< ওবাদিয়া 1 >

1 ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।”
חֲזוֹן עֹֽבַדְיָה כֹּֽה־אָמַר אֲדֹנָי יֱהֹוִה לֶאֱדוֹם שְׁמוּעָה שָׁמַעְנוּ מֵאֵת יְהֹוָה וְצִיר בַּגּוֹיִם שֻׁלָּח קוּמוּ וְנָקוּמָה עָלֶיהָ לַמִּלְחָמָֽה׃
2 চোৱা, মই তোমাক দেশীবাসীৰ মাজত সৰু কৰিম; আৰু তোমাক অতিশয় হেয়জ্ঞান কৰা হ’ব।
הִנֵּה קָטֹן נְתַתִּיךָ בַּגּוֹיִם בָּזוּי אַתָּה מְאֹֽד׃
3 উচ্চস্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁক প্ৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, “কোনে মোক মাটিলৈ নমাব?”
זְדוֹן לִבְּךָ הִשִּׁיאֶךָ שֹׁכְנִי בְחַגְוֵי־סֶלַע מְרוֹם שִׁבְתּוֹ אֹמֵר בְּלִבּוֹ מִי יוֹרִדֵנִי אָֽרֶץ׃
4 যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম।
אִם־תַּגְבִּיהַּ כַּנֶּשֶׁר וְאִם־בֵּין כּֽוֹכָבִים שִׂים קִנֶּךָ מִשָּׁם אוֹרִֽידְךָ נְאֻם־יְהֹוָֽה׃
5 তোমাৰ ওচৰলৈ যদি ৰাতি চোৰ বা ডকাইত আহে, তেনেহ’লে (তোমাক কিদৰে উচ্ছন্ন কৰা হৈছে!) তেওঁলোকে কেৱল নিজৰ বাবে যথেষ্ট পৰিমাণে চুৰ কৰিব নে? যদি তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চাপোৱাসকল আহে তেনেহ’লে তেওঁলোকে সংগ্রহ কৰা দ্ৰাক্ষাগুটিৰ অৱশিষ্ট নাৰাখিব নে?
אִם־גַּנָּבִים בָּאֽוּ־לְךָ אִם־שׁוֹדְדֵי לַיְלָה אֵיךְ נִדְמֵיתָה הֲלוֹא יִגְנְבוּ דַּיָּם אִם־בֹּֽצְרִים בָּאוּ לָךְ הֲלוֹא יַשְׁאִירוּ עֹלֵלֽוֹת׃
6 এচৌৰ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল, আৰু তেওঁৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল!
אֵיךְ נֶחְפְּשׂוּ עֵשָׂו נִבְעוּ מַצְפֻּנָֽיו׃
7 তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্রভাৱশীল হ’ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান্দ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই।
עַֽד־הַגְּבוּל שִׁלְּחוּךָ כֹּל אַנְשֵׁי בְרִיתֶךָ הִשִּׁיאוּךָ יָכְלוּ לְךָ אַנְשֵׁי שְׁלֹמֶךָ לַחְמְךָ יָשִׂימוּ מָזוֹר תַּחְתֶּיךָ אֵין תְּבוּנָה בּֽוֹ׃
8 যিহোৱাই কৈছে, সেই দিনা মই ইদোমৰ জ্ঞানী লোকসকলক ধ্বংস নকৰিম নে, আৰু এচৌৰ পৰ্ব্বতৰ পৰা বিবেচনা দূৰ নকৰিম নে?
הֲלוֹא בַּיּוֹם הַהוּא נְאֻם־יְהֹוָה וְהַאֲבַדְתִּי חֲכָמִים מֵֽאֱדוֹם וּתְבוּנָה מֵהַר עֵשָֽׂו׃
9 হে তৈমন, তোমাৰ লোকসকল আতঙ্কিত হ’ব, সেয়ে সকলো লোকক এচৌৰ পৰ্ব্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ’ব।
וְחַתּוּ גִבּוֹרֶיךָ תֵּימָן לְמַעַן יִכָּֽרֶת־אִישׁ מֵהַר עֵשָׂו מִקָּֽטֶל׃
10 ১০ তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
מֵחֲמַס אָחִיךָ יַעֲקֹב תְּכַסְּךָ בוּשָׁה וְנִכְרַתָּ לְעוֹלָֽם׃
11 ১১ সেই দিনা তুমি আঁতৰি থাকিবা, আৰু অচিনাকী লোকে তেওঁৰ ধন-সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁৰ দুৱাৰত প্রবেশ কৰি, যিৰূচালেমৰ বাবে চিঠি খেলাব, আৰু তেওঁলোকৰ দৰে তুমিও এজন হ’বা।
בְּיוֹם עֲמׇֽדְךָ מִנֶּגֶד בְּיוֹם שְׁבוֹת זָרִים חֵילוֹ וְנׇכְרִים בָּאוּ שְׁעָרָו וְעַל־יְרוּשָׁלַ͏ִם יַדּוּ גוֹרָל גַּם־אַתָּה כְּאַחַד מֵהֶֽם׃
