< গণনা পুস্তক 35 >

1 পাছত যিহোৱাই মোৱাবৰ সমথলত যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোচিক ক’লে,
haec quoque locutus est Dominus ad Mosen in campestribus Moab super Iordanem contra Hiericho
2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।
praecipe filiis Israhel ut dent Levitis de possessionibus suis
3 তেতিয়া, তেওঁলোকে নিবাস কৰিবৰ কাৰণে সেই সকলো নগৰ হ’ব আৰু সেই নগৰৰ চৰণী ঠাই তেওঁলোকৰ গৰু, মেৰ, মেৰ-ছাগ আদি পশু চৰাবৰ বাবে হ’ব।
urbes ad habitandum et suburbana earum per circuitum ut ipsi in oppidis maneant et suburbana sint pecoribus ac iumentis
4 আৰু তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, তাৰ চৰণী ঠাই নগৰৰ চাৰিওফালে গড়ৰ বাহিৰে এক হাজাৰ হাতলৈকে হ’ব।
quae a muris civitatum forinsecus per circuitum mille passuum spatio tendentur
5 আৰু তোমালোকে নগৰৰ বাহিৰে, পূৱদিশে দুই হাজাৰ হাত আৰু দক্ষিণ দিশে দুই হাজাৰ হাত, পশ্চিম দিশে দুই হাজাৰ হাত আৰু উত্তৰ দিশে দুই হাজাৰ হাত জুখি দিবা; তাৰ মাজ ঠাইত নগৰ থাকিব; এয়ে তেওঁলোকৰ নগৰৰ চৰণী ঠাই হ’ব।
contra orientem duo milia erunt cubiti et contra meridiem similiter duo milia ad mare quoque quod respicit occidentem eadem mensura erit et septentrionalis plaga aequali termino finietur eruntque urbes in medio et foris suburbana
6 তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, সেইবোৰ নগৰৰ মাজত, মানুহ বধী পলাবৰ কাৰণে ছখন আশ্ৰয় নগৰ হ’ব লাগিব; আৰু তাৰ বাহিৰেও বিয়াল্লিশখন নগৰ তোমালোকে তেওঁলোকক দিবা।
de ipsis autem oppidis quae Levitis dabitis sex erunt in fugitivorum auxilia separata ut fugiat ad ea qui fuderit sanguinem exceptis his alia quadraginta duo oppida
7 তোমালোকে সৰ্ব্বমুঠ আঠচল্লিশখন নগৰ আৰু তাৰ চৰণী ঠায়ে সৈতে দিবা।
id est simul quadraginta octo cum suburbanis suis
8 আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰ নগৰৰ বিষয়ে হ’লে, তোমালোকে অধিকাৰ কৰা অধিক, কমৰ পৰা কম ল’বা; এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে, নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবীয়াসকলক দিবা।”
ipsaeque urbes quae dabuntur de possessionibus filiorum Israhel ab his qui plus habent plures auferentur et qui minus pauciores singuli iuxta mensuram hereditatis suae dabunt oppida Levitis
9 পাছত যিহোৱাই মোচিক ক’লে,
ait Dominus ad Mosen
10 ১০ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰ হৈ কনান দেশত সোমাবা,
loquere filiis Israhel et dices ad eos quando transgressi fueritis Iordanem in terram Chanaan
11 ১১ তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণ হানি কৰা কোনো নৰ-বধী পলাই যাবলৈ, তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয়-নগৰ নিৰূপণ কৰিবা।
decernite quae urbes esse debeant in praesidia fugitivorum qui nolentes sanguinem fuderint
12 ১২ আৰু মানুহ বধীটো বিচাৰৰ অৰ্থে সমাজৰ আগলৈ নৌ আহোঁতেই যেন নমৰে, এই কাৰণে সেই নগৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা তোমালোক ৰক্ষা পোৱা আশ্ৰয়স্থান হ’ব।
in quibus cum fuerit profugus cognatus occisi eum non poterit occidere donec stet in conspectu multitudinis et causa illius iudicetur
13 ১৩ আৰু যি যি নগৰ তোমালোকে দিবা, সেইবোৰৰ মাজৰ তোমালোকৰ ছখন আশ্ৰয়-নগৰ হ’ব।
de ipsis autem urbibus quae ad fugitivorum subsidia separantur
14 ১৪ তোমালোকে তাৰ মাজৰ তিনিখন নগৰ যৰ্দ্দনৰ পূৱ পাৰত আৰু আন তিনিখন কনান দেশত দিবা। সেইবোৰ আশ্ৰয়-নগৰ হ’ব।
tres erunt trans Iordanem et tres in terra Chanaan
15 ১৫ যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়স্থান হ’ব।
tam filiis Israhel quam advenis atque peregrinis ut confugiat ad eas qui nolens sanguinem fuderit
16 ১৬ কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহবধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব।
