< গণনা পুস্তক 23 >
1 ১ বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”
Og Bileam sagde til Balak: "Byg mig syv Altre her og skaf mig syv unge Tyre og syv Vædre herhen!"
2 ২ বালাকে বিলিয়মৰ কথাৰ দৰেই কৰিলে। তেতিয়া বালাক আৰু বিলিয়মে প্রত্যেকটা যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
Balak gjorde, som Bileam sagde, og Balak og Bileam ofrede en Tyr og en Væder på hvert Alter.
3 ৩ তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।
Derpå sagde Bileam til Balak: "Bliv stående her ved dit Brændoffer, så vil jeg gå hen og se, om HERREN mulig kommer mig i Møde. Hvad han da lader mig skue, skal jeg lade dig vide." Så gik han op på en nøgen Klippetop.
4 ৪ তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে, “মই সাতোটা যজ্ঞবেদী যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলোঁ।”
Da kom Gud Bileam i Møde. Og han sagde til ham: "Jeg har gjort de syv Altre i Stand og ofret en Tyr og en Væder på hvert."
5 ৫ তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
Og Gud lagde Bileam Ord i Munden og sagde: "Vend tilbage til Balak og tal således til ham!"
6 ৬ তেতিয়া বিলিয়ম বালাকৰ ওচৰলৈ উলটি গ’ল, চোৱা, সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম বলিৰ ওচৰত থিয় হৈ আছিল।
Da vendte han tilbage til ham, og se, han stod ved sit Brændoffer sammen med alle Moabs Høvdinger.
7 ৭ তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
Og han fremsatte sit Sprog: Fra Aram lod Balak mig hente, Moabs Konge fra Østens Bjerge: "Kom og forband mig Jakob, kom og kald Vrede ned over Isrrael!"
8 ৮ কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম? আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?
Hvor kan jeg forbande, når Gud ej forbander, nedkalde Vrede, når HERREN ej vreds!
9 ৯ কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ; আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ। চোৱা, তেওঁলোক অকলে বাস কৰা লোক জাতি সমূহৰ মাজত তেওঁলোক গণিত নহয়।
Jeg ser det fra Klippernes Top, fra Højderne skuer jeg det, et Folk, der bor for sig selv og ikke regner sig til Hedningefolkene.
10 ১০ যাকোবৰ ধূলি কোনে লেখ কৰিব পাৰে? বা ইস্ৰায়েলৰ চাৰি ভাগৰ এভাগকে কোনে গণিব পাৰে? ধাৰ্মিকৰ মৃত্যুৰ নিচিনা মোৰ মৃত্যু হওঁক, আৰু তেওঁৰ শেষ গতিৰ নিচিনা মোৰ শেষগতি হওঁক।”
Hvem kan måle Jakobs Sandskorn, hvem kan tælle Israels Støvgran? Min Sjæl dø de oprigtiges Død, og mit Endeligt vorde som deres!
11 ১১ তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
Da sagde Balak til Bileam: "Hvad har du gjort imod mig! Jeg lod dig hente, for at du skulde forbande mine Fjender, og se, du har velsignet dem!"
12 ১২ তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
Men han svarede: "Skal jeg ikke omhyggeligt sige, hvad HERREN Iægger mig i Munden?"
13 ১৩ পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”
Da sagde Balak til ham: "Følg med mig til et andet Sted, hvorfra du kan se Folket, dog kun den yderste Del deraf og ikke det hele, og forband mig det så fra det Sted!"
14 ১৪ তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
Og han tog ham med til Udkigsmarken på Toppen af Pisga og rejste der syv Altre og ofrede en Tyr og en Væder på hvert.
15 ১৫ পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”
Derpå sagde Bileam til Balak: "Bliv stående her ved dit Brændoffer, medens jeg ser efter, om der møder mig noget!"
16 ১৬ তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
Da kom Gud Bileam i Møde og lagde ham Ord i Munden og sagde: "Vend tilbage til Balak og tal således!"
17 ১৭ বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে?
Så kom han hen til ham, og se, han stod ved sit Brændoffer sammen med Moabs Høvdinger; og Balak spurgte ham: "Hvad har HERREN sagt?"
18 ১৮ বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে, “হে বালাক, উঠি শুনা, হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
Da fremsatte han sit Sprog: Rejs dig, Balak, og hør, lyt til mig, Zippors Søn!
19 ১৯ ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
Gud er ikke et Menneske, at han skulde lyve, et Menneskebarn, at han skulde angre; mon han siger noget uden at gøre det, mon han taler uden at fuldbyrde det?
20 ২০ চোৱা, মই আশীৰ্ব্বাদ কৰিবলৈ আজ্ঞা পালোঁ। তেওঁ আশীৰ্ব্বাদ কৰিলে; মই তাৰ অন্যথা কৰিব নোৱাৰোঁ।
Se, at velsigne er mig givet, så velsigner jeg og tager intet tilbage!
21 ২১ তেওঁ যাকোবত অধৰ্ম দেখা নাই, বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই; নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে, আৰু তেওঁলোকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।
Man skuer ej Nød i Jakob, ser ej Trængsel i Israel; HERREN dets Gud er med det, og Kongejubel lyder hos det.
22 ২২ ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে। তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।
Gud førte det ud af Ægypten, det har en Vildokses Horn.
23 ২৩ নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য কৰিলে!’
Thi mod Jakob hjælper ej Galder, Trolddom ikke mod Israel. Nu siger man om Jakob og om Israel: "Hvad har Gud gjort?"
24 ২৪ চোৱা, সেই লোক সমূহ সিংহীৰ দৰে উঠিছে, সিংহৰ দৰে নিজৰ গা দাঙিছে; তেওঁ ধৰা পশু নাখায়মানে নুশুব, আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”
Se, et Folk, der står op som en Løvinde, rejser sig som en Løve! Det lægger sig først, når det har ædt Rov og drukket de dræbtes Blod.
25 ২৫ তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি তেওঁলোকক সমূলি শাৱো নিদিব আৰু সমূলি আশীৰ্ব্বাদো নকৰিব।”
Da sagde Balak til Bileam: "Vil du ikke forbande det, så velsign det i alt Fald ikke!"
26 ২৬ তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”
Men Bileam svarede og sagde til Balak: "Har jeg ikke sagt dig, at alt, hvad HERREN siger, det gør jeg!"
27 ২৭ তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তুষ্ট হ’ব পাৰে।”
Da sagde Balak til Bileam: "Kom, jeg vil tage dig med til et andet Sted, måske det vil behage Gud, at du forbander mig det fra det Sted."
28 ২৮ গতিকে বালাকে যিচীমোনৰ ফাললৈ মুখ কৰা পিয়োৰৰ টিঙলৈ বিলিয়মক লৈ গ’ল।
Og Balak førte Bileam op på Toppen af Peor, der rager op over Ørkenen.
29 ২৯ বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”
Så sagde Bileam til Balak: "Byg mig syv Altre her og skaf mig syv unge Tyre og syv Vædre herhen!"
30 ৩০ তেতিয়া বালাকে বিলিয়মৰ বাক্য অনুসাৰে কাৰ্য কৰি, প্ৰত্যেক যজ্ঞবেদীতে এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
Balak gjorde, som Bileam sagde, og ofrede en Tyr og en Væder på hvert Alter.