< গণনা পুস্তক 3 >

1 যি কালত যিহোৱাই চীনয় পৰ্বতত মোচিক কথা কৈছিল, সেই সময়ৰ হাৰোণ আৰু মোচিৰ বংশৰ জীৱনি এয়ে।
Ìwọ̀nyí ni ìdílé Aaroni àti Mose ní ìgbà tí Olúwa bá Mose sọ̀rọ̀ ní òkè Sinai.
2 হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
Orúkọ àwọn ọmọ Aaroni nìwọ̀nyí, Nadabu ni àkọ́bí, Abihu, Eleasari àti Itamari.
3 পুৰোহিতৰ কৰ্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্ত কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰোণৰ পুত্ৰসকলৰ নাম এয়ে।
Orúkọ àwọn ọmọ Aaroni ni ìwọ̀nyí, àwọn àlùfáà tí a fi òróró yàn, àwọn tí a fi joyè àlùfáà láti ṣiṣẹ́ gẹ́gẹ́ bí àlùfáà.
4 কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ অগ্রহণীয় সাধাৰণ জুই নিওতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম কৰিলে।
Ṣùgbọ́n Nadabu àti Abihu ti kú níwájú Olúwa nígbà tí wọ́n rú iná àjèjì níwájú Olúwa nínú ijù Sinai, àwọn méjèèjì kò sì ní ọmọ. Báyìí Eleasari àti Itamari ló ṣiṣẹ́ àlùfáà nígbà ayé Aaroni baba wọn.
5 যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
Olúwa sọ fún Mose pé,
6 “হাৰোণ পুৰোহিতৰ পৰিচৰ্যাত সহায় কৰিবলৈ, তুমি লেবীৰ ফৈদক তেওঁৰ সন্মুখলৈ আনা।
“Kó ẹ̀yà Lefi wá, kí o sì fà wọ́n fún Aaroni àlùfáà láti máa ràn án lọ́wọ́.
7 আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিবলগীয়া আছে, সেয়া তেওঁলোকে সম্পন্ন কৰিব লাগিব।
Wọn yóò máa ṣiṣẹ́ fún un àti fún gbogbo ìjọ ènìyàn ní àgọ́ ìpàdé bí wọ́n ti ń ṣiṣẹ́ ìsìn nínú àgọ́.
8 আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তান সকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব।
Wọn yóò máa tọ́jú gbogbo ohun èlò inú àgọ́ ìpàdé, wọn yóò sì máa ṣe ojúṣe àwọn ọmọ Israẹli nípa ṣíṣe iṣẹ́ nínú àgọ́.
9 আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।
Fi ẹ̀yà Lefi jì Aaroni àti àwọn ọmọ rẹ̀, àwọn nìkan ni a fi fún Aaroni nínú gbogbo àwọn ọmọ Israẹli.
10 ১০ তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”
Kí o sì yan Aaroni àti àwọn ọmọ rẹ̀ láti máa ṣiṣẹ́ àlùfáà; àlejò tó bá súnmọ́ ibi mímọ́ pípa ni kí ẹ pa á.”
11 ১১ যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
Olúwa tún sọ fún Mose pé,
12 ১২ “চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব।
“Báyìí èmi fúnra mi ti mú ẹ̀yà Lefi láàrín àwọn ọmọ Israẹli dípò gbogbo àkọ́bí ọkùnrin àwọn ọmọbìnrin Israẹli. Ti èmi ni àwọn ọmọ Lefi,
13 ১৩ কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”
nítorí pé ti èmi ni gbogbo àkọ́bí. Ní ọjọ́ tí mo pa gbogbo àkọ́bí ní ilẹ̀ Ejibiti ni mo ti ya gbogbo àkọ́bí sọ́tọ̀ ní Israẹli yálà ti ènìyàn tàbí ti ẹranko. Gbogbo wọn gbọdọ̀ jẹ́ ti èmi. Èmi ni Olúwa.”
