< গণনা পুস্তক 3 >

1 যি কালত যিহোৱাই চীনয় পৰ্বতত মোচিক কথা কৈছিল, সেই সময়ৰ হাৰোণ আৰু মোচিৰ বংশৰ জীৱনি এয়ে।
Ovo je potomstvo Aronovo i Mojsijevo iz vremena kad je Jahve Mojsiju govorio na Sinajskom brdu.
2 হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
Ovo su bila imena Aronovih sinova: prvorođenac Nadab, zatim Abihu, Eleazar i Itamar.
3 পুৰোহিতৰ কৰ্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্ত কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰোণৰ পুত্ৰসকলৰ নাম এয়ে।
To su imena Aronovih sinova, svećenika pomazanih, za svećeništvo posvećenih.
4 কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ অগ্রহণীয় সাধাৰণ জুই নিওতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম কৰিলে।
Ali Nadab i Abihu umriješe pred Jahvom kad su u Sinajskoj pustinji pred njim prinosili neposvećenu vatru. Kako nisu imali sinova, to su Eleazar i Itamar služili kao svećenici u nazočnosti svoga oca Arona.
5 যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
Jahve reče Mojsiju:
6 “হাৰোণ পুৰোহিতৰ পৰিচৰ্যাত সহায় কৰিবলৈ, তুমি লেবীৰ ফৈদক তেওঁৰ সন্মুখলৈ আনা।
“Dozovi pleme Levijevo neka stane pred svećenika Arona. Neka mu poslužuju;
7 আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিবলগীয়া আছে, সেয়া তেওঁলোকে সম্পন্ন কৰিব লাগিব।
neka vrše njegovu dužnost i dužnost sve zajednice pred Šatorom sastanka, služeći Prebivalištu.
8 আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তান সকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব।
Neka se brinu za sav namještaj u Šatoru sastanka, za dužnost sinova izraelovih, i obavljaju službu u Prebivalištu.
9 আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।
Podaj levite Aronu i njegovim sinovima. Neka mu ih Izraelci potpuno daruju.
10 ১০ তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”
Arona i njegove sinove postavi da vrše svoju svećeničku službu. A svjetovnjak koji bi se tome približio neka se pogubi.”
11 ১১ যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
Jahve reče Mojsiju:
12 ১২ “চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব।
“Ja, evo, uzimam Levijevce između Izraelaca namjesto svih prvorođenaca - onih koji otvaraju materinju utrobu kod Izraelaca. Moji su, dakle, Levijevci!
13 ১৩ কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”
Meni, naime, pripada svaki prvorođenac. Onoga dana kad sam pobio sve prvence u zemlji egipatskoj, sebi sam posvetio sve prvorođence u Izraelu - i od ljudi i od stoke. Oni su moji. Ja sam Jahve.”
14 ১৪ চীনয় মৰুপ্রান্তত যিহোৱাই মোচিক কৈছিল। তেওঁ কৈছিল,
Jahve reče Mojsiju u Sinajskoj pustinji:
15 ১৫ “তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”
“Popiši Levijevce po njihovim porodicama i rodovima; popiši sve muškarce od jednoga mjeseca i više.”
16 ১৬ তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে।
Na zapovijed Jahvinu Mojsije ih popisa, kako mu je bilo naređeno.
17 ১৭ লেবীৰ পুত্ৰসকলৰ নাম আছিল গেৰ্চোন, কহাৎ আৰু মৰাৰী।
Ovo su poimenice bili sinovi Levijevi: Geršon, Kehat i Merari.
18 ১৮ আৰু নিজ নিজ বংশ অনুসাৰে গেৰ্চোনৰ পুতেক সকলৰ নাম লিবনী আৰু চিমিয়ী আছিল।
A ovo su imena Geršonovih sinova po njihovim rodovima: Libni i Šimi.
19 ১৯ আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
A sinovi su Kehatovi po svojim rodovima: Amram, Jishar, Hebron i Uziel.
