< গণনা পুস্তক 22 >
1 ১ যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।
Stamtąd ruszyli się synowie Izraelscy, i położyli się obozem na polach Moabskich, z tej strony Jordanu przeciw Jerychowi.
2 ২ তেতিয়া আটাই ইস্ৰায়েলে ইমোৰীয়াসকললৈ কৰা আটাইকে চিপ্পোৰৰ পুত্ৰ বালাকে দেখি আছিল।
A widząc Balak, syn Seforów, wszystko, co uczynił Izrael Amorejczykowi,
3 ৩ আৰু মোৱাবে লোকসকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল; আৰু মোৱাব ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে অতিশয় ব্যাকুল হ’ল।
Uląkł się Moab tego ludu wielce, bo go było wiele; i zatrwożył sobą Moab dla synów Izraelskich.
4 ৪ মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
Przetoż rzekł Moab do starszych Madyjańskich: Teraz pożre to mnóstwo wszystko, co jest około nas, jako wół pożera trawę polną. A Balak, syn Seforów, był królem Moabskim na on czas.
5 ৫ তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।
I posłał posły do Balaama, syna Beorowego, do Pethoru miasta, które jest nad rzeką ziemi synów ludu jego, aby go wezwano, mówiąc: Oto lud wyszedł z Egiptu, oto okrył wierzch ziemi, i osadza się przeciwko mnie.
6 ৬ মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।”
Przetoż teraz przyjdź proszę, a przeklinaj mnie kwoli lud ten, bo możniejszy jest nad mię; owa snać go będę mógł porazić, i wygnać go z ziemi; bo ja wiem, że komu błogosławisz, błogosławiony będzie; a kogo przeklinasz, przeklęty będzie.
7 ৭ পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিদিয়নৰ বৃদ্ধসকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে।
Poszli tedy starsi Moabscy, i starsi Madyjańscy, mając zapłatę za wieszczbę w rękach swych.
8 ৮ তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।
A przyszedłszy do Balaama, powiedzieli mu słowa Balakowe. I rzekł do nich: Zostańcie tu przez noc, a dam wam odpowiedź, jako mi oznajmi Pan.
9 ৯ ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ লগত থকা এই লোকসকল কোন?”
I zostały książęta Moabskie z Balaamem. Tedy przyszedł Bóg do Balaama, i rzekł: Cóż to za mężowie u ciebie?
10 ১০ বিলিয়মে ঈশ্বৰক উত্তৰ দি ক’লে, “মোৱাবৰ ৰজা চিপ্পোৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে। তেওঁ কৈছে,
I odpowiedział Balaam Bogu: Balak, syn Seforów, król Moabski, posłał do mnie, mówiąc:
11 ১১ ‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
Oto lud, który wyszedł z Egiptu, i okrył wierzch ziemi; terazże pójdź, przeklinaj mi go; snać będę mógł walczyć z nim, i wypędzę go.
12 ১২ তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”
Tedy rzekł Bóg do Balaama: Nie chodź z nimi, ani przeklinaj ludu tego; bo jest błogosławiony.
13 ১৩ পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
A wstawszy rano Balaam rzekł do książąt Balakowych: Wróćcie się do ziemi waszej; bo mi nie pozwala Pan puścić się w drogę z wami.
14 ১৪ তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
Wstawszy tedy książęta Moabskie, wrócili się do Balaka, i powiedzieli: Nie chciał Balaam iść z nami.
15 ১৫ বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
Tedy po wtóre posłał Balak więcej książąt, i zacniejszych nad pierwsze.
16 ১৬ তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
Którzy przyszedłszy do Balaama, mówili mu: Tak mówi Balak, syn Seforów: Nie ociągaj się proszę przyjść do mnie;
17 ১৭ কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
Albowiem ci wielką uczciwość wyrządzę, i wszystko, cobyś mi rzekł, uczynię; tylko przyjdź proszę a przeklinaj mi ten lud.
18 ১৮ তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
Tedy odpowiedział Balaam, i rzekł do sług Balakowych: Choćby mi dał Balak pełen dom swój srebra i złota, nie mógłbym przestąpić słów Pana, Boga mego, i uczynić przeciwko niemu, bądź mało bądź wiele;
19 ১৯ এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
Ale proszę zostańcie tu i wy przez noc, a dowiem się, co jeszcze Pan będzie mówił ze mną.
20 ২০ পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
Tedy przyszedł Bóg do Balaama w nocy, i rzekł do niego: Jeźliż, aby cię wezwali, przyszli mężowie ci, wstańże, idź z nimi; a wszakże, coć rozkażę, to uczynisz.
