< গণনা পুস্তক 31 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
Опет рече Господ Мојсију говорећи:
2 ২ “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”
Освети синове Израиљеве на Мадијанима, па ћеш се онда прибрати к роду свом.
3 ৩ তেতিয়া মোচিয়ে লোকসকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা।
И Мојсије рече народу говорећи: Опремите између себе људе на војску да иду на Мадијане да учине освету Господњу на Мадијанима,
4 ৪ তোমালোকে ইস্ৰায়েলৰ প্রত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠিয়াবা।”
По хиљаду од племена, од сваког племена Израиљевог опремите на војску.
5 ৫ তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।
И дадоше од хиљада Израиљевих по хиљаду од сваког племена, дванаест хиљада опремише на војску.
6 ৬ তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰ স্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল।
И посла Мојсије по хиљаду од сваког племена на војску, и с њима Финеса, сина Елеазара свештеника, и у њега беху судови свети и трубе.
7 ৭ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে।
И завојштише на Мадијане, како заповеди Господ Мојсију, и побише све мушкиње.
8 ৮ আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
Побише и цареве мадијанске, с другима које им побише, Евина и Рокома и Сура и Ура и Ровока, пет царева мадијанских, и Валама сина Веоровог убише мачем.
9 ৯ ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
И заробише синови Израиљеви жене Мадијанке и децу њихову, и запленише сву стоку њихову, крупну и ситну, и све благо њихово.
10 ১০ তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।
А места њихова у којима живљаху и градове њихове све попалише огњем.
11 ১১ তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।
И све робље и сав плен, људе и стоку, узеше;
12 ১২ তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।
И поведоше к Мојсију и Елеазару свештенику и ка збору синова Израиљевих, и робље и остали плен и добит у логор на пољу моавском, које је на Јордану према Јерихону.
13 ১৩ তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।
А Мојсије и Елеазар свештеник и сви кнезови од збора изиђоше им на сусрет из логора.
14 ১৪ তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল।
И Мојсије се разгневи на војводе, на хиљаднике и стотинаре, који се враћаху с војске;
15 ১৫ মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি?
И рече им Мојсије: А што остависте у животу све жене?
16 ১৬ চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।
Та оне по речи Валамовој навратише синове Израиљеве да згреше Господу с Фегора, те дође она погибија на народ Господњи.
17 ১৭ এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।
Зато сада побијте сву децу мушку, и све жене побијте, које су познале човека.
18 ১৮ কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।
А девојке, које не познаше човека, оставите у животу.
19 ১৯ তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।
А ви останите изван логора седам дана; сваки који је убио кога и који се дотакао убијенога очистите се трећи дан и седми дан, себе и робље своје.
20 ২০ আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”
И све хаљине и све ствари кожне и све што је од кострети и све судове дрвене очистите.
21 ২১ পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:
И рече Елеазар свештеник војницима, који беху ишли на војску: Ово је наредба и закон што је Господ заповедио Мојсију:
22 ২২ কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,
Злато, сребро, бронзу, гвожђе, коситер и олово,
23 ২৩ আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
Шта год подноси ватру, пропустите кроз ватру, и очистиће се, али пошто се очисти водом очишћења; а шта год не подноси ватру, пропустите кроз воду.
24 ২৪ আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”
И оперите хаљине своје седми дан, и бићете чисти; и онда ћете ући у логор.
25 ২৫ যিহোৱাই পুনৰায় মোচিক ক’লে,
Још рече Господ Мојсију говорећи:
26 ২৬ “তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা;
Изброј све што је заплењено, људе и стоку, ти и Елеазар свештеник и поглавари од племена народних.
27 ২৭ আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;
И раздели све заплењено на двоје: на војнике који су ишли на војску и на сав збор.
28 ২৮ আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেৰ-ছাগ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা;
И узми део за Господа од војника који су ишли на војску, по једну душу од педесет, и од људи и од говеда и од магараца и од оваца.
29 ২৯ তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজৰক দিয়া।
Од њихове половине то узмите, и подајте Елеазару свештенику за принос Господу.
30 ৩০ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”
И од половине која допаде синовима Израиљевим узми по једно од педесет, и од људи и од говеда и од магараца и од оваца и од сваке стоке, и то подај Левитима који раде шта треба за шатор Господњи.
31 ৩১ তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে।
И учини Мојсије и Елеазар свештеник како заповеди Господ Мојсију.
32 ৩২ ৰণুৱাসকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে: ছয় লাখ পঁয়সত্তৰ হাজাৰ মেৰ-ছাগ
И беше плена, што оста од плена који заплени војска: шест стотина и седамдесет и пет хиљада оваца,
33 ৩৩ বাসত্তৰ হাজাৰ ষাঁড়-গৰু,
И седамдесет и две хиљаде говеда,
И шездесет и једна хиљада магараца,
35 ৩৫ আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।
И женскиња што не беше познало човека, свега тридесет и две хиљаде душа.
36 ৩৬ যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ মেৰ-ছাগ;
А у половини, у делу оних који беху ишли на војску, беше на број три стотине и тридесет и седам хиљада и пет стотина оваца,
37 ৩৭ সেই মেৰ-ছাগবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা।
А од тога део Господу беше шест стотина и седамдесет и пет оваца:
38 ৩৮ ষাঁড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।
И тридесет и шест хиљада говеда, а од тога део Господу седамдесет и два;
39 ৩৯ গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা।
И тридесет хиљада и пет стотина магараца, а од тога део Господу шездесет и један;
40 ৪০ মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা।
И шеснаест хиљада душа људских, а од тога део Господу тридесет и две душе.
41 ৪১ তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।
И даде Мојсије Елеазару свештенику део за принос Господу, као што му заповеди Господ.
42 ৪২ আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে ৰাখিলে-
А од друге половине, која допаде синовима Израиљевим, коју узе Мојсије од људи који беху ишли на војску,
43 ৪৩ মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ মেৰ-ছাগ,
А и у тој половини, која допаде збору, беше три стотине и тридесет и седам хиљада и пет стотина оваца,
44 ৪৪ ছয়ত্ৰিশ হাজাৰ ষাঁড়-গৰু,
Тридесет и шест хиљада говеда,
45 ৪৫ ত্ৰিশ হাজাৰ পাঁচশটা গাধ
Тридесет хиљада и пет стотина магараца,
46 ৪৬ আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।
И шеснаест хиљада душа људских.
47 ৪৭ ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।
Од те половине, која допаде синовима Израиљевим, узе Мојсије по једно од педесет, и од људи и од стоке, и даде Левитима који раде шта треба за шатор Господњи, као што му Господ заповеди,
48 ৪৮ তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল।
И приступише к Мојсију војводе, хиљадници и стотинари,
49 ৪৯ তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।
И рекоше му: Слуге твоје пребројаше војнике који беху под нашом руком, и ниједног није мање.
50 ৫০ এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।”
Зато приносимо Господу принос, сваки што је ко задобио, златних заклада, копача, наруквица, прстена, ободаца и ланчића, да би се очистиле душе наше пред Господом.
51 ৫১ তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।
И узе Мојсије и Елеазар свештеник од њих злато, свакојаке закладе.
52 ৫২ সহস্ৰপতি আৰু শতপতিসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল;
А беше свега злата принесеног, што принесоше Мојсију хиљадници и стотинари, шеснаест хиљада и седам стотина и педесет сикала.
53 ৫৩ কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল।
А војници задржаше себи шта који беше запленио.
54 ৫৪ পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।
И узевши Мојсије и Елеазар злато од хиљадника и стотинара, унесоше га у шатор од састанка за спомен синовима Израиљевим пред Господом.