< গণনা পুস্তক 27 >
1 ১ পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
Kisah wakaja kwa Musa binti wa Zelofehadi mwana wa Hefa mwana wa Gilied mwana wa Machiri mwana wa Manase, wa ukoo wa Manase mwana wa Yusufu. Hawa ndio waliokuwa binti zake: Mahala, Noha, Hogla, Milika, na Tiriza.
2 ২ তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,
Walisimama mbele ya Musa, Eliazari kuhani, kwa. viongozi, na mbele ya watu wote langoni mwa hema ya kukutania. Walisema,
3 ৩ “আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।
“Baba yetu alifia jangwani. Hakuwa mmoja wa wale waliompinga BWANA katika lile kundi la Kora. Alikufa kwa dhambi zake, na hakuwa na watoto wa kiume.
4 ৪ আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”
Kwa nini jina la baba yetu liondolewe mioingoni mwa ukoo wa jamaa zake kwa sababu ya kukosa wana? Tupeni ardhi miongoni mwa ndugu wa baba zetu.”
5 ৫ তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।
Kwa hiyo Musa alileta shauri hilo mbele za BWANA.
6 ৬ তেতিয়া যিহোৱাই মোচিক কলে,
BWANA akanena na Musa akamwambia, “Binti wa
7 ৭ “চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা।
Zelofehadi wanasema kitu sahihi. Lazima uwaptie ardhi kama urithi miongoni mwa ndugu wa baba zao, na uhakikishe kuwa urithi wa baba zao wanapata.
8 ৮ আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।
Utawaambia wana wa Israeli na kusema, 'Kama mtu anakufa na hana mtoto wa kiume, basi utaufanya urithi wake wapewe binti zake.
9 ৯ যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।
Kama hana binti, basi urithi wake atapewa kaka zake.
10 ১০ যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।
Kama hana kaka zake basi huo urithi watapewa ndugu wa baba yake.
11 ১১ যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”
Kama baba yake hana ndugu, basi huo urithi atapewa ndugu yake wa karibu katika ukoo, na utauchukua kuwa wake. Hii itakuwa sheria iliyoanzishwa kwa amri kwa ajili ya watu wa Israeli kama BWANA akivyoniamuru.”
12 ১২ যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।
BWANA alimwamia Musa, “Nenda juu ya mlima Abaraimu na uitazama nchi ambyo nimewapa wana wa Israeli.
13 ১৩ তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ’ব।
Baada ya kuwa umeiona, pia lazima ufe, kama Haruni kaka yako.
14 ১৪ কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।” সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।
Hii itatokea kwa sababu ulipinga amri yangu katika jangwa la Sini. Pale ambapo maji yalitoka kwenye mwamba, katika hasira yako ulishindwa kuniheshimu mimi kama mtakatifu mbele ya macho ya watu wote.” Haya ni yale maji ya Meriba ya Kadeshi katika jangwa la Sini.
15 ১৫ তেতিয়া মোচিয়ে যিহোৱাক ক’লে,
Ndipo Musa akamwambia BWANA akisema,
16 ১৬ “হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে
“Wewe, BWANA, Mungu wa wote wenye mwili, uchague mtu awe juu ya watu,
17 ১৭ ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”
mtu ambaye atatoka na kuingia kuja kwao na kuwatoa kisha kuwarudisha, ili kwamba watu wako wasije kuwa kama kondoo wasiokuwa na mchungaji.”
18 ১৮ তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,
BWANA akanena na Musa, “Mchukue Joshua mwana wa Nuni, mtu ambaye Roho yangu hukaa, na umwekee mikono yako juu yake.
19 ১৯ আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।
Umweke mbele ya Eliazari kuhani na mbele ya watu wote, na umwamuru kuwaongoza mbele ya macho yao.
20 ২০ ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।
Utaweka baadhi ya mamlaka yako kwake, ili kwamba watu wote wa Isareli wamtii.
21 ২১ তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”
Ataenda mbele ya Eliazari kuhani ili kutafuta mapenzi yangu kwake kwa ajili ya maamuzi ya kura. Yeye ndiyo atakayetoa amri ili watu kutoka na kuingia, yeye pamoja na watu wa Israeli, ambao ni watu wote.”
22 ২২ পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।
Kwa hiyo Musa akafanya kama alivyoagizwa na BWANA. Alimchukua Joshua na kumweka mbele ya Eliazari kuhani na mbele ya jamii yote.
23 ২৩ তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।
Akaweka mikono yake juuy ake na kumwamuru aongoze, kama BWANA alivyokuwa amemwamuru kufanya.