< ওবাদিয়া 1 >
1 ১ ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।”
Zvakaratidzwa Obhadhia. Zvanzi naIshe Jehovha pamusoro peEdhomu: Takanzwa shoko rakabva kuna Jehovha richiti: Nhume yakatumwa kundudzi kuti indotaura ichiti, “Simukai, tiende tindorwa hondo naye.”
2 ২ চোৱা, মই তোমাক দেশীবাসীৰ মাজত সৰু কৰিম; আৰু তোমাক অতিশয় হেয়জ্ঞান কৰা হ’ব।
“Tarirai, ndichakudukupisai pakati pendudzi; muchamhurwa zvachose.
3 ৩ উচ্চস্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁক প্ৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, “কোনে মোক মাটিলৈ নমাব?”
Kuzvikudza kwemwoyo yenyu kwakakunyengerai, iyemi mugere mumikaha yamatombo muchiita kwakakwirira misha yenyu, imi munoti mumwoyo yenyu, ‘Ndianiko angandiburutsira pasi?’
4 ৪ যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম।
Kunyange mukabhururuka segondo mukaruka dendere renyu pakati penyeredzi, kubva ipapo ndichakukandai pasi,” ndizvo zvinotaura Jehovha.
5 ৫ তোমাৰ ওচৰলৈ যদি ৰাতি চোৰ বা ডকাইত আহে, তেনেহ’লে (তোমাক কিদৰে উচ্ছন্ন কৰা হৈছে!) তেওঁলোকে কেৱল নিজৰ বাবে যথেষ্ট পৰিমাণে চুৰ কৰিব নে? যদি তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চাপোৱাসকল আহে তেনেহ’লে তেওঁলোকে সংগ্রহ কৰা দ্ৰাক্ষাগুটিৰ অৱশিষ্ট নাৰাখিব নে?
“Kana mbavha dzikauya kwamuri, kana makororo usiku, haiwa, muchaparadzwa zvakadiniko? Havazoba kusvikira pavanoda here? Dai vatanhi vamazambiringa vaiuya kwamuri, ko, havaizosiya mazambiringa mashoma here?
6 ৬ এচৌৰ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল, আৰু তেওঁৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল!
Asi Esau achasiyiwa seiko asina chinhu, pfuma yake yakavigwa ichatorwa!
7 ৭ তোমাৰ সৈতে সমন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে, আৰু তোমাৰ বিৰুদ্ধে অধিক প্রভাৱশীল হ’ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান্দ পাতে। ইদোমৰ একো বিবেচনা শক্তি নাই।
Vose vaiva nesungano newe vachakumanikidza kusvikira kumuganhu; shamwari dzako dzichakunyengera dzigokukunda; vanodya zvokudya zvako vachakuisira musungo, asi haungazvizivi.
8 ৮ যিহোৱাই কৈছে, সেই দিনা মই ইদোমৰ জ্ঞানী লোকসকলক ধ্বংস নকৰিম নে, আৰু এচৌৰ পৰ্ব্বতৰ পৰা বিবেচনা দূৰ নকৰিম নে?
“Pazuva iro,” ndizvo zvinotaura Jehovha, “handingazoparadzi vachenjeri veEdhomu, varume vazere nokunzwisisa pakati pamakomo eEdhomu here?
9 ৯ হে তৈমন, তোমাৰ লোকসকল আতঙ্কিত হ’ব, সেয়ে সকলো লোকক এচৌৰ পৰ্ব্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ’ব।
Mhare dzako, iwe Temani, dzichavhunduka, uye vose vari mumakomo aEsau vachaparara pakuurayiwa ikoko.
10 ১০ তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
Nokuda kwokuti wakarwisa mununʼuna wako Jakobho, uchafukidzwa nenyadzi; uchaparadzwa nokusingaperi.
11 ১১ সেই দিনা তুমি আঁতৰি থাকিবা, আৰু অচিনাকী লোকে তেওঁৰ ধন-সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁৰ দুৱাৰত প্রবেশ কৰি, যিৰূচালেমৰ বাবে চিঠি খেলাব, আৰু তেওঁলোকৰ দৰে তুমিও এজন হ’বা।
Zuva iro rawakamira kure, vatorwa pavakatakura pfuma yake vakaenda nayo, uye vabvakure vakapinda mumasuo ake, vakakanda mijenya pamusoro peJerusarema, iwe wakaita somumwe wavo.
