< গণনা পুস্তক 1 >

1 পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক ক’লে,
Olúwa bá Mose sọ̀rọ̀ ní aginjù Sinai nínú àgọ́ àjọ ní ọjọ́ kìn-ín-ní oṣù kejì ní ọdún kejì tí àwọn ọmọ Israẹli jáde kúrò ní ilẹ̀ Ejibiti, ó wí pé,
2 “তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশৰ নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ প্ৰত্যেক জনৰ নাম অনুসাৰে গণনা কৰা।
“Ka gbogbo àgbájọ ènìyàn Israẹli nípa ẹbí wọn, àti nípa ìdílé baba wọn, to orúkọ wọn olúkúlùkù ọkùnrin ní ọ̀kọ̀ọ̀kan.
3 বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।
Ìwọ àti Aaroni ni kí ẹ kà gbogbo ọmọkùnrin Israẹli gẹ́gẹ́ bí ìpín wọn láti ọmọ ogún ọdún sókè, àwọn tí ó tó lọ sójú ogun.
4 প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব।
Kí ẹ mú ọkùnrin kọ̀ọ̀kan láti inú olúkúlùkù ẹ̀yà kí ó sì wá pẹ̀lú yín, kí olúkúlùkù jẹ́ olórí ilé àwọn baba rẹ̀.
5 যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।
“Orúkọ àwọn ọkùnrin tí yóò ràn ọ́ lọ́wọ́ nìyí: “Láti ọ̀dọ̀ Reubeni, Elisuri ọmọ Ṣedeuri.
6 চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল।
Láti ọ̀dọ̀ Simeoni, Ṣelumieli ọmọ Suriṣaddai.
7 যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।
Láti ọ̀dọ̀ Juda, Nahiṣoni ọmọ Amminadabu.
8 ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।
Láti ọ̀dọ̀ Isakari, Netaneli ọmọ Suari.
9 জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।
Láti ọ̀dọ̀ Sebuluni, Eliabu ọmọ Heloni.
10 ১০ যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।
Láti ọ̀dọ̀ àwọn ọmọ Josẹfu: láti ọ̀dọ̀ Efraimu, Eliṣama ọmọ Ammihudu. Láti ọ̀dọ̀ Manase, Gamalieli ọmọ Pedasuri.
11 ১১ বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।
Láti ọ̀dọ̀ Benjamini, Abidani ọmọ Gideoni.
12 ১২ দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।
Láti ọ̀dọ̀ Dani, Ahieseri ọmọ Ammiṣaddai.
13 ১৩ আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।
Láti ọ̀dọ̀ Aṣeri, Pagieli ọmọ Okanri.
14 ১৪ গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।
Láti ọ̀dọ̀ Gadi, Eliasafu ọmọ Deueli.
15 ১৫ নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা।
Láti ọ̀dọ̀ Naftali, Ahira ọmọ Enani.”
16 ১৬ এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।
Àwọn wọ̀nyí ni wọ́n yàn nínú àwùjọ ènìyàn, olórí àwọn ẹ̀yà baba wọn. Àwọn ni olórí àwọn ẹbí Israẹli.
17 ১৭ তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে,
Mose àti Aaroni mú àwọn ènìyàn tí a dárúkọ wọ̀nyí
18 ১৮ আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে।
wọ́n sì pe gbogbo àwùjọ ènìyàn Israẹli jọ ní ọjọ́ kìn-ín-ní oṣù kejì. Àwọn ènìyàn sì dárúkọ baba ńlá wọn nípa ẹbí àti ìdílé wọn. Wọ́n sì ṣe àkọsílẹ̀ orúkọ àwọn ọmọkùnrin ní ọ̀kọ̀ọ̀kan láti ọmọ ogún ọdún sókè,
19 ১৯ এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে।
gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose. Bẹ́ẹ̀ náà ló ṣe kà wọ́n nínú aginjù Sinai.