14 ১৪ চীনয় মৰুপ্রান্তত যিহোৱাই মোচিক কৈছিল। তেওঁ কৈছিল,
Nígbà náà ni Olúwa sọ fún Mose ní aginjù Sinai pé,
15 ১৫ “তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”
“Ka àwọn ọmọ Lefi nípa ilé baba wọn àti ìdílé wọn kí o ka gbogbo ọmọkùnrin láti ọmọ oṣù kan sókè.”
16 ১৬ তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে।
Mose sì kà wọ́n gẹ́gẹ́ bí ọ̀rọ̀ Olúwa ti pa á láṣẹ fún un.
17 ১৭ লেবীৰ পুত্ৰসকলৰ নাম আছিল গেৰ্চোন, কহাৎ আৰু মৰাৰী।
Wọ̀nyí ni orúkọ àwọn ọmọ Lefi: Gerṣoni, Kohati àti Merari.
18 ১৮ আৰু নিজ নিজ বংশ অনুসাৰে গেৰ্চোনৰ পুতেক সকলৰ নাম লিবনী আৰু চিমিয়ী আছিল।
Wọ̀nyí ni orúkọ àwọn ọmọ Gerṣoni: Libni àti Ṣimei.
19 ১৯ আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
Àwọn ìdílé Kohati ni: Amramu, Isari, Hebroni àti Usieli.
20 ২০ আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।
Àwọn ìdílé Merari ni: Mahili àti Muṣi. Wọ̀nyí ni ìdílé Lefi gẹ́gẹ́ bí ilé baba wọn.
21 ২১ গেৰ্চোনৰ পৰা লিবনীয়া সকলৰ বংশ আৰু চিমিয়ীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই হ’ল গেৰ্চোনীয়া সকলৰ বংশ।
Ti Gerṣoni ni ìdílé Libni àti Ṣimei; àwọn ni ìdílé Gerṣoni.
22 ২২ এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ’ল, এওঁলোকৰ গণিত লোক সাত হাজাৰ পাঁচশ জন আছিল।
Iye àwọn ọmọkùnrin tí ọjọ́ orí wọ́n jẹ́ oṣù kan ó lé, jẹ́ ẹgbàata ó lé ẹ̀ẹ́dẹ́gbẹ̀jọ.
23 ২৩ গেৰ্চোনীয়া সকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব।
Àwọn ìdílé Gerṣoni yóò pa ibùdó sí ìhà ìwọ̀-oòrùn lẹ́yìn àgọ́.
24 ২৪ লায়েলৰ পুত্ৰ ইলিয়াচফ গেৰ্চোনীয়া সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
Olórí àwọn ìdílé Gerṣoni ni Eliasafu ọmọ Láélì.
25 ২৫ গেৰ্চোনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দাৰ যত্ন ল’ব। পৰ্দা তম্বু, তাৰ আৱৰণ আৰু প্রবেশ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল’ব।
Iṣẹ́ àwọn ìdílé Gerṣoni nínú àgọ́ ìpàdé ni pé àwọn yóò máa tọ́jú àgọ́, ìbòrí àgọ́, aṣọ títa ẹnu-ọ̀nà àgọ́ ìpàdé,
26 ২৬ আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব।
aṣọ títa ti àgbàlá, aṣọ títa ti ẹnu-ọ̀nà àgbàlá tó yí àgọ́ àti pẹpẹ ká, àwọn okùn rẹ̀ àti gbogbo ohun tó jẹ mọ́ lílò wọn.
27 ২৭ কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশৰ জন্ম হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী।
Ti Kohati ní ìdílé Amramu, Isari, Hebroni àti Usieli, wọ̀nyí ni ìran Kohati.
28 ২৮ এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা আঠ হাজাৰ ছশ জন, পবিত্ৰ স্থানৰ যি যি কৰিবলগীয়া, তাক এওঁলোকেই কৰিব।
Iye gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ọmọ oṣù kan ó lé jẹ́ ẹgbàá mẹ́rin ó lé ẹgbẹ̀ta, tí yóò máa ṣiṣẹ́ ní ibi mímọ́.
