< ফিলিপীয়া 1 >
1 ১ খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে তেখেত সকলৰ সৈতে তেখেত সকলৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ।
ⲁ̅ⲡⲁⲩⲗⲟⲥ ⲛⲉⲙ ⲧⲓⲙⲟⲑⲉⲟⲥ ⲛⲓⲉⲃⲓⲁⲓⲕ ⳿ⲛⲧⲉ Ⲡⲭ̅ⲥ̅ Ⲓⲏ̅ⲥ̅ ⳿ⲛⲛⲓⲁⲅⲓⲟⲥ ⲛⲏⲉⲧϧⲉⲛ Ⲡⲭ̅ⲥ̅ Ⲓⲏ̅ⲥ̅ ⲛⲏⲉⲧϣⲟⲡ ϧⲉⲛ ⲫⲓⲗⲓⲡⲡⲟⲓⲥ ⲛⲉⲙ ⲛⲓⲉⲡⲓⲥⲕⲟⲡⲟⲥ ⲛⲉⲙ ⲛⲓⲇⲓ⳿ⲁⲕⲱⲛ.
2 ২ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
ⲃ̅⳿ⲡ⳿ϩⲙⲟⲧ ⲛⲱⲧⲉⲛ ⲛⲉⲙ ⳿ⲧϩⲓⲣⲏⲛⲏ ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⲫϯ ⲡⲉⲛⲓⲱⲧ ⲛⲉⲙ ⲡⲉⲛ⳪ Ⲓⲏ̅ⲥ̅ Ⲡⲭ̅ⲥ̅.
3 ৩ মই আপোনালোকৰ প্রতিটো ভাৱেৰে মোৰ ঈশ্ৱৰৰ ধন্যবাদ কৰোঁ৷
ⲅ̅ϯϣⲉⲡ⳿ϩⲙⲟⲧ ⳿ⲛⲧⲉⲛ ⲡⲁⲛⲟⲩϯ ⳿ⲉ⳿ϩⲣⲏⲓ ⳿ⲉϫⲉⲛ ⲡⲉⲧⲉⲛⲙⲉⲩⲓ ⲧⲏⲣϥ.
4 ৪ প্ৰতিবাৰে মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ, এয়া সদায় এটা আনন্দৰ নিবেদন হয়৷
ⲇ̅⳿ⲉϯⲣⲁ ⳿ⲙⲙⲟϥ ⳿ⲛⲥⲏⲟⲩ ⲛⲓⲃⲉⲛ ϧⲉⲛ ⲛⲁⲧⲱⲃϩ ⲧⲏⲣⲟⲩ ⳿ⲉ⳿ϩⲣⲏⲓ ⳿ⲉϫⲉⲛ ⲑⲏⲛⲟⲩ ⲧⲏⲣⲟⲩ ϧⲉⲛ ⲟⲩⲣⲁϣⲓ ⲉⲓ⳿⳿ⲓⲣⲓ ⳿ⲙⲡⲓⲧⲱⲃϩ.
5 ৫ প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷
ⲉ̅⳿ⲉ⳿ϩⲣⲏⲓ ⳿ⲉϫⲉⲛ ⲧⲉⲧⲉⲛⲙⲉⲧ⳿ϣⲫⲏⲣ ⲉⲧⲁⲥϣⲱⲡⲓ ⳿ⲙⲡⲓⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ ⲓⲥϫⲉⲛ ⲡⲓ⳿ⲉϩⲟⲟⲩ ⳿ⲛϩⲟⲩⲓⲧ ϣⲁ ⳿ⲉϧⲟⲩⲛ ⳿ⲉϯⲛⲟⲩ.
6 ৬ যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
ⲋ̅ⲉⲣⲉ ⲡⲁϩⲏⲧ ⲑⲏⲧ ⳿ⲉϫⲉⲛ ⲫⲁⲓ ϫⲉ ⲫⲏⲉⲧⲁϥⲉⲣϩⲏⲧⲥ ϧⲉⲛ ⲑⲏⲛⲟⲩ ⳿ϥⲛⲁϫⲉⲕ ⲟⲩϩⲱⲃ ⳿ⲉⲛⲁⲛⲉϥ ⳿ⲉⲃⲟⲗ ϣⲁ ⲡⲓ⳿ⲉϩⲟⲟⲩ ⳿ⲛⲧⲉ Ⲓⲏ̅ⲥ̅ Ⲡⲭ̅ⲥ̅.
