< গণনা পুস্তক 27 >
1 ১ পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
Yüsüpning oƣli Manassǝⱨning nǝslidin bolƣan jǝmǝtlǝr iqidǝ Manassǝⱨning qǝwrisi, Makirning ǝwrisi, Gileadning nǝwrisi, Ⱨǝfǝrning oƣli Zǝlofiⱨadning ⱪizliri bolup, ularning ismi Maⱨlaⱨ, Noaⱨ, Ⱨoglaⱨ, Milkaⱨ, wǝ Tirzaⱨ idi.
2 ২ তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,
Ular jamaǝt qedirining dǝrwazisi aldiƣa kelip, Musa bilǝn kaⱨin Əliazar wǝ ǝmirlǝr bilǝn pütkül jamaǝtning aldida turup:
3 ৩ “আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।
— Bizning atimiz qɵldǝ ɵlüp kǝtkǝn; u u yǝrdǝ Pǝrwǝrdigarƣa ⱨujum ⱪilƣili yiƣilƣanlardin ǝmǝs, yǝni Koraⱨ guruⱨidikilǝrdin ǝmǝs; u bǝlki ɵz gunaⱨi iqidǝ ɵlgǝn, wǝ uning oƣul pǝrzǝnti yoⱪ idi.
4 ৪ আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”
Nemǝ üqün atimizning oƣli yoⱪluⱪi sǝwǝblik uning nami uning jǝmǝtidin ɵqürüwetilidu? Ɵzlirining bizgǝ atimizning ⱪerindaxliri ⱪatarida miras bɵlüp berixlirini ɵtünimiz, — dedi.
5 ৫ তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।
Musa ularning bu ixini Pǝrwǝrdigarning aldiƣa ⱪoydi.
6 ৬ তেতিয়া যিহোৱাই মোচিক কলে,
Pǝrwǝrdigar Musaƣa sɵz ⱪilip mundaⱪ dedi: —
7 ৭ “চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা।
Zǝlofiⱨadning ⱪizlirining eytⱪini durus, sǝn qoⱪum ularƣa atisining ⱪerindaxliri ⱪatarida miras bǝr; ularning atisining mirasini ularƣa ɵtküzüp bǝrgin.
8 ৮ আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।
Sǝn Israillarƣa eytⱪin: «Bir adǝm ɵlüp kǝtkǝn qaƣda uning oƣli bolmisa, undaⱪta silǝr uning mirasini ⱪiziƣa ɵtküzüp beringlar.
9 ৯ যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।
Ⱪizi bolmisa, mirasini ⱪerindaxliriƣa beringlar.
10 ১০ যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।
Ⱪerindaxliri bolmisa, mirasini ata jǝmǝt taƣiliriƣa beringlar.
11 ১১ যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”
Əgǝr uning atisining ⱪerindaxliri bolmisa, undaⱪta uning mirasini uning jǝmǝtidiki ǝng yeⱪin bir tuƣⱪiniƣa beringlar; u adǝm uning mirasiƣa igǝ bolsun. Bu Pǝrwǝrdigar Musaƣa buyruƣandǝk, Israillarƣa qüxürülgǝn ⱨɵküm, ⱪanun-bǝlgilimǝ bolup ⱪalsun».
12 ১২ যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।
Pǝrwǝrdigar Musaƣa: — Sǝn mawu Abarim teƣiƣa qiⱪip, Mǝn Israillarƣa tǝⱪdim ⱪilƣan zeminƣa ⱪarap baⱪ.
13 ১৩ তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ’ব।
Kɵrüp bolƣandin keyin sǝnmu akang Ⱨarunƣa ohxax ɵz hǝlⱪliringgǝ ⱪoxulisǝn.
14 ১৪ কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।” সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।
Qünki Zin qɵlidǝ, jamaǝt jedǝl qiⱪarƣan qaƣda, ikkinglar Mening buyruⱪimƣa asiyliⱪ ⱪilip, suning ixida (Zin qɵlidǝ, Ⱪadǝxtiki «Mǝribaⱨ suliri» degǝn jayda) Meni jamaǝtning aldida muⱪǝddǝs dǝp ⱨɵrmǝtlimidinglar, — dedi.
15 ১৫ তেতিয়া মোচিয়ে যিহোৱাক ক’লে,
Musa Pǝrwǝrdigarƣa sɵz ⱪilip:
16 ১৬ “হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে
— I Pǝrwǝrdigar, barliⱪ ǝt igilirining roⱨlirining Hudasi, Ɵz jamaitining padiqisiz padidǝk bolup ⱪelixining aldini elix üqün jamaǝtni idarǝ ⱪilidiƣan, ularning aldiƣa kirip qiⱪalaydiƣan, ularni baxlap mangalaydiƣan bir adǝmni tiklǝp berixingni tilǝymǝn, — dedi.
17 ১৭ ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”
18 ১৮ তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,
Sǝn Nunning oƣli Yǝxuani talliƣin, — dedi Pǝrwǝrdigar Musaƣa, — Uningda Roⱨim bar, sǝn ⱪolungni uning bexiƣa ⱪoy,
19 ১৯ আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।
uni kaⱨin Əliazar wǝ barliⱪ jamaǝtning aldida turƣuzup wǝzipigǝ ⱪoy.
20 ২০ ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।
Sǝn pütkül Israil jamaiti uning gepigǝ kirixi üqün ɵzüngning izzǝt-xɵⱨritingdin bir ⱪismini uningƣa bǝrgin.
21 ২১ তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”
U kaⱨin Əliazarning aldida tursun, [Əliazar] urimning ⱨɵkümini wasitǝ ⱪilip turup, Pǝrwǝrdigarning ⱨuzurida uning üqün yol sorisun; Israil hǝlⱪi, yǝni pütkül jamaǝt uning buyruⱪi bilǝn qiⱪidu, uning buyruⱪi bilǝn kirixi kerǝk.
22 ২২ পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।
Xuning bilǝn Musa Pǝrwǝrdigarning buyruⱪi boyiqǝ ix kɵrüp, Yǝxuani baxlap kelip, kaⱨin Əliazarning wǝ barliⱪ jamaǝtning aldida turƣuzdi;
23 ২৩ তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।
[Əliazar] ⱪolini uning bexiƣa ⱪoyup, uni Pǝrwǝrdigarning Musaning wasitisi bilǝn buyruƣinidǝk wǝzipigǝ ⱪoydi.