< গণনা পুস্তক 36 >
1 ১ পাছত যোচেফৰ সন্তান সকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,
त्यसपछि योसेफका सन्तानहरूका कुलका माकीरका (जो मनश्शेको छोरा थिए) छोरा गिलादको कुलका पुर्खाहरूका अगुवाहरू आए अनि
2 ২ তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তান সকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে।
मोशा र इस्राएलका मानिसहरूका पुर्खाहरूका परिवारहरूको प्रमुखहरूको सामु भने, “परमप्रभुले हाम्रा मालिक तपाईंलाई इस्राएलका मानिसहरूलाई चिट्ठाद्वारा भूमिको हिस्सा दिने आज्ञा दिनुभयो । हाम्रो भाइ सलोफादको हिस्सा तिनका छोरीहरूलाई दिन परमप्रभुले तपाईंलाई आज्ञा गर्नुभएको थियो ।
3 ৩ কিন্তু ইস্ৰায়েলৰ সন্তান সকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব।
तर यदि तिनका छोरीहरूले इस्राएलका मानिसहरूको अन्य कुलका पुरुषसँग विवाह गरे भने, भूमिको तिनीहरूको हिस्सा हाम्रा पुर्खाहरूको हिस्साबाट हट्ने छ । यो तिनीहरू सहभागी हुने कुलको हिस्सामा थपिने छ ।
4 ৪ আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”
यस अवस्थामा यो हाम्रो अंशको तोकिएको हिस्साबाट हट्ने छ । त्यस अवस्थामा इस्राएलका मानिसहरूको पुनर्स्थापनाको वर्ष आउँदा तिनीहरूको हिस्सा तिनीहरू जोडिने कुलमा नै गाभिने छ । यसरी तिनीहरूको हिस्सा हाम्रो पुर्खाको कुलको हिस्साबाट लगिने छ ।”
5 ৫ তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তান সকলৰ ফৈদে ঠিক কৈছে।
त्यसैले मोशाले परमप्रभुको वचनमा इस्राएलका मानिसहरूलाई आज्ञा दिए, “योसेफका सन्तानहरूका कुलले भनेको कुरा सही हो ।
6 ৬ যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’
सलोफादका छोरीको बारेमा परमप्रभुले यो आज्ञा दिनुहुन्छ, 'तिनीहरू आफूलाई उत्तम लाग्ने मानिससँग विवाह गरून्, तर तिनीहरूले आफ्ना पिताको परिवारभित्र मात्र विवाह गर्नुपर्छ ।'
7 ৭ এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব।
इस्राएलका मानिसहरूको कुनै पनि अंश एउटा कुलबाट अर्कोमा बद्ली गर्नुहुँदैन । इस्राएलका मानिसहरूको हरेक कुलले आ-आफ्नो पुर्खाको कुलको अंशलाई निरन्तरता दिनुपर्छ ।
8 ৮ আৰু ইস্ৰায়েলৰ সন্তান সকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।
आफ्नो कुलमा अंश पाउने हेरक महिलाले आफ्नै पिताको कुलको परिवारभित्र मात्र विवाह गर्नुपर्छ, ताकि इस्राएलका मानिस हरेकले आ-आफ्नो पुर्खाहरूबाटको अंश पाओस् ।
9 ৯ তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”
कुनै पनि हिस्सा एउटा कुलबाट अर्कोमा बद्ली गर्नुहुँदैन । इस्राएलका मानिसको कुलको हरेकले आ-आफ्नो अंश सुरक्षित राख्नुपर्छ ।”
10 ১০ চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
त्यसैले सलोफादका छोरीहरूले परमप्रभुले आज्ञा गर्नुभएबमोजिम गरे ।
11 ১১ কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল।
सलोफादका छोरी महला, तिर्सा, होग्ला, मिल्का र नोआहले मनश्शेका सन्तानहरूसँग विवाह गरे ।
12 ১২ যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।
तिनीहरूले योसेफका छोरा मनश्शेका सन्तानहरूका कुलहरूमा विवाह गरे । यसरी तिनीहरूको हिस्सा तिनीहरूको पिताको कुलभित्र नै रह्यो ।
13 ১৩ যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।
परमप्रभुले मोशाद्वारा यरीहोमा यर्दन नजिक मोआबको मैदानमा इस्राएलका मानिसहरूलाई दिनुभएका आज्ञाहरू र नियमहरू यिनै हुन् ।