7 ৭ আপোনালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ আপোনালোক মোৰ হৃদয়ত আছে৷ কিয়নো মই বন্দী অৱস্হাত থাকোতে আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাত যি অনুগ্ৰহ পালোঁ, তাৰে আপোনালোকো সহভাগী হৈছে।
ⲍ̅ⲕⲁⲧⲁ⳿ⲫⲣⲏϯ ⲉⲧⲉ ⲟⲩϩⲱⲃ ⳿ⲙⲙⲏⲓ ⲛⲏⲓ ⲡⲉ ⲫⲁⲓ ⲉⲩⲙⲉⲩⲓ ⳿ⲉⲣⲟϥ ⳿ⲉϫⲉⲛ ⲑⲏⲛⲟⲩ ⲧⲏⲣⲟⲩ ⲉⲑⲃⲉ ϫⲉ ⲧⲉⲧⲉⲛⲭⲏ ⳿ⲛ⳿ϧⲣⲏⲓ ϧⲉⲛ ⲡⲁϩⲏⲧ ⲛⲉⲙ ϧⲉⲛ ⲛⲁ⳿ⲥⲛⲁⲩϩ ⲛⲉⲙ ⳿ⲛ⳿ϧⲣⲏⲓ ϧⲉⲛ ⲧⲁⲁⲡⲟⲗⲟⲅⲓⲁ ⲛⲉⲙ ⳿ⲡⲧⲁϫⲣⲟ ⳿ⲛⲧⲉ ⲡⲓⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ ⲉⲣⲉⲧⲉⲛⲟⲓ ⳿ⲛ⳿ϣⲫⲏⲣ ⳿ⲉⲡⲓ⳿ϩⲙⲟⲧ ⲧⲏⲣⲟⲩ ⲛⲉⲙⲏⲓ.
8 ৮ কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই আপোনালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।
ⲏ̅ⲡⲁⲙⲉⲑⲣⲉ ⲅⲁⲣ ⲡⲉ ⲫϯ ⳿ⲙ⳿ⲫⲣⲏϯ ⳿ⲉ ϯⲙⲉⲓ ⳿ⲙⲙⲱⲧⲉⲛ ⲧⲏⲣⲟⲩ ϧⲉⲛ ⲛⲓⲙⲉⲧϣⲁⲛ⳿ⲑⲙⲁϧⲧ ⳿ⲛⲧⲉ Ⲓⲏ̅ⲥ̅ Ⲡⲭ̅ⲥ̅.
9 ৯ আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷
ⲑ̅ⲟⲩⲟϩ ⲫⲁⲓ ⲡⲉϯⲧⲱⲃϩ ⲉⲑⲃⲏⲧϥ ϩⲓⲛⲁ ⲧⲉⲧⲉⲛⲁⲅⲁⲡⲏ ⲉⲧⲓ ⲙⲁⲗⲗⲟⲛ ⲕⲉⲙⲁⲗⲗⲟⲛ ⳿ⲛⲧⲉⲥⲉⲣϩⲟⲩ⳿ⲟ ϧⲉⲛ ⳿ⲡ⳿ⲉⲙⲓ ⲛⲉⲙ ⲉⲥⲑⲉⲥⲓⲥ ⲛⲓⲃⲉⲛ.
10 ১০ মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক৷
ⲓ̅ⲉⲑⲣⲉⲧⲉⲛⲉⲣⲇⲟⲕⲓⲙⲁⲍⲓⲛ ⳿ⲛⲛⲏⲉⲧⲉⲣⲛⲟϥⲣⲓ ϩⲓⲛⲁ ⳿ⲛⲧⲉⲧⲉⲛϣⲱⲡⲓ ⲉⲣⲉⲧⲉⲛⲧⲟⲩⲃⲏⲟⲩⲧ ⲟⲩⲟϩ ⲉⲣⲉⲧⲉⲛⲟⲓ ⳿ⲛⲁⲧϭⲣⲟⲡ ⳿ⲉ⳿ⲡ⳿ⲉϩⲟⲟⲩ ⳿ⲙⲠⲭ̅ⲥ̅.
