< গণনা পুস্তক 5 >
1 ১ তাৰ পাছত যিহোৱাই মোচিক কলে,
And Yahweh spake unto Moses, saying: —
2 ২ “তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
Command the sons of Israel, that they send forth out of the camp, every leper, and every one that hath a flux, —and every one that is unclean by the dead:
3 ৩ তোমালোকে পুৰুষহে হওঁক বা স্ত্ৰীয়ে হওঁক, দুয়োকো ছাউনিৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্রকাৰে ছাউনিবোৰ অশুচি নকৰে সেই বাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ।”
whether male or female, ye shall send them forth, unto the outside of the camp, shall ye send them, —that they make not their camps unclean, in the midst whereof, I, have my habitation.
4 ৪ তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে।
And the sons of Israel did so, and sent them forth unto the outside of the camp, —as Yahweh spake unto Moses, so, did the sons of Israel.
5 ৫ যিহোৱাই মোচিক পুনৰায় ক’লে,
And Yahweh spake unto Moses, saying:
6 ৬ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়।
Speak unto the sons of Israel: When any man or woman, shall do aught of any human sin, in acting unfaithfully against Yahweh, —and that person shall become aware of his guilt,
7 ৭ তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।
then shall they confess their sin which they have done, and he shall make good that wherein he is guilty, in the principal thereof, and the fifth part thereof, shall he add thereunto, —and give to him against whom he is guilty,
8 ৮ আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব।
But if one have no kinsman unto whom he may make good that wherein he is guilty, then that wherein he is guilty, which is to be restored to Yahweh, shall be the priest’s, —besides the ram of propitiation, wherewith a propitiatory-covering is to be put over him.
9 ৯ আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব।
And every heave-offering, of all the hallowed things of the sons of Israel which they bring near to the priest, unto him, shall it belong.
10 ১০ প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”
And, every man’s hallowed things, shall be, his own, —what any man giveth to the priest, shall be his.
11 ১১ যিহোৱাই মোচিক আকৌ কলে,
And Yahweh spake unto Moses saying:
12 ১২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;
Speak unto the sons of Israel, and thou shalt say unto them, —When any man’s wife, shall turn aside, and commit against him an act of unfaithfulness;
13 ১৩ অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই,
and a man shall lie with her carnally, and it shall be concealed from the eyes of her husband and be kept close but, she, hath committed uncleanness, —though witness, there is none against her, and she, hath not been caught;
14 ১৪ আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে।
but there shall pass over him a spirit of jealousy, and he shall become jealous of his wife, she having committed uncleanness, —or there shall pass over him a spirit of jealousy, and he shall become jealous of his wife, she not, having committed uncleanness,
15 ১৫ তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।
then shall the man bring in his wife unto the priest, and shall bring in her offering for her, the tenth of an ephah of the meal of barley, —he shall not pour thereon oil, nor put thereon frankincense, for a jealousy gift, it is, a reminding gift bringing to mind iniquity.
16 ১৬ তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব।
Then shall the priest bring her near, —and cause her to stand before Yahweh;
17 ১৭ আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।
and the priest shall take hallowed water in an earthen vessel, —and of the dust which shall be upon the floor of the habitation, shall the priest take, and put into the water;
18 ১৮ পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব।
and the priest shall cause the woman to stand before Yahweh, and shall bare the head of the woman, and shall place upon her hands the reminding gift, it being a jealousy gift, —and in the hand of the priest, shall be the deadly water that bringeth a curse;
19 ১৯ আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।
and the priest shall put her on oath and shall say unto the woman: —If no man hath lain with thee, and if thou hast not turned aside in uncleanness, [unto another] instead of thy husband, be thou clear from this deadly water that causeth a curse.
20 ২০ কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে,’
But, if, thou, hast turned aside, [to another] instead of thy husband and if thou hast made thyself unclean, —in that a man hath known thee carnally, other than thy husband,
21 ২১ এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব;
then shall the priest put the woman on oath with an oath of cursing, and the priest shall say unto the woman, Yahweh give thee up for a curse and for an oath in the midst of thy people, —in that Yahweh shall give up thy thigh to fall away, and thy womb to swell:
22 ২২ আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’
so shall this water that causeth a curse enter into thy body, causing womb to swell and thigh to fall away. And the woman shall say, Amen, Amen.
23 ২৩ পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব।
Then shall the priest write these curses in a scroll, —and wipe them out into the deadly water;
24 ২৪ তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব।
and shall cause the woman to drink the deadly water that causeth a curse, —and the deadly water that causeth a curse shall enter into her.
25 ২৫ পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব।
Then shall the priest take from the hand of the woman the jealousy meal-offering, —and shall wave the meal-offering before Yahweh, and bring it near unto the altar;
26 ২৬ আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।
and the priest shall take a handful from the meal-offering, a remembrancer thereof, and make a perfume at the altar, —and afterwards, shall cause the woman to drink the water.
27 ২৭ আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ’ব।
And as soon as he causeth her to drink, the water, then shall it be, that, if she have fallen into uncleanness and committed unfaithfulness against her husband, as soon as the deadly water that causeth a curse hath entered into her, so soon shall her womb swell and her thigh fall away, —thus shall the woman become a curse in the midst of her people.
28 ২৮ কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।
But, if the woman have not fallen into uncleanness, but is pure, then shall she be clear and shall bear seed.
29 ২৯ এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।
This, is the law of jealousies, —when a wife shall turn aside [to another] instead of her husband, and fall into uncleanness;
30 ৩০ যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।
or when there passeth over, a husband, a spirit of jealousy, and he becometh jealous of his wife, then shall he cause the woman to stand before Yahweh, and the priest shall execute upon her all this law:
31 ৩১ তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব’।”
thus shall the man be clear of iniquity; but that woman, shall bear her iniquity.