< গণনা পুস্তক 22 >

1 যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।
قوم اسرائیل به دشت موآب کوچ کرده، در سمت شرقی رود اردن، روبروی اریحا اردو زدند.
2 তেতিয়া আটাই ইস্ৰায়েলে ইমোৰীয়াসকললৈ কৰা আটাইকে চিপ্পোৰৰ পুত্ৰ বালাকে দেখি আছিল।
بالاق (پسر صِفّور) پادشاه موآب هر آنچه را که بنی‌اسرائیل با اموریان کرده بودند، دید.
3 আৰু মোৱাবে লোকসকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল; আৰু মোৱাব ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে অতিশয় ব্যাকুল হ’ল।
و وقتی موآبیان تعداد قوم اسرائیل را دیدند، وحشت کردند.
4 মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
موآبیان برای مشایخ مدیان پیام فرستاده، گفتند: «این جمعیت کثیر، ما را مثل گاوی که علف می‌خورد خواهند بلعید!» پس بالاق پادشاه
5 তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।
سفیرانی با این پیام نزد بلعام (پسر بعور) که در سرزمین اجدادی خود فتور، واقع در کنار رود فرات زندگی می‌کرد فرستاد: «قومی بزرگ از مصر بیرون آمده‌اند؛ مردمش همه جا پخش شده‌اند و به سوی سرزمین من می‌آیند.
6 মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।”
درخواست می‌کنم بیایی و این قوم را برای من نفرین کنی، زیرا از ما قویترند. شاید به این وسیله بتوانم آنان را شکست داده، از سرزمین خود بیرون کنم. زیرا می‌دانم هر که را تو برکت دهی برکت خواهد یافت و هر که را نفرین کنی، زیر لعنت قرار خواهد گرفت.»
7 পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিদিয়নৰ বৃদ্ধসকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে।
سفیران از مشایخ موآب و مدیان بودند. ایشان با مزد فالگیری نزد بلعام رفتند و پیام بالاق را به او دادند.
8 তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।
بلعام گفت: «شب را اینجا بمانید و فردا صبح آنچه که خداوند به من بگوید، به شما خواهم گفت.» پس آنها شب را در آنجا به سر بردند.
9 ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ লগত থকা এই লোকসকল কোন?”
آن شب، خدا نزد بلعام آمده، از او پرسید: «این مردان کیستند؟»
10 ১০ বিলিয়মে ঈশ্বৰক উত্তৰ দি ক’লে, “মোৱাবৰ ৰজা চিপ্পোৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে। তেওঁ কৈছে,
بلعام جواب داد: «ایشان از پیش بالاق، پادشاه موآب آمده‌اند.
11 ১১ ‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
بالاق می‌گوید که گروه بی‌شماری از مصر به مرز کشور او رسیده‌اند و از من خواسته است بی‌درنگ بروم و آنها را نفرین کنم تا شاید قدرت یافته، بتواند آنها را از سرزمینش بیرون کند.»
12 ১২ তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”
خدا به وی فرمود: «با آنها نرو. تو نباید این قوم را نفرین کنی، چون من ایشان را برکت داده‌ام.»
13 ১৩ পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
صبح روز بعد، بلعام به فرستادگان بالاق گفت: «به سرزمین خود بازگردید. خداوند به من اجازه نمی‌دهد این کار را انجام دهم.»
14 ১৪ তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
فرستادگان بالاق بازگشته به وی گفتند که بلعام از آمدن خودداری می‌کند.
15 ১৫ বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
اما بالاق بار دیگر گروه بزرگتر و مهمتری فرستاد.
16 ১৬ তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
آنها با این پیغام نزد بلعام آمدند: «بالاق پادشاه به تو التماس می‌کند که بیایی. او قول داده است که پاداش خوبی به تو دهد و هر چه بخواهی برایت انجام دهد. فقط بیا و این قوم را نفرین کن.»
17 ১৭ কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
18 ১৮ তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
ولی بلعام جواب داد: «اگر او کاخی پر از طلا و نقره هم به من بدهد، نمی‌توانم کاری را که خلاف دستور خداوند، خدای من باشد، انجام دهم.
19 ১৯ এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
به هر حال، امشب اینجا بمانید تا ببینم آیا خداوند چیزی غیر از آنچه قبلاً فرموده است خواهد گفت یا نه.»
20 ২০ পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
آن شب خدا به بلعام فرمود: «برخیز و با این مردان برو، ولی فقط آنچه را که من به تو می‌گویم بگو.»