11 ১১ নিবেদন কৰোঁ, আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে, যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়।
ⲓ̅ⲁ̅ⲟⲩⲟϩ ⲉⲣⲉⲧⲉⲛⲙⲉϩ ⳿ⲛⲟⲩⲧⲁϩ ⳿ⲛⲧⲉ ϯⲙⲉⲑⲙⲏⲓ ⲡⲓ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ Ⲓⲏ̅ⲥ̅ Ⲡⲭ̅ⲥ̅ ⲉⲩⲱⲟⲩ ⲛⲉⲙ ⲟⲩⲧⲁⲓⲟ ⳿ⲙⲫϯ.
12 ১২ এতিয়া হে ভাই সকল, আপোনালোকে এই কথা জানি লোৱাতো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল।
ⲓ̅ⲃ̅ϯⲟⲩⲱϣ ⲇⲉ ⲉⲑⲣⲉⲧⲉⲛ⳿ⲉⲙⲓ ⲛⲁ⳿ⲥⲛⲏⲟⲩ ϫⲉ ⲛⲏⲉⲧϣⲟⲡ ⳿ⲙⲙⲟⲓ ⲁⲩ⳿ⲓ ⲙⲁⲗⲗⲟⲛ ⲉⲩ⳿ⲡⲣⲟⲕⲟⲡⲏ ⳿ⲛⲧⲉ ⲡⲓⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ.
13 ১৩ কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷
ⲓ̅ⲅ̅ϩⲱⲥⲧⲉ ⲛⲁ⳿ⲥⲛⲁⲩϩ ⳿ⲛⲧⲟⲩϣⲱⲡⲓ ⲉⲩⲟⲩⲟⲛϩ ⳿ⲉⲃⲟⲗ ϧⲉⲛ ⲡⲓ⳿ⲡⲣⲉⲧⲱⲣⲓⲟⲛ ⲧⲏⲣϥ ⲛⲉⲙ ⲟⲩⲟⲛ ⲛⲓⲃⲉⲛ ⲉⲧⲥⲱϫⲡ.
14 ১৪ আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে।
ⲓ̅ⲇ̅ⲟⲩⲟϩ ⳿ⲡϩⲟⲩ⳿ⲟ ⳿ⲛⲛⲓ⳿ⲥⲛⲏⲟⲩ ⲉⲧϧⲉⲛ Ⲡ⳪ ⳿ⲛⲥⲉⲭⲁ ⳿ϩⲑⲏⲟⲩ ⳿ⲉⲛⲁ⳿ⲥⲛⲁⲩϩ ⳿ⲛϩⲟⲩⲟ ⲙⲁⲗⲗⲟⲛ ⳿ⲛⲥⲉⲉⲣⲧⲟⲗⲙⲁⲛ ⳿ⲉⲥⲁϫⲓ ⳿ⲙⲡⲓⲥⲁϫⲓ ⳿ⲛⲧⲉ ⲫϯ ⳿ⲛⲁⲧⲉⲣϩⲟϯ.
15 ১৫ কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সদ্ভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে৷
ⲓ̅ⲉ̅ⲟⲩⲟϩ ϩⲁⲛⲟⲩⲟⲛ ⲙⲉⲛ ⲉⲑⲃⲉ ⲟⲩ⳿ⲫⲑⲟⲛⲟⲥ ⲛⲉⲙ ⲟⲩ⳿ϣϭⲛⲏⲛ ϩⲁⲛⲟⲩⲟⲛ ⲇⲉ ⲛⲉⲙ ⲉⲑⲃⲉ ⲟⲩϯⲙⲁϯ ⲥⲉϩⲓⲱⲓϣ ⳿ⲙⲠⲭ̅ⲥ̅.
16 ১৬ এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে, ইয়াৰ চিন স্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ।
ⲓ̅ⲋ̅ⲛⲁⲓ ⲙⲉⲛ ϧⲉⲛ ⲟⲩⲁⲅⲁⲡⲏ ⲉⲩ⳿ⲉⲙⲓ ϫⲉ ⲉⲓⲭⲏ ⲉⲩⲁⲡⲟⲗⲟⲅⲓⲁ ⳿ⲛⲧⲉ ⲡⲓⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ.
