< গণনা পুস্তক 24 >
1 ১ যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।
cumque vidisset Balaam quod placeret Domino ut benediceret Israheli nequaquam abiit ut ante perrexerat ut augurium quaereret sed dirigens contra desertum vultum suum
2 ২ বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
et elevans oculos vidit Israhel in tentoriis commorantem per tribus suas et inruente in se spiritu Dei
3 ৩ তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল, সেই পুৰুষে কৈছে,
adsumpta parabola ait dixit Balaam filius Beor dixit homo cuius obturatus est oculus
4 ৪ যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে।
dixit auditor sermonum Dei qui visionem Omnipotentis intuitus est qui cadit et sic aperiuntur oculi eius
5 ৫ হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
quam pulchra tabernacula tua Iacob et tentoria tua Israhel
6 ৬ সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত, আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ, যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা, আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য।
ut valles nemorosae ut horti iuxta fluvios inrigui ut tabernacula quae fixit Dominus quasi cedri propter aquas
7 ৭ তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে; তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব, তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব, তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।
fluet aqua de situla eius et semen illius erit in aquas multas tolletur propter Agag rex eius et auferetur regnum illius
8 ৮ ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।
Deus eduxit illum de Aegypto cuius fortitudo similis est rinocerotis devorabunt gentes hostes illius ossaque eorum confringent et perforabunt sagittis
9 ৯ তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।
accubans dormivit ut leo et quasi leaena quam suscitare nullus audebit qui benedixerit tibi erit ipse benedictus qui maledixerit in maledictione reputabitur
10 ১০ তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
iratusque Balac contra Balaam conplosis manibus ait ad maledicendum inimicis meis vocavi te quibus e contrario tertio benedixisti
11 ১১ এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
revertere ad locum tuum decreveram quidem magnifice honorare te sed Dominus privavit te honore disposito
12 ১২ তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
respondit Balaam ad Balac nonne nuntiis tuis quos misisti ad me dixi
13 ১৩ ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
si dederit mihi Balac plenam domum suam argenti et auri non potero praeterire sermonem Domini Dei mei ut vel boni quid vel mali proferam ex corde meo sed quicquid Dominus dixerit hoc loquar
14 ১৪ এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
verumtamen pergens ad populum meum dabo consilium quid populus tuus huic populo faciat extremo tempore
15 ১৫ বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
sumpta igitur parabola rursum ait dixit Balaam filius Beor dixit homo cuius obturatus est oculus
16 ১৬ এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে, আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, সেই জনে মাটিত পৰি চকু মেলি কৈছে।
dixit auditor sermonum Dei qui novit doctrinam Altissimi et visiones Omnipotentis videt qui cadens apertos habet oculos
17 ১৭ মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
videbo eum sed non modo intuebor illum sed non prope orietur stella ex Iacob et consurget virga de Israhel et percutiet duces Moab vastabitque omnes filios Seth
18 ১৮ তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
et erit Idumea possessio eius hereditas Seir cedet inimicis suis Israhel vero fortiter aget
19 ১৯ যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।
de Iacob erit qui dominetur et perdat reliquias civitatis
20 ২০ তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”
cumque vidisset Amalech adsumens parabolam ait principium gentium Amalech cuius extrema perdentur
21 ২১ তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা।
vidit quoque Cineum et adsumpta parabola ait robustum est quidem habitaculum tuum sed si in petra posueris nidum tuum
22 ২২ তথাপি কেনীয়ালোক বিনষ্ট হ’ব, শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব।
et fueris electus de stirpe Cain quamdiu poteris permanere Assur enim capiet te
23 ২৩ তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে, হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?
adsumptaque parabola iterum locutus est heu quis victurus est quando ista faciet Deus
24 ২৪ আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”
venient in trieribus de Italia superabunt Assyrios vastabuntque Hebraeos et ad extremum etiam ipsi peribunt
25 ২৫ তেতিয়া বিলিয়মে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।
surrexitque Balaam et reversus est in locum suum Balac quoque via qua venerat rediit