< ফিলিপীয়া 4 >

1 এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
Όθεν, αδελφοί μου αγαπητοί και επιπόθητοι, χαρά και στέφανός μου, ούτω στέκεσθε εν Κυρίω, αγαπητοί.
2 মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়।
Παρακαλώ την Ευωδίαν, παρακαλώ και την Συντύχην, να φρονώσι το αυτό εν Κυρίω·
3 প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷
και παρακαλώ και σε, σύντροφε γνήσιε, βοήθει αυτάς αίτινες συνηγωνίσθησαν μετ' εμού εις το ευαγγέλιον ομού και με τον Κλήμεντα και τους λοιπούς συνεργούς μου, των οποίων τα ονόματα είναι εν βιβλίω ζωής.
4 আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
Χαίρετε εν Κυρίω πάντοτε· πάλιν θέλω ειπεί, Χαίρετε.
5 আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ।
Η επιείκειά σας ας γείνη γνωστή εις πάντας τους ανθρώπους. Ο Κύριος είναι πλησίον.
6 আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
Μη μεριμνάτε περί μηδενός, αλλ' εν παντί πράγματι ας γνωρίζωνται τα ζητήματά σας προς τον Θεόν μετ' ευχαριστίας διά της προσευχής και της δεήσεως.
7 তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
Και η ειρήνη του Θεού η υπερέχουσα πάντα νούν θέλει διαφυλάξει τας καρδίας σας και τα διανοήματά σας διά του Ιησού Χριστού.
8 শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
Το λοιπόν, αδελφοί, όσα είναι αληθή, όσα σεμνά, όσα δίκαια, όσα καθαρά, όσα προσφιλή, όσα εύφημα, αν υπάρχη τις αρετή και εάν τις έπαινος, ταύτα συλλογίζεσθε·
9 আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
εκείνα τα οποία και εμάθετε και παρελάβετε και ηκούσατε και είδετε εν εμοί, ταύτα πράττετε και ο Θεός της ειρήνης θέλει είσθαι μεθ' υμών.
10 ১০ মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে আপোনালোকৰ চিন্তা শেষত পুনৰজীৱিত হ’ল৷ যদিও আপোনালোকে আগতে চিন্তা কৰিছিল, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল।
Εχάρην δε εν Κυρίω μεγάλως ότι τώρα τέλος πάντων εδείξατε αναθάλλουσαν την υπέρ εμού φροντίδα· περί του οποίου και εφροντίζετε, πλην δεν είχετε ευκαιρίαν.
11 ১১ নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ।
Ουχί ότι λέγω τούτο διότι υστερούμαι· επειδή εγώ έμαθον να ήμαι αυτάρκης εις όσα έχω.
12 ১২ মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ।
Εξεύρω να ταπεινόνωμαι, εξεύρω και να περισσεύωμαι· εν παντί τόπω και κατά πάντα είμαι δεδιδαγμένος και να χορτάζωμαι και να πεινώ, και να περισσεύωμαι και να υστερώμαι·
13 ১৩ মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
τα πάντα δύναμαι διά του ενδυναμούντός με Χριστού.
14 ১৪ তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে।
Πλην καλώς επράξατε γενόμενοι συγκοινωνοί εις την θλίψιν μου.
15 ১৫ হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল;
Εξεύρετε δε και σεις, Φιλιππήσιοι, ότι εν αρχή του ευαγγελίου, ότε εξήλθον από Μακεδονίας, ουδεμία εκκλησία συνεκοινώνησε μετ' εμού περί δόσεως και λήψεως, ειμή σεις μόνοι,
16 ১৬ এনে কি, মই থিচলনীকীত থাকোঁতেও, আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল।
διότι και εν Θεσσαλονίκη και άπαξ και δις μοι επέμψατε εις την χρείαν μου.
17 ১৭ মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
Ουχί ότι ζητώ το δώρον, αλλά ζητώ τον καρπόν τον πλεονάζοντα εις λογαρισμόν σας.
18 ১৮ সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷
Έχω όμως πάντα και περισσεύομαι· ενεπλήσθην δεχθείς παρά του Επαφροδίτου τα σταλέντα από σας, οσμήν ευωδίας, θυσίαν δεκτήν, ευάρεστον εις τον Θεόν.
19 ১৯ আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
Ο δε Θεός μου θέλει εκπληρώσει πάσαν χρείαν σας κατά τον πλούτον αυτού εν δόξη διά Ιησού Χριστού.
20 ২০ এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন। (aiōn g165)
Εις δε τον Θεόν και Πατέρα ημών έστω η δόξα εις τους αιώνας των αιώνων· αμήν. (aiōn g165)
21 ২১ খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। মোৰ লগৰ ভাই সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
Ασπάσθητε πάντα άγιον εν Χριστώ Ιησού. Σας ασπάζονται οι μετ' εμού αδελφοί.
22 ২২ সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
Σας ασπάζονται πάντες οι άγιοι, μάλιστα δε οι εκ της οικίας του Καίσαρος.
23 ২৩ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক।
Η χάρις του Κυρίου ημών Ιησού Χριστού είη μετά πάντων υμών· αμήν.

< ফিলিপীয়া 4 >