17 ১৭ কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে।
ⲓ̅ⲍ̅ⲛⲁⲓ ⲇⲉ ϧⲉⲛ ⲟⲩ⳿ϣϭⲛⲏⲛ ⲥⲉϩⲓⲱⲓϣ ⳿ⲙⲠⲭ̅ⲥ̅ ϧⲉⲛ ⲟⲩⲧⲟⲩⲃⲟ ⲁⲛ ⲉⲩⲙⲉⲩⲓ ⳿ⲉⲧⲟⲩⲛⲟⲥ ⲟⲩϩⲟϫϩⲉϫ ⳿ⲛⲛⲁ⳿ⲥⲛⲁⲩϩ.
18 ১৮ তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম।
ⲓ̅ⲏ̅ⲁϧⲟϥ ϫⲉ ⳿ⲡⲗⲏⲛ ϧⲉⲛ ⳿ⲥⲙⲟⲧ ⲛⲓⲃⲉⲛ ⲓⲧⲉ ϧⲉⲛ ⲟⲩⲗⲱⲓϫⲓ ⲓⲧⲉ ϧⲉⲛ ⲟⲩⲙⲉⲑⲙⲏⲓ Ⲡⲭ̅ⲥ̅ ⲥⲉϩⲓⲱⲓϣ ⳿ⲙⲙⲟϥ ϧⲉⲛ ⲫⲁⲓ ϯⲣⲁϣⲓ ⲁⲗⲗⲁ ⲟⲩⲟϩ ⲉⲓ⳿ⲉⲣⲁϣⲓ ⲟⲛ.
19 ১৯ কিয়নো মই জানো যে, আপোনালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্রাণৰ অৰ্থে, সেয়ে মোলৈ ঘটিব৷
ⲓ̅ⲑ̅ϯ⳿ⲉⲙⲓ ⲅⲁⲣ ϫⲉ ⲫⲁⲓ ⲛⲁϣⲱⲡⲓ ⲛⲏⲓ ⲉⲩⲟⲩϫⲁⲓ ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⲡⲉⲧⲉⲛⲧⲱⲃϩ ⲛⲉⲙ ⳿ⲡⲥⲁϩⲛⲓ ⳿ⲛⲧⲉ ⲡⲓⲡ͞ⲛⲁ̅ ⳿ⲛⲧⲉ Ⲓⲏ̅ⲥ̅ Ⲡⲭ̅ⲥ̅.
20 ২০ এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব।
ⲕ̅ⲕⲁⲧⲁ ⲡⲁϫⲓⲛϫⲟⲩϣⲧ ⲛⲉⲙ ⲧⲁϩⲉⲗⲡⲓⲥ ϫⲉ ϯⲛⲁϣⲓⲡⲓ ⲁⲛ ϧⲉⲛ ⳿ϩⲗⲓ ⲁⲗⲗⲁ ϧⲉⲛ ⲟⲩⲡⲁⲣⲣⲏⲥⲓⲁ ⲛⲓⲃⲉⲛ ⳿ⲙ⳿ⲫⲣⲏϯ ⳿ⲛⲥⲏⲟⲩ ⲛⲓⲃⲉⲛ ⲛⲉⲙ ϯⲛⲟⲩ ⲉϥ⳿ⲉⲁⲓⲁⲓ ⳿ⲛϫⲉ Ⲡⲭ̅ⲥ̅ ϧⲉⲛ ⲡⲁⲥⲱⲙⲁ ⲓⲧⲉ ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⳿ⲡⲱⲛϧ ⲓⲧⲉ ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⳿ⲫⲙⲟⲩ.
21 ২১ কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।
ⲕ̅ⲁ̅⳿ⲁⲛⲟⲕ ⲅⲁⲣ ⲡⲁⲱⲛϧ ⲡⲉ Ⲡⲭ̅ⲥ̅ ⲟⲩⲟϩ ⳿ⲡⲙⲟⲩ ⲟⲩϩⲏⲟⲩ ⲛⲏⲓ ⲡⲉ.
