< গণনা পুস্তক 6 >
2 ২ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,
“İsrail halkına de ki, ‘Eğer bir erkek ya da kadın RAB'be adanmış kişi olarak RAB'be özel bir adak adamak, kendini RAB'be adamak isterse,
3 ৩ তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে আতৰত ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব আৰু দ্ৰাক্ষাফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষাফলো নাখাব।
şaraptan ya da herhangi bir içkiden kaçınacak, şaraptan ya da başka içkilerden yapılmış sirke içmeyecek. Üzüm suyu da içmeyecek. Yaş ya da kuru üzüm yemeyecek.
4 ৪ তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব।
RAB'be adanmışlığı süresince çekirdekten kabuğuna dek asmanın ürününden hiçbir şey yemeyecek.
5 ৫ আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।
“‘RAB'be adanmışlığı süresince başına ustura değmeyecek. Kendini RAB'be adadığı günler tamamlanıncaya dek kutsal olacak, saçını uzatacak.
6 ৬ তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব।
Kendini RAB'be adadığı günler boyunca ölüye yaklaşmayacak.
7 ৭ তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব।
Annesi, babası, erkek ya da kız kardeşi ölse bile onlar için kendini kirletmeyecek. Çünkü kendini Tanrısı'na adama simgesi başı üzerindedir.
8 ৮ তেওঁ পৃথকে হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব।
Adanmışlığı süresince RAB için kutsal olacaktır.
9 ৯ আৰু যদি কোনো এজন মানুহৰ অকস্মাৎ তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁ তেওঁৰ নিজ পৃথকে থকাৰ চিন অশুচি কৰে। তেতিয়া তেওঁ শুচি হোৱা দিনা, নিজৰ মূৰ ক্ষুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি ক্ষুৰাব লাগিব।
“‘Eğer ansızın yanında biri ölür, adamış olduğu başını kirletirse, temizlendiği gün, yedinci gün saçını tıraş edecek.
10 ১০ অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব।
Sekizinci gün Buluşma Çadırı'nın giriş bölümünde kâhine iki kumru ya da iki güvercin sunacak.
11 ১১ তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলিস্বৰূপে, আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব।
Kâhin birini günah sunusu, öbürünü yakmalık sunu olarak sunacak. Böylece ölünün yanında bulunmakla kirlenen adam arınacak. O gün başını yeniden adayacak.
12 ১২ তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰ-ছাগ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।
Adanmışlığı süresince kendini RAB'be yeniden adayacak. Suç sunusu olarak bir yaşında bir erkek kuzu getirecek. Önceki günler sayılmayacak, çünkü adanmışlığı kirlenmiş sayıldı.
13 ১৩ নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে- তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ’ব।
“‘Adanmış kişi için yasa şudur: Kendini adamış olduğu günler tamamlanınca, Buluşma Çadırı'nın giriş bölümüne getirilecek.
14 ১৪ তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘূণ মতা মেৰ-ছাগ দান কৰিব লাগিব;
Orada RAB'be sunularını sunacak: Yakmalık sunu için bir yaşında kusursuz bir erkek kuzu, günah sunusu olarak bir yaşında kusursuz bir dişi kuzu, esenlik sunusu için kusursuz bir koç,
15 ১৫ আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।
tahıl sunusu ve dökmelik sunularla birlikte bir sepet mayasız ekmek, ince undan zeytinyağıyla yoğrulmuş pideler, üzerine yağ sürülmüş mayasız yufkalar.
16 ১৬ তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব।
“‘Kâhin bunları günah sunusu ve yakmalık sunu olarak RAB'bin önünde sunacak.
17 ১৭ খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।
Esenlik kurbanı olarak da koçu mayasız ekmek sepetiyle birlikte RAB'be sunacak. İlgili tahıl ve dökmelik sunuları da sunacak.
18 ১৮ পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি ক্ষুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব।
“‘Sonra adanmış kişi Buluşma Çadırı'nın giriş bölümünde adadığı saçını tıraş edecek, saçını alıp esenlik kurbanının altındaki ateşe koyacak.
19 ১৯ আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।
“‘Adanmış kişi adadığı saçını tıraş ettikten sonra, kâhin koçun haşlanmış budunu, sepetten alacağı mayasız pide ve mayasız yufkayla birlikte adanmış kişinin eline koyacak.
20 ২০ আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ’ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব।
Sonra sallamalık sunu olarak RAB'bin huzurunda bunları sallayacak. Bunlar sallanan döş ve bağış olarak sunulan butla birlikte kutsaldır, kâhin için ayrılacaktır. Bundan sonra adanmış kişi şarap içebilir.
21 ২১ নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে যিহোৱাক দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে, তাকো দিব পাৰে; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে’।”
“‘Adak adayan adanmış kişiyle ilgili yasa budur. RAB'be sunacağı sunu adağı uyarınca olacak. Elinden geldiğince daha fazlasını verebilir. Adanmışlıkla ilgili yasa uyarınca adadığı adağı yerine getirmelidir.’”
22 ২২ পাছত যিহোৱাই পুনৰায় মোচিক ক’লে, “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা,
RAB Musa'ya şöyle dedi:
23 ২৩ ‘তোমালোকে ইস্ৰায়েলৰ সন্তানসকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক’বা:
“Harun'la oğullarına de ki, ‘İsrail halkını şöyle kutsayacaksınız. Onlara diyeceksiniz ki,
24 ২৪ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।
RAB sizi kutsasın Ve korusun;
25 ২৫ যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক।
RAB aydın yüzünü size göstersin Ve size lütfetsin;
26 ২৬ যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’
RAB yüzünü size çevirsin Ve size esenlik versin.’
27 ২৭ এইদৰে তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তেতিয়া মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম।”
“Böylece kâhinler İsrail halkını adımı anarak kutsayacaklar. Ben de onları kutsayacağım.”