21 ২১ বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে।
بلعام صبح برخاست و الاغ خود را پالان کرده، با فرستادگان بالاق حرکت نمود.
22 ২২ পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
اما خدا از رفتن بلعام خشمناک شد و فرشته‌ای به سر راهش فرستاد تا راه را بر او ببندد. در حالی که بلعام سوار بر الاغ، همراه دو نوکرش به پیش می‌رفت، ناگهان الاغ بلعام فرشتهٔ خداوند را دید که شمشیری به دست گرفته، و سر راه ایستاده است. پس الاغ از مسیر جاده منحرف شده، به مزرعه‌ای رفت، ولی بلعام او را زد و به جاده بازگرداند.
23 ২৩ তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
24 ২৪ তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
بعد فرشتهٔ خداوند در راهی باریک بین دو تاکستان، که در هر دو طرف آن دیواری قرار داشت، ایستاد.
25 ২৫ গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
الاغ وقتی دید فرشتۀ خداوند آنجا ایستاده است، خودش را به دیوار چسبانیده، پای بلعام را به دیوار فشرد. پس او دوباره الاغ را زد.
26 ২৬ যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
آنگاه فرشته کمی پایینتر رفت و در جایی بسیار تنگ ایستاد، به طوری که الاغ به هیچ وجه نمی‌توانست از کنارش بگذرد.
27 ২৭ তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
پس الاغ در وسط جاده خوابید. بلعام خشمگین شد و باز با چوبدستی خود الاغ را زد.
28 ২৮ তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
آنگاه خداوند الاغ را به حرف آورد و الاغ گفت: «مگر من چه کرده‌ام؟ چرا مرا سه بار زدی؟»
29 ২৯ বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”
بلعام گفت: «برای اینکه مرا مسخره کرده‌ای! ای کاش شمشیری داشتم و تو را همین جا می‌کشتم!»
30 ৩০ গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?” বিলিয়মে ক’লে, “নাই কৰা।”
الاغ گفت: «آیا قبلاً در تمام عمرم هرگز چنین کاری کرده بودم؟» بلعام گفت: «نه.»
31 ৩১ তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল।
آنگاه خداوند چشمان بلعام را باز کرد و او فرشتهٔ خداوند را دید که شمشیری به دست گرفته و سر راه ایستاده است. پس پیش او به خاک افتاد.
32 ৩২ তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা।
فرشتۀ خداوند گفت: «چرا سه دفعه الاغ خود را زدی؟ من آمده‌ام تا مانع رفتن تو شوم، چون این سفر تو از روی تمرد است.
33 ৩৩ আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।”
این الاغ سه بار مرا دید و خود را از من کنار کشید. اگر این کار را نمی‌کرد تا به حال تو را کشته بودم، و او را زنده می‌گذاشتم.»
34 ৩৪ বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।”
آنگاه بلعام اعتراف کرده، گفت: «من گناه کرده‌ام. من متوجه نشدم که تو سر راه من ایستاده بودی. حال اگر تو با رفتن من موافق نیستی، به خانه‌ام باز می‌گردم.»
35 ৩৫ তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।
فرشته به او گفت: «با این افراد برو، ولی فقط آنچه را که من به تو می‌گویم، بگو.» پس بلعام با سفیران بالاق به راه خود ادامه داد.
36 ৩৬ পাছে বিলিয়ম অহাৰ বাতৰি শুনি, বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অৰ্ণোনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ’ল।
بالاق پادشاه وقتی شنید بلعام در راه است، از پایتخت خود بیرون آمده، تا رود ارنون واقع در مرز کشورش به استقبال او رفت.
37 ৩৭ পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”
بالاق از بلعام پرسید: «چرا وقتی بار اول تو را احضار کردم، نیامدی؟ آیا فکر کردی نمی‌توانم پاداش خوبی به تو بدهم.»
38 ৩৮ তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
بلعام جواب داد: «الان آمده‌ام، ولی قدرت ندارم چیزی بگویم. من فقط آنچه را که خدا بر زبانم بگذارد خواهم گفت.»
39 ৩৯ বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি।
بلعام همراه بالاق به قریه حصوت رفت.
40 ৪০ আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি, বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে।
در آنجا بالاق پادشاه گاو و گوسفند قربانی کرد و از گوشت آنها به بلعام و سفیرانی که فرستاده بود، داد.
41 ৪১ পাছত ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্র ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।
صبح روز بعد، بالاق بلعام را به بالای کوه بموت بعل برد تا از آنجا قسمتی از قوم اسرائیل را ببیند.

< গণনা পুস্তক 22 >