22 ২২ কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেনেহলে কোনটো মনোনীত কৰিম, সেই বিষয়ে মই নাজানো৷
ⲕ̅ⲃ̅ⲓⲥϫⲉ ⲡⲓⲱⲛϧ ϧⲉⲛ ⳿ⲧⲥⲁⲣⲝ ⲫⲁⲓ ⲟⲩⲟⲩⲧⲁϩ ⳿ⲛϩⲱⲃ ⲛⲏⲓ ⲡⲉ ⲟⲩⲟϩ ⲟⲩ ⲡⲉϯⲛⲁⲥⲟⲧⲡϥ ⳿ⲛϯ⳿ⲉⲙⲓ ⲁⲛ.
23 ২৩ কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!
ⲕ̅ⲅ̅ⲥⲉ⳿ⲁⲙⲟⲛⲓ ⳿ⲛϫⲉ ⲡⲓ⳿ⲥⲛⲟⲩϯ ⲉⲧⲉⲡⲓⲑⲩⲙⲓⲁ ⲉⲥⲉ⳿ⲛⲧⲟⲧ ⳿ⲉⲃⲱⲗ ⳿ⲉⲃⲟⲗ ⳿ⲛⲧⲁϣⲱⲡⲓ ⲛⲉⲙ Ⲡⲭ̅ⲥ̅ ⳿ⲛϩⲟⲩ⳿ⲟ ⲅⲁⲣ ⲙⲁⲗⲗⲟⲛ ⳿ϥⲥⲟⲧⲡ.
24 ২৪ কিন্তু এতিয়া আপোনালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে।
ⲕ̅ⲇ̅ⲡⲓϣⲱⲡⲓ ⲇⲉ ϧⲉⲛ ⳿ⲧⲥⲁⲣⲝ ⲟⲩⲁⲛⲁⲅⲕⲉⲟⲛ ⳿ⲛϩⲟⲩ⳿ⲟ ⲡⲉ ⲉⲑⲃⲉ ⲑⲏⲛⲟⲩ.
25 ২৫ আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি থাকিম বুলি জানিছোঁ; হয়, আৰু বিশ্বাসত আপোনালোকৰ বৃদ্ধি আৰু আনন্দ হ’বৰ বাবে আপোনালোক সকলোৰে লগত থাকিবলৈ পাম৷
ⲕ̅ⲉ̅ⲟⲩⲟϩ ⲫⲁⲓ ⲉⲣⲉ ⲡⲁϩⲏⲧ ⲑⲏⲧ ϯ⳿ⲉⲙⲓ ϫⲉ ϯⲛⲁⲟϩⲓ ⲟⲩⲟϩ ϯⲛⲁϣⲱⲡⲓ ⲛⲱⲧⲉⲛ ⲧⲏⲣⲟⲩ ⲉⲧⲉⲧⲉⲛ⳿ⲡⲣⲟⲕⲟⲡⲏ ⲛⲉⲙ ⳿ⲫⲣⲁϣⲓ ⳿ⲛⲧⲉ ⲡⲓⲛⲁϩϯ.
26 ২৬ মোৰ বাবে আপোনালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীচুত উপচি পৰা উচিত, যিহেতু মই আপোনালোকৰ সৈতে পুনৰাই উপস্থিত আছোঁ৷
ⲕ̅ⲋ̅ϩⲓⲛⲁ ⲡⲉⲧⲉⲛϣⲟⲩϣⲟⲩ ⳿ⲛⲧⲉϥⲉⲣϩⲟⲩ⳿ⲟ ϧⲉⲛ Ⲡⲭ̅ⲥ̅ ⳿ⲛ⳿ϧⲣⲏⲓ ⳿ⲛϧⲏⲧ ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⲡⲁϫⲓⲛ⳿ⲓ ϩⲁⲣⲱⲧⲉⲛ ⲟⲛ ⳿ⲛⲕⲉⲥⲟⲡ.
