< গণনা পুস্তক 34 >

1 পাছত যিহোৱাই মোচিক ক’লে,
וידבר יהוה אל משה לאמר׃
2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা, তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ,
צו את בני ישראל ואמרת אלהם כי אתם באים אל הארץ כנען זאת הארץ אשר תפל לכם בנחלה ארץ כנען לגבלתיה׃
3 তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব।
והיה לכם פאת נגב ממדבר צן על ידי אדום והיה לכם גבול נגב מקצה ים המלח קדמה׃
4 আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অচমোনলৈকে যাব।
ונסב לכם הגבול מנגב למעלה עקרבים ועבר צנה והיה תוצאתיו מנגב לקדש ברנע ויצא חצר אדר ועבר עצמנה׃
5 পাছত এই সীমা অচমোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰত এই সীমা শেষ হ’ব।
ונסב הגבול מעצמון נחלה מצרים והיו תוצאתיו הימה׃
6 আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।
וגבול ים והיה לכם הים הגדול וגבול זה יהיה לכם גבול ים׃
7 আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা।
וזה יהיה לכם גבול צפון מן הים הגדל תתאו לכם הר ההר׃
8 পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।
מהר ההר תתאו לבא חמת והיו תוצאת הגבל צדדה׃
9 আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।
ויצא הגבל זפרנה והיו תוצאתיו חצר עינן זה יהיה לכם גבול צפון׃
10 ১০ আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা।
והתאויתם לכם לגבול קדמה מחצר עינן שפמה׃
11 ১১ পাছত সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব।
וירד הגבל משפם הרבלה מקדם לעין וירד הגבול ומחה על כתף ים כנרת קדמה׃
12 ১২ পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”
וירד הגבול הירדנה והיו תוצאתיו ים המלח זאת תהיה לכם הארץ לגבלתיה סביב׃
13 ১৩ পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।
ויצו משה את בני ישראל לאמר זאת הארץ אשר תתנחלו אתה בגורל אשר צוה יהוה לתת לתשעת המטות וחצי המטה׃
14 ১৪ কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তান সকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তান সকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
כי לקחו מטה בני הראובני לבית אבתם ומטה בני הגדי לבית אבתם וחצי מטה מנשה לקחו נחלתם׃
15 ১৫ যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।”
שני המטות וחצי המטה לקחו נחלתם מעבר לירדן ירחו קדמה מזרחה׃
16 ১৬ পাছত যিহোৱাই মোচিক ক’লে,
וידבר יהוה אל משה לאמר׃
17 ১৭ যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা।
אלה שמות האנשים אשר ינחלו לכם את הארץ אלעזר הכהן ויהושע בן נון׃
18 ১৮ আৰু উত্তৰাধিকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা।
ונשיא אחד נשיא אחד ממטה תקחו לנחל את הארץ׃
19 ১৯ সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।
ואלה שמות האנשים למטה יהודה כלב בן יפנה׃
20 ২০ আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।
ולמטה בני שמעון שמואל בן עמיהוד׃
21 ২১ আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।
למטה בנימן אלידד בן כסלון׃
22 ২২ আৰু দানৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।
ולמטה בני דן נשיא בקי בן יגלי׃
23 ২৩ আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।
לבני יוסף למטה בני מנשה נשיא חניאל בן אפד׃
24 ২৪ আৰু ইফ্ৰয়িমৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।
ולמטה בני אפרים נשיא קמואל בן שפטן׃
25 ২৫ আৰু জবূলূনৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।
ולמטה בני זבולן נשיא אליצפן בן פרנך׃
26 ২৬ আৰু ইচাখৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।
ולמטה בני יששכר נשיא פלטיאל בן עזן׃
27 ২৭ আৰু আচেৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।
ולמטה בני אשר נשיא אחיהוד בן שלמי׃
28 ২৮ আৰু নপ্তালীৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।
ולמטה בני נפתלי נשיא פדהאל בן עמיהוד׃
29 ২৯ কনান দেশত ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।
אלה אשר צוה יהוה לנחל את בני ישראל בארץ כנען׃

< গণনা পুস্তক 34 >