< গণনা পুস্তক 8 >
Le hoe ty nitsara’ Iehovà amy Mosè:
2 ২ “তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”
Saontsio amy Aharone vaho ano ty hoe: Ie hañajary o jiroo, le ampañazavao mb’aolo mb’eo i fitàn-jiroy i jiro fito rey.
3 ৩ তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে।
Le nanoe’ i Aharone izay; nalaha’e i jiro rey hañazava’e mañaolo i fitàn-jiroy amy nandilia’ Iehovà i Mosè.
4 ৪ সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।
Inao ty nanoeñe i fitàn-jiroy: volamena pinepeke i taho’ey pak’ amboñe’e eo; toe satam-pipepehañe, amy sare natoro’ Iehovà amy Mosèy, izay ty nanoe’e i fitàn-jiroy.
5 ৫ যিহোৱাই মোচিক পুনৰায় ক’লে,
Le hoe ty nitsara’ Iehovà amy Mosè:
6 ৬ “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা।
Aviho amo ana’ Israeleo o nte-Levio vaho efero.
7 ৭ তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।
Zao ty hañefera’o iareo: amitsezo am’ iereo ty ranon’ enga-kakeo, le ampiozàñem-piharatse ty fañòva’ iareo iaby, naho ampanasao sikiñe vaho ampiliovo.
8 ৮ তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।
Le ampangalao iareo ty bania rekets’ i enga-mahakama’ey, i mona linaro menakey, vaho ampangalao bania raike ho engan-kakeo.
9 ৯ তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
Le aseseo mb’ añatrefa’ i kibohom-pamantañañey mb’eo o nte-Levio vaho atontono ty valobohò’ Israele;
10 ১০ তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব।
Aa naho fa navori’o añatrefa’ Iehovà o nte-Levio le hanampe fitàñe amo nte-Levio o ana’ Israeleo;
11 ১১ ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
le hengae’ i Aharone ho engan-kelahela am’ Iehovà o nte-Levy boak’ amo ana’ Israeleoo hitoroñe Iehovà.
12 ১২ পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
Le hanampeza’ o nte-Levio fitàñe i bania rey, naho hengae’o ho engan-kakeo ty raike vaho ho soroñañe am’ Iehovà ty raike, hijebaña’o o nte-Levio.
13 ১৩ এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
Aa le ajohaño añatrefa’ i Aharone naho o ana’eo o nte-Levio vaho engao am’ Iehovà ho engan-kelahela.
14 ১৪ এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।
Izay ty hañambaha’o amo ana’ Israeleo o nte-Levio le ho ahiko o nte-Levio.
15 ১৫ তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।
Henane zay, himoake hitoroñe amy kibohom-pamantañañey o nte-Levio, ie fa neferañe naho nengaeñe ho engan-kelahela.
16 ১৬ তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।
Songa natolotse ahiko boak’ amo ana’ Israeleo; fa rinambeko ho amako ho solo’ ze hene manoka-koviñe; ze fonga tañoloñoloñan’ ana’ Israele.
17 ১৭ কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
Toe anjarako ze hene valohan’ ana’ o ana’ Israeleo, ondaty naho hare; tamy andro nipaohako ze fonga valohan’ ana’ i Mitsraimey ty nañambahako iareo ho ahy.
18 ১৮ এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।
Le rinambeko ho soloe’ o nte-Levio o tañoloñoloñan’ ana’ Israeleo;
19 ১৯ আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”
vaho natoloko amy Aharone naho amo ana’eo aivo o ana’ Israeleo ho ravoravo o nte-Levio, hitoloñe ami’ty fitoloña’ o ana’ Israeleo amy kibohom-pamantañañey, naho hanao fijebañañe ho amo ana’ Israeleo tsy mone hiboak’ amo ana’ Israeleo ty angorosy naho harinea’ o ana’ Israeleo i efe-miavakey.
20 ২০ মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
Izay ty nanoe’ i Mosè naho i Aharone vaho ty valobohò’ Israele amo nte-Levio; ze hene nandilia’ Iehovà i Mosè ty amo nte-Levio ty nanoe’ o ana’ Israeleo.
21 ২১ লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
Le nañalio vatañe o nte-Levio naho nanasa’ o siki’eo iareo, naho nengae’ i Aharone am’ Iehovà ho ravoravo miavake, vaho nanao fijebañañe hañaliova’e iareo.
22 ২২ তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।
Ie henane zay nimoak’ an-kibohom-pamantañañe ao o nte-Levio hitoloñe añatrefa’ i Aharone naho o ana’eo; i nandilia’ Iehovà amy Mosè ty amo nte-Levio ty nanoañe am’iareo.
23 ২৩ পাছত যিহোৱাই পুনৰায় মোচিক কলে,
Le hoe ty nitsara’ Iehovà amy Mosè:
24 ২৪ “লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব।
Inao ty amo nte-Levio: ie roapolo-taoñe lim’ amby mañambone ro hizilike hitoloñe an-kibohom-pamantañañe ao;
25 ২৫ আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।
ie limampolo taoñe ro hitroatse amo fitoroña’eo, le tsy hitoloñe ao ka.
26 ২৬ তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”
F’ie mete hañimba o rahalahi’eo an-kibohom-pamantañañe ao, hisary o tolon-draha’eo fe tsy hitromake. Izay ty hanoe’o amo nte-Levio amo fitoloña’eo.