27 ২৭ মই যদি আপোনালোকক চাবলৈ যাওঁ, নাইবা অনুপস্থিতো থাকো, তথাপি আপোনালোকে যে এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, সেই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক, এয়ে মাত্ৰ মোৰ নিবেদন।
ⲕ̅ⲍ̅ⲙⲟⲛⲟⲛ ⲁⲣⲓⲡⲟⲗⲓⲧⲉⲩⲉⲥⲑⲉ ϧⲉⲛ ⳿ⲡⲉⲙ⳿ⲡϣⲁ ⳿ⲙⲡⲓⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ ⳿ⲛⲧⲉ Ⲡⲭ̅ⲥ̅ ϩⲓⲛⲁ ⲁⲓϣⲁⲛ⳿ⲓ ⲟⲩⲟϩ ⳿ⲛⲧⲁⲛⲁⲩ ⳿ⲉⲣⲱⲧⲉⲛ ⲓⲧⲉ ⳿ⲛϯ ϧⲁⲧⲉⲛ ⲑⲏⲛⲟⲩ ⲁⲛ ⳿ⲛⲧⲁⲥⲱⲧⲉⲙ ⲉⲑⲃⲉ ⲑⲏⲛⲟⲩ ϫⲉ ⲧⲉⲧⲉⲛⲟϩⲓ ⳿ⲉⲣⲁⲧⲉⲛ ⲑⲏⲛⲟⲩ ϧⲉⲛ ⲟⲩⲡ͞ⲛⲁ̅ ⳿ⲛⲟⲩⲱⲧ ⲟⲩⲯⲩⲭⲏ ⳿ⲛⲟⲩⲱⲧ ⲉⲣⲉⲧⲉⲛⲟⲓ ⳿ⲛ⳿ϣⲫⲏⲣ ⳿ⲛϧⲓⲥⲓ ϧⲉⲛ ⲡⲓⲛⲁϩϯ ⳿ⲛⲧⲉ ⲡⲓⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ.
28 ২৮ আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্রাণৰ প্ৰমাণ হয়।
ⲕ̅ⲏ̅ⲟⲩⲟϩ ⳿ⲛⲧⲉⲧⲉⲛⲛⲟϣⲡ ⲁⲛ ϧⲉⲛ ⳿ϩⲗⲓ ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⲛⲏ ⳿ⲉϯⲟⲩⲃⲉ ⲑⲏⲛⲟⲩ ⲛⲁⲓ ⲉⲧⲉ ⲡⲟⲩⲟⲩⲱⲛϩ ⳿ⲉⲃⲟⲗ ⲟⲩⲧⲁⲕⲟ ⲛⲱⲟⲩ ⲡⲉ ⲛⲱⲧⲉⲛ ⲇⲉ ⲟⲩⲟⲩϫⲁⲓ ⲡⲉ ⲟⲩⲟϩ ⲫⲁⲓ ⲟⲩ⳿ⲉⲃⲟⲗ ϩⲓⲧⲉⲛ ⲫϯ ⲡⲉ.
29 ২৯ কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো, আপোনালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল,
ⲕ̅ⲑ̅ϫⲉ ⲁⲩⲧⲏⲓϥ ⲛⲱⲧⲉⲛ ⳿ⲛ⳿ϩⲙⲟⲧ ⳿ⲉ⳿ϩⲣⲏⲓ ⳿ⲉϫⲉⲛ Ⲡⲭ̅ⲥ̅ ⲟⲩ ⲙⲟⲛⲟⲛ ⳿ⲉⲛⲁϩϯ ⳿ⲉⲣⲟϥ ⲁⲗⲗⲁ ⳿ⲉϣⲉⲡ⳿ⲙⲕⲁϩ ⲟⲛ ⳿ⲉ⳿ϩⲣⲏⲓ ⳿ⲉϫⲱϥ.
30 ৩০ যিহেতু আপোনালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলে, আৰু এতিয়াও কৰি থকা শুনিছে, সেইদৰে আপোনালোকেও যুদ্ধ কৰক৷
ⲗ̅⳿ⲉⲡⲁⲓⲁⲅⲱⲛ ⳿ⲛⲟⲩⲱⲧ ⳿ⲛⲧⲉⲛ ⲑⲏⲛⲟⲩ ⳿ⲙ⳿ⲫⲣⲏϯ ⲉⲧⲁⲣⲉⲧⲉⲛⲛⲁⲩ ⳿ⲉⲣⲟϥ ⳿ⲛ⳿ϧⲣⲏⲓ ⳿ⲛϧⲏⲧ ⲛⲉⲙ ϯⲛⲟⲩ ⲟⲛ ⲧⲉⲧⲉⲛⲥⲱⲧⲉⲙ ⳿ⲉⲣⲟϥ ⳿ⲛϧⲏⲧ