21 ২১ বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে।
Tedy wstawszy Balaam rano, osiodłał oślicę swoją, i jechał z książęty Moabskimi.
22 ২২ পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
I rozpalił się gniew Boży, że on jechał; i stanął Anioł Pański na drodze, aby mu zastąpił; a on jechał na oślicy swojej, i dwoje pacholąt jego z nim.
23 ২৩ তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
A gdy ujrzała oślica Anioła Pańskiego, stojącego na drodze, a miecz jego dobyty w ręce jego, tedy ustąpiła oślica z drogi a szła na rolę, lecz bił Balaam oślicę, aby ją nawiódł na drogę.
24 ২৪ তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
Tedy stanął Anioł Pański na ścieżce u winnicy między dwoma płoty.
25 ২৫ গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
A widząc oślica Anioła Pańskiego, przyciskała się do płota, tak iż przyparła nogę Balaamową do ściany; a on znowu ją bił.
26 ২৬ যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
Potem Anioł Pański szedł dalej, i stanął na miejscu ciasnem, gdzie nie było drogi do ustąpienia na prawo ani na lewo;
27 ২৭ তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
A widząc oślica Anioła Pańskiego, padła pod Balaamem; i rozgniewał się Balaam wielce, a bił oślicę kijem.
28 ২৮ তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
Zatem otworzył Pan usta onej oślicy, i rzekła do Balaama: Cóżem ci uczyniła, żeś mię bił już po trzy kroć?
29 ২৯ বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”
I rzekł Balaam do oślicy: Iż ze mnie szydzisz; bym był miał miecz w ręku swych, byłbym cię teraz zabił.
30 ৩০ গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?” বিলিয়মে ক’লে, “নাই কৰা।”
Tedy oślica rzekła do Balaama: Azażem ja nie oślica twoja, na którejś jeżdżał, jakoś mię dostał, aż do tego czasu? A on rzekł: Nigdy.
31 ৩১ তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল।
Wtem otworzył Pan oczy Balaamowe, że obaczył Anioła Pańskiego, stojącego na drodze, i miecz jego dobyty w ręce jego; tedy skłoniwszy się, pokłonił się twarzą swoją.
32 ৩২ তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা।
I rzekł do niego Anioł Pański: Przeczżeś bił oślicę swoję już po trzy kroć? Otom Ja wyszedł, abym się tobie sprzeciwił; bo przewrotna jest droga twoja przede mną;
33 ৩৩ আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।”
A widząc mię oślica ustąpiła przede mną po trzy kroć, a gdyby była nie ustąpiła przede mną, już bym cię był teraz zabił a onę bym był żywą zostawił.
34 ৩৪ বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।”
Zatem rzekł Balaam do Anioła Pańskiego: Zgrzeszyłem, albowiem nie widziałem, żeś ty stanął przeciwko mnie na drodze; przetoż teraz, jeźlić się to nie podoba, wrócę się.
35 ৩৫ তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।
Lecz Anioł Pański rzekł do Balaama: Jedź z ludźmi tymi; wszakże tylko, co Ja tobie powiem, mówić będziesz. I jechał Balaam z książęty Balakowymi.
36 ৩৬ পাছে বিলিয়ম অহাৰ বাতৰি শুনি, বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অৰ্ণোনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ’ল।
A gdy usłyszał Balak, iż przyjeżdża Balaam, wyjechał przeciwko niemu, do niektórego miasta Moabskiego, które jest na granicy Arnonu, które jest przy końcu granicy.
37 ৩৭ পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”
Tedy rzekł Balak do Balaama: Azażem z pilnością nie posyłał do ciebie wzywając cię? Czemużeś nie przyjechał do mnie? azaż cię zacnie uczcić nie mogę?
38 ৩৮ তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
I rzekł Balaam do Balaka: Otom przyjechał do ciebie; izali teraz, choćbym chciał, będę mógł co mówić? słowo, które włoży Bóg w usta moje, mówić będę.
39 ৩৯ বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি।
Tedy jechał Balaam z Balakiem a przyjechali do miasta Husot.
40 ৪০ আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি, বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে।
A tak Balak dał nabić wołów i owiec, i posłał do Balaama, i do książąt, którzy z nim byli.
41 ৪১ পাছত ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্র ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।
I stało się nazajutrz, że wziął Balak Balaama, i wprowadził go na wyżyny Baalowe, skąd widział i najdalszą część ludu.