< গণনা পুস্তক 33 >
1 ১ ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
Sadarkaaleen adeemsa saba Israaʼel kan yeroo isaan kutaa kutaadhaan qajeelfama Museetii fi Aroon jalatti biyya Gibxii baʼanii kana.
2 ২ মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
Museen ajaja Waaqayyootiin sadarkaalee adeemsa isaanii galmeesse. Adeemsi isaaniis sadarkaa sadarkaadhaan kunoo ti:
3 ৩ প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
Israaʼeloonni jiʼa jalqabaa keessa guyyaa kudha shanaffaatti guyyaa Faasiikaatti aanu Raamseedhaa kaʼanii qajeelan. Isaanis utuma warri Gibxii hundi isaan arganuu irree jabaadhaan deeman;
4 ৪ তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
yeroo kana warri Gibxi ilmaan hangafa isaanii kanneen Waaqayyo isaan gidduudhaa fixe hunda awwaallachaa turan; waaqota warra Gibxitti Waaqayyo muree tureetii.
5 ৫ ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
Israaʼeloonnis Raamseedhaa kaʼanii Sukooti qubatan.
6 ৬ আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
Sukootii kaʼanii Eetaam ishee qarqara gammoojjiitti argamtu keessa qubatan.
7 ৭ আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
Eetaamii kaʼanii gara Phii Hahiiroti kan gama baʼa Baʼaal Zefooniitti argamtuutti garagalanii Migdool bira qubatan.
8 ৮ তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
Fiihahiirootii kaʼanii galaana keessa darbanii gammoojjii seenan; isaanis Gammoojjii Eetaamii keessa bultii sadii deemanii Maaraa qubatan.
9 ৯ আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
Maaraadhaa kaʼanii Eelim lafa burqaa kudha lamaa fi muka meexxii torbaatama qabu sana dhaqanii achi qubatan.
10 ১০ পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
Eelimii kaʼanii Galaana Diimaa cina qubatan.
11 ১১ আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
Galaana Diimaadhaa kaʼanii Gammoojjii Siin keessa qubatan.
12 ১২ পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
Gammoojjii Siiniitii kaʼanii Dofqaa qubatan.
13 ১৩ আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
Dofqaadhaa kaʼanii Aaluush qubatan.
14 ১৪ আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
Aaluushii kaʼanii Refiidiim lafa bishaan namni dhugu hin jirre qubatan.
15 ১৫ পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
Refiidiimii kaʼanii Gammoojjii Siinaa keessa qubatan.
16 ১৬ আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
Gammoojjii Siinaatii kaʼanii Qiibrooti Hataabaa qubatan.
17 ১৭ আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
Qiibrooti Hataabaadhaa kaʼanii Haxerooti qubatan.
18 ১৮ আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
Haxerootii kaʼanii Riitmaa qubatan.
19 ১৯ আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
Riitmaadhaa kaʼanii Rimoon Phereez qubatan.
20 ২০ আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
Rimoon Phereezii kaʼanii Libnaa qubatan.
21 ২১ আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
Libnaadhaa kaʼanii Riisaa qubatan.
22 ২২ আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
Riisaadhaa kaʼanii Qehelaataa qubatan.
23 ২৩ আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
Qehelaataadhaa kaʼanii Gaara Shaafer bira qubatan.
24 ২৪ পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
Gaara Shaafer biraa kaʼanii Haraadaa qubatan.
25 ২৫ আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
Haraadaa kaʼanii Maqiheelooti qubatan.
26 ২৬ আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
Maqiheelootii kaʼanii Tahaati qubatan.
27 ২৭ আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
Tahaatii kaʼanii Taaraa qubatan.
28 ২৮ আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
Taaraadhaa kaʼanii Miitiqaa qubatan.
29 ২৯ আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
Miitiqaadhaa kaʼanii Hashmoonaa qubatan.
30 ৩০ আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
Hashmoonaadhaa kaʼanii Mooserooti qubatan.
31 ৩১ আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
Mooserootii kaʼanii Benee Yaaʼakaan qubatan.
32 ৩২ আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
Benee Yaaʼakaanii kaʼanii Hoori Hagidgaad qubatan.