20 ২০ আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।
Sinovi su Merarijevi po svojim rodovima: Mahli i Muši. To su Levijevi rodovi po svojim porodicama.
21 ২১ গেৰ্চোনৰ পৰা লিবনীয়া সকলৰ বংশ আৰু চিমিয়ীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই হ’ল গেৰ্চোনীয়া সকলৰ বংশ।
Od Geršona lozu vuče rod Libnijev i rod Šimijev. To su rodovi Geršonovaca.
22 ২২ এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ’ল, এওঁলোকৰ গণিত লোক সাত হাজাৰ পাঁচশ জন আছিল।
Njih je u popisu svih muškaraca od jednoga mjeseca naviše ubilježeno sedam tisuća i pet stotina.
23 ২৩ গেৰ্চোনীয়া সকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব।
Rodovi Geršonovaca taborovali su za Prebivalištem prema zapadu.
24 ২৪ লায়েলৰ পুত্ৰ ইলিয়াচফ গেৰ্চোনীয়া সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
Glava porodice Geršonovaca bijaše Elijasaf, sin Laelov.
25 ২৫ গেৰ্চোনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দাৰ যত্ন ল’ব। পৰ্দা তম্বু, তাৰ আৱৰণ আৰু প্রবেশ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল’ব।
Geršonovci su se u Šatoru sastanka brinuli za Prebivalište, za Šator i njegov krov, za zavjese na ulazu u Šator sastanka;
26 ২৬ আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব।
onda za dvorišne zavjese, za zavjesu na ulazu u dvorište što je oko Prebivališta i žrtvenika, za njihova užeta i za sve što spada na tu službu.
27 ২৭ কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশৰ জন্ম হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী।
Od Kehata potječe rod Amramov, rod Jisharov, rod Hebronov i rod Uzielov. To su rodovi Kehatovaca.
28 ২৮ এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা আঠ হাজাৰ ছশ জন, পবিত্ৰ স্থানৰ যি যি কৰিবলগীয়া, তাক এওঁলোকেই কৰিব।
Kad se popisaše svi muškarci od jednoga mjeseca naviše, bilo ih je osam tisuća i šest stotina. Oni su se brinuli za Svetište.
29 ২৯ কহাতৰ সন্তান সকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু কৰি থাকিব।
Rodovi Kehatovaca taborovali su s južne strane Prebivališta.
30 ৩০ আৰু উজ্জীয়েলৰ পুত্ৰ ইলিচাফন কহাতীয়া গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
Glava rodova u domu Kehatovu bijaše Elisafan, sin Uzielov.
31 ৩১ আৰু চন্দুক, মেজ, দীপাধাৰ বেদীবোৰ, পবিত্ৰ স্থানৰ পৰিচৰ্যা কৰা আটাই বস্তুবোৰ যত্ন ল’ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য তেওঁলোকে কৰিব।
Oni su se brinuli za Kovčeg, stol, svijećnjak, žrtvenik i sveti pribor kojim su se služili i, konačno, za zavjesu i za sve što joj pripada.
32 ৩২ আৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবীয়া সকলৰ অধ্যক্ষৰো অধ্যক্ষ হ’ব। যিসকলৰ জিম্মাত পবিত্ৰ স্থান থাকিব, তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ’ব।
Vrhovni poglavar levita bio je Eleazar, sin svećenika Arona. On je vršio nadzor nad onima koji su se brinuli za Svetište.
33 ৩৩ মৰাৰীৰ পৰা মহলীয়া সকলৰ বংশ আৰু মুচীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই মৰাৰীয়া সকলৰ গোষ্ঠী।
Od Merarija potječe rod Mahlijev i rod Mušijev. To su Merarijevi rodovi.
34 ৩৪ এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা ছয় হাজাৰ দুশ জন।
Njih je u popisu svih muškaraca od jednoga mjeseca i više ubilježeno šest tisuća i dvije stotine.