29 ২৯ কহাতৰ সন্তান সকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু কৰি থাকিব।
Àwọn ìdílé Kohati yóò pa ibùdó wọn sí ìhà gúúsù ní ẹ̀gbẹ́ àgọ́.
30 ৩০ আৰু উজ্জীয়েলৰ পুত্ৰ ইলিচাফন কহাতীয়া গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
Olórí àwọn ìdílé Kohati ni Elisafani ọmọ Usieli.
31 ৩১ আৰু চন্দুক, মেজ, দীপাধাৰ বেদীবোৰ, পবিত্ৰ স্থানৰ পৰিচৰ্যা কৰা আটাই বস্তুবোৰ যত্ন ল’ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য তেওঁলোকে কৰিব।
Àwọn ni yóò máa tọ́jú àpótí ẹ̀rí, tábìlì, ọ̀pá fìtílà, àwọn pẹpẹ, gbogbo ohun èlò ibi mímọ́ tí à ń lò fún iṣẹ́ ìsìn, aṣọ títa àti gbogbo ohun tó jẹ mọ́ lílò wọn.
32 ৩২ আৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবীয়া সকলৰ অধ্যক্ষৰো অধ্যক্ষ হ’ব। যিসকলৰ জিম্মাত পবিত্ৰ স্থান থাকিব, তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ’ব।
Eleasari ọmọ Aaroni àlùfáà ni alákòóso gbogbo àwọn olórí ìdílé Lefi. Òun ni wọ́n yàn lórí gbogbo àwọn tí yóò máa tọ́jú ibi mímọ́.
33 ৩৩ মৰাৰীৰ পৰা মহলীয়া সকলৰ বংশ আৰু মুচীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই মৰাৰীয়া সকলৰ গোষ্ঠী।
Ti Merari ni ìran Mahili àti Muṣi, àwọn ni ìran Merari.
34 ৩৪ এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা ছয় হাজাৰ দুশ জন।
Iye gbogbo ọmọkùnrin tí ọjọ́ orí wọ́n jẹ́ oṣù kan ó lé, èyí tí wọ́n kà jẹ́ igba mọ́kànlélọ́gbọ̀n.
35 ৩৫ অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰফালে কাষত তম্বু তৰি থাকিব।
Olórí àwọn ìdílé ìran Merari ni Ṣurieli ọmọ Abihaili. Wọn yóò pa ibùdó wọn sí ìhà àríwá àgọ́.
36 ৩৬ আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুঁটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব,
Àwọn ìran Merari ni a yàn fún títọ́jú àwọn férémù àgọ́, ọ̀pá ìdábùú rẹ̀, òpó rẹ̀, ihò òpó rẹ̀ àti gbogbo ohun èlò tó jẹ mọ́ lílò wọn.
37 ৩৭ ইয়াৰ লগতে চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব।
Iṣẹ́ wọn tún ni títọ́jú àwọn òpó tó yí àgbàlá ká, ihò òpó rẹ̀, èèkàn àti okùn wọn.
38 ৩৮ মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।
Mose àti Aaroni pẹ̀lú àwọn ọmọ yóò pa àgọ́ ní ìdojúkọ ìwọ̀-oòrùn níwájú àgọ́ ìpàdé. Iṣẹ́ wọn ni láti máa mójútó iṣẹ́ ìsìn ibi mímọ́ àti láti máa ṣiṣẹ́ ìsìn fún àwọn ọmọ Israẹli. Àlejò tó bá súnmọ́ ibi mímọ́ yàtọ̀ sí àwọn tí a yàn, pípa ni kí ẹ pa á.
39 ৩৯ মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।
Àpapọ̀ iye àwọn ọmọ Lefi tí a kà gẹ́gẹ́ bí Olúwa ti pa á láṣẹ fún Mose àti Aaroni gẹ́gẹ́ bí ìran wọn, pẹ̀lú gbogbo ọmọkùnrin tí ọjọ́ orí wọn jẹ́ ọmọ oṣù kan ó lé jẹ́ ẹgbẹ̀rún méjìlélógún.