12 ১২ কিন্তু তোমাৰ ভায়েৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। যিহূদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা; আৰু তেওঁলোকৰ যন্ত্রনাৰ দিনত গৰ্ব্ব নকৰিবা।
וְאַל־תֵּרֶא בְיוֹם־אָחִיךָ בְּיוֹם נׇכְרוֹ וְאַל־תִּשְׂמַח לִבְנֵֽי־יְהוּדָה בְּיוֹם אׇבְדָם וְאַל־תַּגְדֵּל פִּיךָ בְּיוֹם צָרָֽה׃
13 ১৩ তুমি মোৰ লোকসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ নগৰৰ দুৱাৰত নোসোমাবা; এনে কি, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ক্লেশত উল্লাসিত নহ’বা। তেওঁলোকৰ ধ্বংসৰ সময়ত তেওঁলোকৰ ধন-সম্পত্তি লুট নকৰিবা।
אַל־תָּבוֹא בְשַֽׁעַר־עַמִּי בְּיוֹם אֵידָם אַל־תֵּרֶא גַם־אַתָּה בְּרָעָתוֹ בְּיוֹם אֵידוֹ וְאַל־תִּשְׁלַחְנָה בְחֵילוֹ בְּיוֹם אֵידֽוֹ׃
14 ১৪ তুমি পলাতক লোকসকলক উচ্ছন্ন কৰিবলৈ চাৰিআলিত থিয় নহবা, আৰু যন্ত্রণাৰ সময়ত তেওঁৰ অৱশিষ্ট লোকসকলক শোধাই নিদিবা।
וְאַֽל־תַּעֲמֹד עַל־הַפֶּרֶק לְהַכְרִית אֶת־פְּלִיטָיו וְאַל־תַּסְגֵּר שְׂרִידָיו בְּיוֹם צָרָֽה׃
15 ১৫ যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ’ব, আৰু তুমি কৰা কাৰ্যৰ প্রতিফল তোমাৰ মূৰত পৰিব।
כִּֽי־קָרוֹב יוֹם־יְהֹוָה עַל־כׇּל־הַגּוֹיִם כַּאֲשֶׁר עָשִׂיתָ יֵעָשֶׂה לָּךְ גְּמֻלְךָ יָשׁוּב בְּרֹאשֶֽׁךָ׃
16 ১৬ কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰাম পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।
כִּי כַּֽאֲשֶׁר שְׁתִיתֶם עַל־הַר קׇדְשִׁי יִשְׁתּוּ כׇֽל־הַגּוֹיִם תָּמִיד וְשָׁתוּ וְלָעוּ וְהָיוּ כְּלוֹא הָיֽוּ׃
17 ১৭ কিন্তু ৰক্ষা পোৱাসকল চিয়োন পৰ্ব্বতত থকিব, আৰু সেয়ে পবিত্ৰ হ’ব; আৰু যাকোবৰ বংশই তেওঁলোকৰ নিজৰ সম্পত্তি অধিকাৰ কৰিব।
וּבְהַר צִיּוֹן תִּהְיֶה פְלֵיטָה וְהָיָה קֹדֶשׁ וְיָֽרְשׁוּ בֵּית יַֽעֲקֹב אֵת מוֹרָֽשֵׁיהֶֽם׃
18 ১৮ যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।
וְהָיָה בֵית־יַעֲקֹב אֵשׁ וּבֵית יוֹסֵף לֶהָבָה וּבֵית עֵשָׂו לְקַשׁ וְדָלְקוּ בָהֶם וַאֲכָלוּם וְלֹֽא־יִֽהְיֶה שָׂרִיד לְבֵית עֵשָׂו כִּי יְהֹוָה דִּבֵּֽר׃
19 ১৯ আৰু দক্ষিণ অঞ্চলত লোকসকলে এচৌৰ পৰ্ব্বত অধিকাৰ কৰিব, আৰু নিম্নভূমিৰ লোকসকলে পলেষ্টীয়াসকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব; আৰু বিন্যামীনীয়া লোকসকলে গিলিয়দ অধিকাৰ কৰিব।
וְיָרְשׁוּ הַנֶּגֶב אֶת־הַר עֵשָׂו וְהַשְּׁפֵלָה אֶת־פְּלִשְׁתִּים וְיָרְשׁוּ אֶת־שְׂדֵה אֶפְרַיִם וְאֵת שְׂדֵה שֹׁמְרוֹן וּבִנְיָמִן אֶת־הַגִּלְעָֽד׃
20 ২০ ইস্ৰায়েলী লোকসকলৰ বন্দীত্বত থকা সৈন্য সমূহে কনানীয়াৰ পৰা চাৰিফতলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিৰূচালেমৰ বন্দী লোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব।
וְגָלֻת הַֽחֵל־הַזֶּה לִבְנֵי יִשְׂרָאֵל אֲשֶֽׁר־כְּנַעֲנִים עַד־צָרְפַת וְגָלֻת יְרוּשָׁלַ͏ִם אֲשֶׁר בִּסְפָרַד יִֽרְשׁוּ אֵת עָרֵי הַנֶּֽגֶב׃
21 ২১ এচৌৰ পৰ্ব্বতৰ বিচাৰ কৰিবলৈ উদ্ধাৰকৰ্ত্তাসকলে চিয়োন পৰ্ব্বতত উঠিব; আৰু ৰাজ্য যিহোৱাৰ হ’ব।
וְעָלוּ מֽוֹשִׁעִים בְּהַר צִיּוֹן לִשְׁפֹּט אֶת־הַר עֵשָׂו וְהָיְתָה לַֽיהֹוָה הַמְּלוּכָֽה׃

< ওবাদিয়া 1 >