35 ৩৫ অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰফালে কাষত তম্বু তৰি থাকিব।
Glava rodova u domu Merarijevu bijaše Suriel, sin Abihajilov. Oni su taborovali sa sjeverne strane Prebivališta.
36 ৩৬ আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুঁটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব,
Merarijevci su se brinuli za trenice Prebivališta, za njegove priječnice, za stupce i njihova podnožja, za sav njegov pribor i za sve što spada na njegovu službu.
37 ৩৭ ইয়াৰ লগতে চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব।
Povrh toga, za stupove uokolo predvorja, njihova podnožja, kočiće i užeta.
38 ৩৮ মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।
Pred Prebivalištem prema istoku, pred Šatorom sastanka s istočne strane, utaborivali se Mojsije, Aron i njihovi sinovi, kojima je u ime Izraelaca bila povjerena služba u Svetištu. Svjetovnjak koji bi se približio imao se pogubiti.
39 ৩৯ মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।
Svih popisanih Levijevaca od jednoga mjeseca naviše, koje je na Jahvinu zapovijed po njihovim rodovima popisao Mojsije i Aron, bijaše dvadeset i dvije tisuće.
40 ৪০ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা।
Jahve rekne Mojsiju: “Popiši sve muške prvorođence izraelske od jednoga mjeseca naviše te načini popis njihovih imena.
41 ৪১ আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।”
I levite dodijeli meni - ja sam Jahve - namjesto svih prvorođenaca izraelskih, a stoku levitsku namjesto sve prvenčadi stoke izraelske.”
42 ৪২ মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে।
Tako Mojsije popiše sve prvorođence izraelske, kako mu je Jahve naredio.
43 ৪৩ তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা বাইশ হাজাৰ দুশ ত্ৰেসত্তৰ জন হ’ল।
Svih muških prvorođenaca od jednoga mjeseca naviše bijaše u popisu imena dvadeset i dvije tisuće i dvije stotine sedamdeset i tri.
44 ৪৪ পাছত যিহোৱাই মোচিক কথা ক’লে। তেওঁ ক’লে,
Tada Jahve reče Mojsiju:
45 ৪৫ “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা।
“Uzmi levite namjesto svih prvorođenaca izraelskih, a stoku levitsku namjesto stoke njihove; leviti neka budu moji. Ja sam Jahve.
46 ৪৬ তেওঁলোকক মুকলি কৰিবৰ বাবে, ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবীয়া সকলৰ সংখ্যাতকৈ বঢ়া যি দুশ ত্ৰেসত্তৰ জন লোক আছে,
A za otkupninu dvjesta sedamdeset i triju izraelskih prvorođenaca što ih je više nego levita,
47 ৪৭ তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি পাঁচ চেকলকৈ ল’বা; বিশ গেৰাই এক চেকল হয়।
uzmi pet šekela po glavi, uzmi ih prema hramskom šekelu: dvadeset gera - jedan šekel.
48 ৪৮ আৰু সেই সংখ্যাতকৈ বৃদ্ধ লোকসকলক যি ধনেৰে মুকলি কৰা হ’ব, সেই ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিবা।”
Onda podaj taj novac Aronu i njegovim sinovima za otkupninu onih kojih je odviše.”
49 ৪৯ তেতিয়া লেবীয়া সকলৰ যোগেদি মুকলি কৰা লোক সকলৰ বাহিৰে যি লোক বাঢ়ি আছিল, তেওঁলোকক মুকলি কৰা ধন মোচিয়ে সংগ্রহ কৰিলে।
Tako Mojsije primi taj novac kao otkupninu za prvorođence koji su nadilazili broj onih koje su leviti otkupili.
50 ৫০ তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে।
Od izraelskih je prvorođenaca primio u srebru tisuću trista šezdeset i pet šekela hramske mjere.
51 ৫১ পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মুকলি কৰা ধন হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিলে।
Po nalogu Jahvinu Mojsije predade novac te otkupnine Aronu i njegovim sinovima, kako je Jahve Mojsiju naredio.

< গণনা পুস্তক 3 >