< ফিলীমন 1 >
1 ১ আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;
ख्रीष्टस्य यीशो र्बन्दिदासः पौलस्तीथियनामा भ्राता च प्रियं सहकारिणं फिलीमोनं
2 ২ আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি,
प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समितिञ्च प्रति पत्रं लिखतः।
3 ৩ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্রহ আৰু শান্তি কামনা কৰিলোঁ।
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रहञ्च क्रियास्तां।
4 ৪ মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ,
प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं
5 ৫ প্রভু যীচুৰ প্রতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্র লোকৰ প্রতি থকা তোমাৰ প্রেমৰ কথা শুনিবলৈ পালোঁ।
प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।
6 ৬ তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।
7 ৭ হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল।
हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।
8 ৮ গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,
त्वया यत् कर्त्तव्यं तत् त्वाम् आज्ञापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध
9 ৯ তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।
10 ১০ মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ;
अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।
11 ১১ তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবেও উপকাৰী হ’ল।
स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।
12 ১২ যি জন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকেই মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ।
तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।
13 ১৩ শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷
सुसंवादस्य कृते शृङ्खलबद्धोऽहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।
14 ১৪ কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক।
किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।
15 ১৫ সম্ভৱত: তেওঁক চিৰকাল পাবৰ বাবে, তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল। (aiōnios )
को जानाति क्षणकालार्थं त्वत्तस्तस्य विच्छेदोऽभवद् एतस्यायम् अभिप्रायो यत् त्वम् अनन्तकालार्थं तं लप्स्यसे (aiōnios )
16 ১৬ এজন দাসৰ দৰে নহয় কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে; মাংস আৰু প্রভু উভয়তে তোমালৈ অধিক প্রিয়।
पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।
17 ১৭ যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেনেহলে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা।
अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।
18 ১৮ আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধৰুৱা হৈছে, তেনেহলে তাক মোৰ বুলিয়েই গণনা কৰিবা।
तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।
19 ১৯ মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ।
अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
20 ২০ হয় ভাই, প্রভুত মোক আনন্দিত হবলৈ দিয়া আৰু খ্রীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা।
भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।
21 ২১ তোমাৰ আনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলোঁ, তুমি মই কোৱাতকৈও অধিক কৰিবা বুলি জানিছোঁ।
तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि।
22 ২২ কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ।
तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।
23 ২৩ খ্ৰীষ্ট যীচুৰ সম্বন্ধে মোৰ লগৰ বন্দীয়াৰ ইপাফ্ৰাই তোমাক মঙ্গলবাদ কৰিছে;
ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा
24 ২৪ আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।
मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।
25 ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। आमेन्।