12 ১২ কিন্তু তোমাৰ ভায়েৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। যিহূদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা; আৰু তেওঁলোকৰ যন্ত্রনাৰ দিনত গৰ্ব্ব নকৰিবা।
Haufaniri kutarisira mununʼuna wako pasi, pazuva rokushayiwa kwake, kana kufara pamusoro pavanhu veJudha, pazuva rokuparadzwa kwavo, kana kuzvikudza zvakanyanya pazuva rokutambudzika kwavo.
13 ১৩ তুমি মোৰ লোকসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ নগৰৰ দুৱাৰত নোসোমাবা; এনে কি, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ক্লেশত উল্লাসিত নহ’বা। তেওঁলোকৰ ধ্বংসৰ সময়ত তেওঁলোকৰ ধন-সম্পত্তি লুট নকৰিবা।
Hamufaniri kufamba napamasuo avanhu vangu, pazuva renjodzi yavo, kana kuvatarisira pasi vava munjodzi, pazuva renjodzi yavo, kana kuvatorera pfuma yavo pazuva renhamo yavo.
14 ১৪ তুমি পলাতক লোকসকলক উচ্ছন্ন কৰিবলৈ চাৰিআলিত থিয় নহবা, আৰু যন্ত্রণাৰ সময়ত তেওঁৰ অৱশিষ্ট লোকসকলক শোধাই নিদিবা।
Hamufaniri kumira pamharadzano dzenzira, kuti muuraye vanotiza vavo, kana kuisa vakasara vavo kuvavengi vavo, pazuva rokutambudzika kwavo.
15 ১৫ যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ’ব, আৰু তুমি কৰা কাৰ্যৰ প্রতিফল তোমাৰ মূৰত পৰিব।
“Zuva raJehovha rava pedyo kundudzi dzose. Sezvamakaita, ndizvo zvichaitwawo kwamuri; mabasa enyu achadzokera pamisoro yenyu chaiyo.
16 ১৬ কাৰণ মোৰ পবিত্ৰ পৰ্ব্বতত তোমালোকে পান কৰাৰ দৰে, সকলো দেশবাসী সকলে অবিৰাম পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব, আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব।
Sezvamakanwa pagomo rangu dzvene, saizvozvowo ndudzi dzose dzicharamba dzichingonwa; dzichanwa nokunwa dzikaita sedzisina kumbovapo.
17 ১৭ কিন্তু ৰক্ষা পোৱাসকল চিয়োন পৰ্ব্বতত থকিব, আৰু সেয়ে পবিত্ৰ হ’ব; আৰু যাকোবৰ বংশই তেওঁলোকৰ নিজৰ সম্পত্তি অধিকাৰ কৰিব।
Asi paGomo reZioni pachava nokununurwa; richava dzvene, uye imba yaJakobho ichadzoserwa nhaka yayo.
18 ১৮ যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।
Imba yaJakobho ichava moto, uye imba yaJosefa murazvo womoto; imba yaEsau ichava mashanga, uye vachaipisa nomoto vagoipedza. Hakuzovi navanopona muimba yaEsau.” Jehovha ataura izvozvo.
19 ১৯ আৰু দক্ষিণ অঞ্চলত লোকসকলে এচৌৰ পৰ্ব্বত অধিকাৰ কৰিব, আৰু নিম্নভূমিৰ লোকসকলে পলেষ্টীয়াসকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব; আৰু বিন্যামীনীয়া লোকসকলে গিলিয়দ অধিকাৰ কৰিব।
Vanhu vanobva kuNegevhi vachagara mumakomo aEsau, uye vanhu vanobva mujinga mezvikomo vachatora nyika yavaFiristia kuti ive yavo. Vachatora minda yaEfuremu pamwe chete neSamaria, kuti zvive zvavo, uye Bhenjamini achatora Gireadhi kuti ive yake.
20 ২০ ইস্ৰায়েলী লোকসকলৰ বন্দীত্বত থকা সৈন্য সমূহে কনানীয়াৰ পৰা চাৰিফতলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিৰূচালেমৰ বন্দী লোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব।
Ungano iyi yavaIsraeri vakadzingwa vagere muKenani ichatora nyika kusvikira kuZarefati; vakadzingwa kubva muJerusarema vagere muSefaradhi vachatora maguta eNegevhi.
21 ২১ এচৌৰ পৰ্ব্বতৰ বিচাৰ কৰিবলৈ উদ্ধাৰকৰ্ত্তাসকলে চিয়োন পৰ্ব্বতত উঠিব; আৰু ৰাজ্য যিহোৱাৰ হ’ব।
Vaponesi vachakwira pamusoro peGomo reZioni, kuti vandotonga makomo aEsau. Uye ushe huchava hwaJehovha.