si quis ferro percusserit et mortuus fuerit qui percussus est reus erit homicidii et ipse morietur
17 ১৭ নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
si lapidem iecerit et ictus occubuerit similiter punietur
18 ১৮ নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
si ligno percussus interierit percussoris sanguine vindicabitur
19 ১৯ ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।
propinquus occisi homicidam interficiet statim ut adprehenderit eum percutiet
20 ২০ আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে, বা খাপ দি থাকি তাৰ ওপৰলৈ কিবা বস্তু দলি মাৰে আৰু সি যদি তাতে মৰে,
si per odium quis hominem inpulerit vel iecerit quippiam in eum per insidias
21 ২১ নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰসাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।
aut cum esset inimicus manu percusserit et ille mortuus fuerit percussor homicidii reus erit cognatus occisi statim ut invenerit eum iugulabit
22 ২২ কিন্তু যদি শত্ৰুভাব নকৰাকৈ অকস্মাতে তাক আঘাত কৰে, বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে,
quod si fortuito et absque odio
23 ২৩ বা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে শিল তাৰ ওপৰত তাক নেদেখাকৈ পেলায় আৰু তাতে সি মৰে, তথাপি সি তাৰ শত্ৰু বা অনিষ্টকাৰী নহ’ব।
et inimicitiis quicquam horum fecerit
24 ২৪ তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব।
et hoc audiente populo fuerit conprobatum atque inter percussorem et propinquum sanguinis quaestio ventilata
25 ২৫ আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব।
liberabitur innocens de ultoris manu et reducetur per sententiam in urbem ad quam confugerat manebitque ibi donec sacerdos magnus qui oleo sancto unctus est moriatur
26 ২৬ কিন্তু এই মানুহ বধী যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয়,
si interfector extra fines urbium quae exulibus deputatae sunt
27 ২৭ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে, তেন্তে সি ৰক্তপাতৰ দোষী নহ’ব।
fuerit inventus et percussus ab eo qui ultor est sanguinis absque noxa erit qui eum occiderit
28 ২৮ কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।
debuerat enim profugus usque ad mortem pontificis in urbe residere postquam autem ille obierit homicida revertetur in terram suam
29 ২৯ আৰু তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে নিবাস কৰা সকলো ঠাইতে এয়ে তোমালোকৰ বিচাৰৰ বিধি হ’ব।
haec sempiterna erunt et legitima in cunctis habitationibus vestris
30 ৩০ যি মানুহে কোনো লোকক বধ কৰে, সেই মানুহ বধীক সাক্ষীৰ মুখেই বধ কৰা হ’ব; কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ’ব।
homicida sub testibus punietur ad unius testimonium nullus condemnabitur
31 ৩১ আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
non accipietis pretium ab eo qui reus est sanguinis statim et ipse morietur
32 ৩২ আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ’ল, সেই মানুহ পুৰোহিত নৌ মৰোঁতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়শ্চিত্ত নল’বা।
exules et profugi ante mortem pontificis nullo modo in urbes suas reverti poterunt
33 ৩৩ এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।
ne polluatis terram habitationis vestrae quae insontium cruore maculatur nec aliter expiari potest nisi per eius sanguinem qui alterius sanguinem fuderit
34 ৩৪ এই হেতুকে, তোমালোকে নিবাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ, সেই দেশ তোমালোকে অশুচি নকৰিবা; কিয়নো মই যিহোৱাই ইস্ৰায়েলৰ মাজত বাস কৰোঁ’।”
atque ita emundabitur vestra possessio me commorante vobiscum ego enim sum Dominus qui habito inter filios Israhel

< গণনা পুস্তক 35 >