20 ২০ ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Reubeni tí í ṣe àkọ́bí Israẹli, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn, lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
21 ২১ ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।
Àwọn tí a kà ní ẹ̀yà Reubeni jẹ́ ẹgbàá mẹ́tàlélógún ó lé ẹ̀ẹ́dẹ́gbẹ̀ta.
22 ২২ চিমিয়োনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া লোক।
Láti ìran Simeoni, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè, tí wọ́n lè lọ sójú ogun ni wọ́n kà, wọ́n sì to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
23 ২৩ চিমিয়োনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন আছিল।
Iye àwọn tí á kà nínú ẹ̀yà Simeoni jẹ́ ẹgbàá mọ́kàndínlọ́gbọ̀n ó lé ọ̀ọ́dúnrún.
24 ২৪ গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Gadi, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan, gẹ́gẹ́ bí ẹbí àti ìdílé wọn.
25 ২৫ গাদৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন আছিল।
Iye àwọn tí a kà nínú ẹ̀yà Gadi jẹ́ ẹgbàá méjìlélógún ó lé àádọ́talélẹ́gbẹ̀jọ.
26 ২৬ যিহূদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Juda, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè, tí wọ́n le lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
27 ২৭ যিহূদা ফৈদৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌসত্তৰ হাজাৰ ছশ জন আছিল।
Iye tí a kà nínú ẹ̀yà Juda jẹ́ ẹgbàá mẹ́tàdínlógójì ó lé ẹgbẹ̀ta.
28 ২৮ ইচাখৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Isakari, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè tí wọ́n le lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
29 ২৯ ইচাখৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌৱন্ন হাজাৰ চাৰিশ আছিল।
Iye tí a kà nínú ẹ̀yà Isakari jẹ́ ẹgbàá mẹ́tàdínlọ́gbọ̀n ó lé irinwó.
30 ৩০ জবূলূন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Sebuluni, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
31 ৩১ জবূলূন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা সাতাৱন হাজাৰ চাৰিশ আছিল।
Iye tí a kà nínú ẹ̀yà Sebuluni jẹ́ ẹgbàá méjìdínlọ́gbọ̀n ó lé egbèje.
32 ৩২ যোচেফৰ সন্তান ইফ্ৰয়িম গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti inú àwọn ọmọ Josẹfu. Láti ìran Efraimu, gbogbo ọmọkùnrin tí ọjọ́ orí wọ́n jẹ́ ogún ọdún sókè tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
33 ৩৩ ইফ্ৰয়িম ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ আছিল।
Iye tí a kà nínú ẹ̀yà Efraimu jẹ́ ọ̀kẹ́ méjì ó lé ẹ̀ẹ́dẹ́gbẹ̀ta.
34 ৩৪ মনচিৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Manase, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè, tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
35 ৩৫ মনচি ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বত্ৰিশ হাজাৰ দুশ আছিল।
Iye tí a kà nínú ẹ̀yà Manase jẹ́ ẹgbàá ẹẹ́rìndínlógún ó lé igba.
36 ৩৬ বিন্যামীন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Benjamini, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
37 ৩৭ বিন্যামীন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঁয়ত্ৰিশ হাজাৰ চাৰিশ আছিল।
Iye tí a kà nínú ẹ̀yà Benjamini jẹ́ ẹgbàá mẹ́tàdínlógún ó lé egbèje.
38 ৩৮ দান গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Dani, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ọmọ ogún ọdún sókè, tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
39 ৩৯ দান ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বাষষ্ঠি হাজাৰ সাত শ আছিল।
Iye tí a kà nínú ẹ̀yà Dani jẹ́ ẹgbàá mọ́kànlélọ́gbọ̀n ó lé ẹ̀ẹ́dẹ́gbẹ̀rin.
40 ৪০ আচেৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Aṣeri, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún sókè, tí wọ́n le lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
41 ৪১ আচেৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন।
Iye tí a kà nínú ẹ̀yà Aṣeri jẹ́ ọ̀kẹ́ méjì ó lé ẹ̀ẹ́dẹ́gbẹ̀jọ.