33 ৩৩ আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
Hoori Hagidgaadii kaʼanii Yoxbaataa qubatan.
34 ৩৪ আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
Yoxbaataadhaa kaʼanii Abroonaa qubatan.
35 ৩৫ আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
Abroonaadhaa kaʼanii Eziyoon Geber qubatan.
36 ৩৬ আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
Eziyoon Geberii kaʼanii Gammoojjii Siin keessa Qaadesh qubatan.
37 ৩৭ আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
Qaadeshii kaʼanii daarii biyya Edoom irra Tulluu Hoori bira qubatan.
38 ৩৮ এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
Aroon lubichis ajaja Waaqayyootiin Tulluu Hooriitti ol baʼe; innis erga Israaʼeloonni biyya Gibxiitii baʼanii booddee waggaa afurtamaffaatti guyyaa jalqaba jiʼa shanaffaatti achitti duʼe.
39 ৩৯ হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
Aroon yommuu Tulluu Hoori irratti duʼe sana umuriin isaa waggaa dhibba tokkoo fi digdamii sadii ture.
40 ৪০ আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
Mootiin Aaraad namichi Kanaʼaan kan Negeeb keessa jiraachaa ture sun akka sabni Israaʼel dhufaa jiru dhagaʼe.
41 ৪১ পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
Isaanis Tulluu Hooriitii kaʼanii Zalmoonaa qubatan.
42 ৪২ আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
Zalmoonaadhaa kaʼanii Phuunon qubatan.
43 ৪৩ আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
Phuunoniidhaa kaʼanii Oobooti qubatan.
44 ৪৪ আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
Oobootii kaʼanii daarii Moʼaab irra Iyyee Abaariim qubatan.
45 ৪৫ আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
Iyyiimii kaʼanii Diiboongaad qubatan.
46 ৪৬ আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
Diiboongaadii kaʼanii Almoon Diiblaatayim qubatan.
47 ৪৭ আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
Almoon Diiblaatayimii kaʼanii Neboo tulluuwwan Abaariim bira qubatan.
48 ৪৮ আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
Tulluuwwan Abaariimiitii kaʼanii dirreewwan Moʼaab irra, Yordaanos bira, Yerikoo gama qubatan.
49 ৪৯ আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
Isaanis dirreewwan Moʼaab kan Yordaanos cina Beet Yashiimootii jalqabee hamma Abeel Shixiimiitti jiru sana irra qubatan.
50 ৫০ তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
Waaqayyos dirreewwan Moʼaab irratti, Yordaanos biratti, Yerikoo gamatti Museedhaan akkana jedhe;
51 ৫১ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
“Akkana jedhii saba Israaʼelitti dubbadhu; ‘Isin yommuu Yordaanos ceetanii Kanaʼaanitti galtanitti,
52 ৫২ তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
jiraattota biyya sanaa of duraa ariʼaa baasaa. Fakkiiwwan isaanii kanneen soofamanii hojjetamanii fi waaqota isaanii kanneen baqfamanii tolfaman hunda barbadeessaa; gaarran sagadaa isaanii hundas diigaa.
53 ৫৩ আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
Sababii ani biyyattii handhuuraa godhee isinii kenneef, biyyattii dhuunfadhaa keessa jiraadhaa.
54 ৫৪ আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
Biyya sanas maatiiwwan keessaniif dhaala godhaatii ixaadhaan gargari qoodaa; maatii baayʼeedhaaf dhaala guddaa, maatii muraasaaf immoo dhaala xinnaa kennaa. Iddoon ixaadhaan isaanii baʼe kan isaanii taʼa. Isinis akkuma gosoota abbootii keessaniitti dhaalaa.
55 ৫৫ কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
“‘Garuu yoo isin warra biyya sana jiraatan achii baasuu baattan, warri isin akka isaan achi jiraataniif dhiiftan sun akka huuba ija keessaatii fi akka qoraattii cinaacha keessaa isinitti taʼu. Biyya isin keessa jiraattan keessattis isin rakkisu.
56 ৫৬ আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”
Anis waanan isaan gochuu yaade sana isinitti nan fida.’”