< গণনা পুস্তক 28 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে,
L'Eternel parla aussi à Moïse, en disant:
2 ২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে’।
Commande aux enfants d'Israël, et leur dis: Vous prendrez garde à mes oblations, qui sont ma viande, [savoir] mes sacrifices faits par feu, qui sont mon odeur agréable, pour me les offrir en leur temps.
3 ৩ এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, ‘তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি ল’বা।
Tu leur diras donc: C'est ici le sacrifice fait par feu que vous offrirez à l'Eternel; deux agneaux d'un an sans tare, chaque jour, en holocauste continuel.
4 ৪ এটা মেৰ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেৰ পোৱালি সন্ধিয়া পৰত উৎসৰ্গ কৰিবা।
Tu sacrifieras l'un des agneaux le matin, et l'autre agneau entre les deux vêpres;
5 ৫ আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল’বা।
Et la dixième partie d'Epha de fine farine pour le gâteau, pétrie avec la quatrième partie d'un Hin d'huile vierge.
6 ৬ এয়ে নিত্য হোম; যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে চীনয় পৰ্ব্বতত এই আজ্ঞাই নিৰূপিত হৈছিল।
C'est l'holocauste continuel qui a été fait en la montagne de Sinaï, en bonne odeur, l'offrande faite par feu à l'Eternel.
7 ৭ আৰু তাৰ প্ৰথম মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ তাৰ পেয় নৈবেদ্য হ’ব; তুমি পবিত্ৰ স্থানত যিহোৱাৰ উদ্দেশ্যে পেয় নৈবেদ্যস্বৰূপে ৰাগীয়াল ৰস ঢালি দিবা।
Et son aspersion sera d'une quatrième partie d'un Hin pour chaque agneau, et tu verseras dans le lieu saint l'aspersion de cervoise à l'Eternel.
8 ৮ আৰু দ্বিতীয় মেৰ পোৱালিটো সন্ধিয়া পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা।
Et tu sacrifieras l'autre agneau entre les deux vêpres; tu feras le même gâteau qu'au matin, et la même aspersion, en sacrifice fait par feu en bonne odeur à l'Eternel.
9 ৯ আৰু বিশ্ৰাম-দিনত দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি, আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; ।
Mais le jour du Sabbat vous offrirez deux agneaux d'un an sans tare, et deux dixièmes de fine farine pétrie à l'huile pour le gâteau, avec son aspersion.
10 ১০ নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।
C'est l'holocauste du Sabbat pour chaque Sabbat, outre l'holocauste continuel avec son aspersion.
11 ১১ আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ মতা মেৰ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা।
Et au commencement de vos mois vous offrirez en holocauste à l'Eternel deux veaux pris du troupeau, un bélier, et sept agneaux d'un an, sans tare;
12 ১২ আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনি ভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, আৰু মতা মেৰটোৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ দুভাগ, তেল মিহলোৱা মিহি আটাগুড়ি,
Et trois dixièmes de fine farine pétrie à l'huile, pour le gâteau pour chaque veau, et deux dixièmes de fine farine pétrie à l'huile, pour le gâteau pour le bélier.
13 ১৩ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা; সেয়ে সুঘ্ৰাণাৰ্থক হোম-বলি, যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।
Et un dixième de fine farine pétrie à l'huile, pour le gâteau pour chaque agneau, en holocauste, de bonne odeur, et en sacrifice fait par feu à l'Eternel.
14 ১৪ আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ, আৰু মতা মেৰটোৰ কাৰণে হীনৰ তিনি ভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস সেইবোৰৰ পেয় নৈবেদ্য হ’ব; এয়ে বছৰৰ প্ৰত্যেক মাহত কৰিব লগীয়া মাহেকীয়া হোম।
Et leurs aspersions seront de la moitié d'un Hin de vin pour chaque veau, et de la troisième partie d'un Hin pour le bélier, et de la quatrième partie d'un Hin pour chaque agneau, c'est l'holocauste du commencement de chaque mois, selon tous les mois de l'année.
15 ১৫ আৰু যিহোৱাৰ উদ্দেশ্যে পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব।
On sacrifiera aussi à l'Eternel un jeune bouc [en offrande] pour le péché, outre l'holocauste continuel, et son aspersion.
16 ১৬ পাছত প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব হ’ব।
Et au quatorzième jour du premier mois sera la Pâque à l'Eternel.
17 ১৭ আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ’ব, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব।
Et au quinzième jour du même mois sera la fête solennelle; on mangera durant sept jours des pains sans levain.
18 ১৮ প্ৰথম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
Au premier jour il y aura une sainte convocation, vous ne ferez aucune œuvre servile.
19 ১৯ কিন্তু যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; সেইবোৰ নিঘূণ পশু হ’ব।
Et vous offrirez un sacrifice fait par feu en holocauste à l'Eternel, [savoir] deux veaux pris du troupeau, et un bélier, et sept agneaux d'un an, qui seront sans tare.
20 ২০ আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।
Leur gâteau sera de fine farine pétrie à l'huile; vous en offrirez trois dixièmes pour chaque veau, et deux dixièmes pour le bélier;
21 ২১ আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
Tu en offriras aussi un dixième pour chacun des sept agneaux.
22 ২২ আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
Et un bouc [en offrande] pour le péché afin de faire propitiation pour vous.
23 ২৩ নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম-বলি, তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা।
Vous offrirez ces choses-là, outre l'holocauste du matin, qui est l'holocauste continuel.
24 ২৪ এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা।
Vous offrirez selon ces choses-là en chacun de ces sept jours la viande du sacrifice fait par feu en bonne odeur à l'Eternel; on offrira cela outre l'holocauste continuel, et son aspersion.
25 ২৫ আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
Et au septième jour vous aurez une sainte convocation; vous ne ferez aucune œuvre servile.
26 ২৬ যি দিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্ব্বত যিহোৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা, প্ৰথমে পকা ফল দিয়া সেই দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা কোনো ব্যৱসায় কৰ্ম নকৰিবা।
Et au jour des premiers fruits, quand vous offrirez à l'Eternel le nouveau gâteau, au bout de vos semaines, vous aurez une sainte convocation; vous ne ferez aucune œuvre servile.
27 ২৭ কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি
Et vous offrirez en holocauste de bonne odeur à l'Eternel, deux veaux pris du troupeau, un bélier, [et] sept agneaux d'un an.
28 ২৮ আৰু প্রত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।
Et leur gâteau sera de fine farine pétrie à l'huile, de trois dixièmes pour chaque veau, et de deux dixièmes pour le bélier.
29 ২৯ আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
Et d'un dixième pour chacun des sept agneaux.
30 ৩০ আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
Et un jeune bouc, afin de faire propitiation pour vous.
31 ৩১ নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; এই সকলো নিঘূণ পশু হ’ব লাগিব’।”
Vous les offrirez outre l'holocauste continuel et son gâteau; ils seront sans tare, avec leurs aspersions.