umphawi ndiye chiwonongeko cha osauka.
16 ১৬ সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
Moyo ndiye malipiro a munthu wolungama, koma phindu la anthu oyipa ndi uchimo ndi imfa.
17 ১৭ যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
Wosamalira malangizo amayenda mʼnjira ya moyo, koma wonyoza chidzudzulo amasochera.
18 ১৮ যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
Amene amabisa chidani chake ndi munthu wonama, ndipo amene amafalitsa miseche ndi chitsiru.
19 ১৯ অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
Mawu akachuluka zolakwa sizisowa, koma amene amasunga pakamwa pake ndi wanzeru.
20 ২০ যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
Mawu a munthu wolungama ali ngati siliva wabwino kwambiri, koma mtima wa munthu woyipa ndi wopanda phindu.
21 ২১ সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
Milomo ya anthu olungama imalimbikitsa ambiri; koma chitsiru chimafa chifukwa chosowa nzeru.
22 ২২ যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
Mdalitso wa Yehova ndiwo umabweretsa chuma, ntchito za munthu siziwonjezerapo kanthu.
23 ২৩ দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
Kwa chitsiru kuchita zinthu zoyipa ndiye chinthu chomusangalatsa, koma kwa munthu womvetsa bwino zinthu nzeru ndiyo imamusangalatsa.
24 ২৪ দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
Chimene munthu woyipa amachiopa chidzamuchitikira; chimene munthu wolungama amachilakalaka adzachipeza.
25 ২৫ দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
Pamene namondwe wawomba, anthu oyipa amachotsedwa, koma anthu olungama amakhazikika mpaka muyaya.
26 ২৬ দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
Momwe amakhalira vinyo wosasa mʼkamwa ndi momwe umakhalira utsi mʼmaso, ndi momwenso amakhalira munthu waulesi kwa amene amutuma.
27 ২৭ যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
Kuopa Yehova kumatalikitsa moyo; koma zaka za anthu oyipa zidzafupikitsidwa.
28 ২৮ সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
Chiyembekezo cha olungama chimapatsa chimwemwe, koma chiyembekezo cha anthu ochimwa chidzafera mʼmazira.
29 ২৯ যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
Njira za Yehova ndi linga loteteza anthu ochita zabwino, koma wochita zoyipa adzawonongeka.
30 ৩০ যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
Munthu wolungama sadzachotsedwa, pamalo pake koma oyipa sadzakhazikika pa dziko.
31 ৩১ যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
Pakamwa pa munthu wolungama pamatulutsa za nzeru, koma lilime lokhota lidzadulidwa.
32 ৩২ যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।
Milomo ya anthu olungama imadziwa zoyenera kuyankhula, koma pakamwa pa anthu ochimwa pamatulutsa zokhota zokhazokha.

< প্রবচন 10 >