40 ৪০ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা।
Olúwa sọ fún Mose pé, “Ka gbogbo àkọ́bí ọmọkùnrin Israẹli láti ọmọ oṣù kan ó lé kí o sì ṣe àkọsílẹ̀ orúkọ wọn.
41 ৪১ আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।”
Kí o sì gba àwọn ọmọ Lefi dípò gbogbo àkọ́bí àwọn ọmọ Israẹli, kí o sì gba gbogbo ẹran ọ̀sìn àwọn ọmọ Lefi fún mi dípò gbogbo àkọ́bí àwọn ẹran ọ̀sìn àwọn ọmọ Israẹli. Èmi ni Olúwa.”
42 ৪২ মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে।
Mose sì ka gbogbo àkọ́bí àwọn ọmọ Israẹli gẹ́gẹ́ bí Olúwa ti pàṣẹ fún un.
43 ৪৩ তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা বাইশ হাজাৰ দুশ ত্ৰেসত্তৰ জন হ’ল।
Àpapọ̀ iye àwọn àkọ́bí ọkùnrin láti ọmọ oṣù kan ó lé, ní àkọsílẹ̀ orúkọ wọn jẹ́ ẹgbẹ̀rún méjìlélógún ó lé ọ̀rìnlúgba ó dín méje.
44 ৪৪ পাছত যিহোৱাই মোচিক কথা ক’লে। তেওঁ ক’লে,
Olúwa tún sọ fún Mose pé,
45 ৪৫ “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা।
“Gba àwọn ọmọ Lefi dípò gbogbo àkọ́bí àwọn ọmọ Israẹli àti ohun ọ̀sìn àwọn ọmọ Lefi dípò ohun ọ̀sìn àwọn ọmọ Israẹli. Tèmi ni àwọn ọmọ Lefi. Èmi ni Olúwa.
46 ৪৬ তেওঁলোকক মুকলি কৰিবৰ বাবে, ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবীয়া সকলৰ সংখ্যাতকৈ বঢ়া যি দুশ ত্ৰেসত্তৰ জন লোক আছে,
Nísinsin yìí, láti lè ra ọ̀rìnlúgba dín méje àkọ́bí àwọn Israẹli tó ju iye àwọn ọmọ Lefi lọ,
47 ৪৭ তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি পাঁচ চেকলকৈ ল’বা; বিশ গেৰাই এক চেকল হয়।
ìwọ yóò gba ṣékélì márùn-ún lórí ẹni kọ̀ọ̀kan gẹ́gẹ́ bí iye owó ibi mímọ́, èyí tí í ṣe ogún gera.
48 ৪৮ আৰু সেই সংখ্যাতকৈ বৃদ্ধ লোকসকলক যি ধনেৰে মুকলি কৰা হ’ব, সেই ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিবা।”
Owó tí a fi ra àwọn àkọ́bí ọmọ Israẹli tó lé yìí, ni kí o kó fún Aaroni àti àwọn ọmọ rẹ̀.”
49 ৪৯ তেতিয়া লেবীয়া সকলৰ যোগেদি মুকলি কৰা লোক সকলৰ বাহিৰে যি লোক বাঢ়ি আছিল, তেওঁলোকক মুকলি কৰা ধন মোচিয়ে সংগ্রহ কৰিলে।
Nígbà náà ni Mose gba owó ìràpadà àwọn ènìyàn tó ṣẹ́kù lẹ́yìn tí àwọn ọmọ Lefi ti ra àwọn yòókù padà.
50 ৫০ তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে।
Mose sì gba egbèje ṣékélì ó dín márùndínlógójì gẹ́gẹ́ bí iye ṣékélì ibi mímọ́ lọ́wọ́ àkọ́bí àwọn ọmọ Israẹli.
51 ৫১ পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মুকলি কৰা ধন হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিলে।
Mose sì kó owó ìràpadà yìí fún Aaroni àti àwọn ọmọ rẹ̀, bí Olúwa ti pa á láṣẹ fún un.

< গণনা পুস্তক 3 >