42 ৪২ নপ্তালী গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
Láti ìran Naftali, gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ogún ọdún ó lé, tí wọ́n lè lọ sójú ogun ni wọ́n to orúkọ wọn lẹ́yọ kọ̀ọ̀kan gẹ́gẹ́ bí àkọsílẹ̀ ẹbí àti ìdílé wọn.
43 ৪৩ নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা তেপন্ন হাজাৰ চাৰিশ আছিল।
Iye àwọn tí a kà nínú ẹ̀yà Naftali jẹ́ ẹgbàá mẹ́rìndínlọ́gbọ̀n ó lé egbèje.
44 ৪৪ মোচি আৰু হাৰোণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ গোষ্ঠী সমূহক নেতৃত্ব দিয়া, সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে।
Wọ̀nyí ni àwọn ènìyàn tí Mose àti Aaroni kà, pẹ̀lú ìrànlọ́wọ́ àwọn olórí méjìlá fún Israẹli, tí ẹnìkọ̀ọ̀kan ṣojú fún ìdílé rẹ̀.
45 ৪৫ এইদৰে যি সকলে যুদ্ধলৈ যাব পাৰে, এনে বিশ বছৰ বা তাতকৈ বয়সীয়া ইস্ৰায়েলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ’ল।
Gbogbo ọmọkùnrin Israẹli tó jẹ́ ọmọ ogún ọdún sókè, tó sì lè lọ sójú ogun ni wọ́n kà gẹ́gẹ́ bí ìdílé wọn.
46 ৪৬ গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল।
Àpapọ̀ iye wọn jẹ́ ọgbọ̀n ọ̀kẹ́ ó lé egbèjìdínlógún dín làádọ́ta.
47 ৪৭ কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল।
A kò ka àwọn ìdílé ẹ̀yà Lefi mọ́ àwọn ìyókù.
48 ৪৮ কিয়নো যিহোৱাই মোচিক কৈছিল,
Nítorí Olúwa ti sọ fún Mose pé,
49 ৪৯ ‘তুমি লেবী ফৈদক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’
“Ìwọ kò gbọdọ̀ ka ẹ̀yà Lefi, tàbí kí o kà wọ́n mọ́ àwọn ọmọ Israẹli.
50 ৫০ কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।
Dípò èyí yan àwọn ọmọ Lefi láti jẹ́ alábojútó àgọ́ ẹ̀rí, lórí gbogbo ohun èlò àti ohun gbogbo tó jẹ́ ti àgọ́ ẹ̀rí. Àwọn ni yóò máa gbé àgọ́ àti gbogbo ohun èlò rẹ̀, wọn ó máa mójútó o, kí wọn ó sì máa pàgọ́ yí i ká.
51 ৫১ আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
Ìgbàkígbà tí àgọ́ yóò bá tẹ̀síwájú, àwọn ọmọ Lefi ni yóò tú palẹ̀, nígbàkígbà tí a bá sì tún pa àgọ́, àwọn ọmọ Lefi náà ni yóò ṣe é. Àlejò tó bá súnmọ́ tòsí ibẹ̀, pípa ni kí ẹ pa á
52 ৫২ ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব।
kí àwọn ọmọ Israẹli pa àgọ́ wọn gẹ́gẹ́ bí ìpín wọn olúkúlùkù ní ibùdó tirẹ̀ lábẹ́ ọ̀págun tirẹ̀.
53 ৫৩ কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।”
Àwọn ọmọ Lefi yóò jẹ́ alábojútó àti olùtọ́jú àgọ́ ẹ̀rí náà, kí ìbínú má ba à sí lára ìjọ àwọn ọmọ Israẹli; kí àwọn ọmọ Lefi sì máa ṣe ìtọ́jú àgọ́ ẹ̀rí náà.”
54 ৫৪ ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।
Àwọn ọmọ Israẹli sì ṣe ohun gbogbo gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.

< গণনা পুস্তক 1 >