< গণনা পুস্তক 21 >

1 পাছত দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে।
Mfumu ya Akanaani ya ku Aradi, imene inkakhala ku Negevi, itamva kuti Aisraeli akubwera kudzera msewu wopita ku Atarimu, inachita nkhondo ndi Aisraeli nigwira ena mwa iwo.
2 তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।”
Ndipo Israeli anachita lonjezo ili kwa Yehova: “Mukapereka anthu awa mʼdzanja lathu ife tidzawonongeratu mizinda yawo.”
3 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
Yehova anamva pempho la Aisraeli ndipo anapereka Akanaaniwo kwa iwo. Anawawononga pamodzi ndi mizinda yawo. Kotero malowo anatchedwa Horima.
4 পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ’ল।
Aisraeli anayenda kuchokera ku phiri la Hori kudzera njira ya ku Nyanja Yofiira kuzungulira dziko la Edomu. Koma anthu anataya mtima mʼnjiramo
5 আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
ndipo anayankhula motsutsana ndi Mulungu ndi Mose, nati, “Chifukwa chiyani munatitulutsa kuchoka mʼdziko la Igupto kuti tidzafere mʼchipululu muno? Kuno kulibe chakudya, kulibe madzi ndipo chakudya cha chabechabechi tatopa nacho.”
6 তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
Choncho Yehova anatumiza njoka zaululu pakati pawo. Zinaluma anthu ndipo Aisraeli ambiri anafa.
7 লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
Anthuwo anabwera kwa Mose ndi kunena kuti, “Tachimwa chifukwa tayankhula motsutsana ndi Yehova komanso inu. Pempherani kwa Yehova kuti atichotsere njokazi.” Tsono Mose anapempherera anthuwo.
8 যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচানস্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীৱ।”
Yehova anati kwa Mose, “Upange njoka yaululu ndipo uyipachike pa mtengo. Aliyense amene walumidwa akangoyangʼana njokayo adzakhala ndi moyo.”
9 তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীলে।
Pamenepo Mose anapanga njoka yamkuwa ndi kuyipachika pa mtengo. Ndipo aliyense wolumidwa akayangʼana njoka yamkuwayo ankakhala ndi moyo.
10 ১০ তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে।
Aisraeli anayendabe nakamanga misasa yawo ku Oboti.
11 ১১ আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।
Kenaka anasamuka ku Oboti nakamanga misasa yawo ku Iye-Abarimu, mʼchipululu chimene chili kummawa kwa Mowabu, kotulukira dzuwa.
12 ১২ তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে।
Kuchoka kumeneko anayendabe nakamanga misasa yawo mʼchigwa cha Zeredi.
13 ১৩ আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমোৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।
Anasamukanso kumeneko nakamanga moyandikana ndi Arinoni mʼdera limene lili mʼchipululu chimene chimafika mʼdziko la Aamori. Arinoni ndiwo malire a Mowabu ndi Aamori.
14 ১৪ এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে, “চুফাত বাহেবক, অৰ্ণোনৰ উপত্যকাবোৰক,
Nʼchifukwa chake Buku la Nkhondo za Yehova limati, “Mzinda wa Wahebu uli mu Sufa, mu zigwa za Arinoni,
15 ১৫ আৰু আৰ নামেৰে লোকালয়লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।
ku matsitso a zigwa amene afika mpaka ku Ari nakhudza malire a dziko la Mowabu.”
16 ১৬ তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”
Kuchokera kumeneko anapitirira mpaka ku Beeri, pa chitsime chomwe Yehova anawuza Mose kuti, “Sonkhanitsa anthu pamodzi ndipo ndidzawapatsa madzi.”
17 ১৭ সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে: “হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা।
Pamenepo Aisraeli anayimba nyimbo iyi: “Tulutsa madzi, chitsime iwe! Chiyimbireni nyimbo,
18 ১৮ এয়ে অধ্যক্ষ সকলে খনা নাদ, লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে।” পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ।
chitsime chomwe anakumba mafumu, chomwe anakumba anthu omveka, ndi ndodo zawo zaufumu ndi ndodo zawo zoyendera.” Kenaka anachoka ku chipululu ndi kupita ku Matana.
19 ১৯ মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ,
Kuchoka ku Matana anapita ku Nahalieli, kuchoka ku Nahalieli anapita ku Bamoti,
20 ২০ আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।
ndipo atachoka ku Bamoti anapita ku chigwa cha dziko la Mowabu kudzera njira ya pamwamba pa phiri la Pisiga, moyangʼanana ndi Yesimoni.
21 ২১ পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে,
Aisraeli anatumiza amithenga kwa Sihoni mfumu ya Aamori, kuti,
22 ২২ “তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।”
“Tiloleni kuti tidutse mʼdziko mwanu. Sitidzapatukira mʼminda mwanu kapena mu mpesa wanu kapena kumwa madzi mʼchitsime chili chonse. Tidzayenda mu msewu waukulu wa mfumu mpaka titadutsa malire a dziko lanu.”
23 ২৩ তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
Koma Sihoni sanalole kuti Aisraeli adutse mʼdziko mwake. Iye anasonkhanitsa pamodzi ankhondo ake onse kuti akamenyane ndi Aisraeli mʼchipululu. Atafika pa Yahazi anamenyana ndi Aisraeli.
24 ২৪ ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।
Koma Aisraeli anamupha ndi kulanda dziko lake kuchokera ku Arinoni mpaka ku Yaboki, kulekezera mʼmalire a dziko la Aamoni, chifukwa malire a dziko la Aamoni anali otetezedwa.
25 ২৫ এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে।
Ndipo Aisraeli analanda mizinda yonse ya Aamori, nakhalamo kuphatikizapo Hesiboni ndi midzi yake yozungulira.
26 ২৬ কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
Hesiboni unali mzinda wa Sihoni mfumu ya Aamori, yemwe anamenyana ndi mfumu yakale ya dziko la Mowabu. Lonselo linakhala dziko lake mpaka ku Arinoni.
27 ২৭ এই কাৰণে কবি সকলে কয়, “তোমালোক হিচবোনলৈ আহা, চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
Nʼchifukwa chake alakatuli amati: “Bwerani ku Hesiboni, mzindawo umangidwenso; mzinda wa Sihoni ukhazikike.
28 ২৮ কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।
“Moto unabuka ku Hesiboni, malawi a moto kuchokera mu mzinda wa Sihoni. Unanyeketsa Ari mzinda wa ku Mowabu, nzika za ku malo okwera a Arinoni.
29 ২৯ হে মোৱাব!, তোমাৰ সন্তাপ হ’ল, আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট থ’লো; সি নিজৰ পুতেকসকলক পলাবলৈ, আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
Tsoka kwa iwe Mowabu! Mwawonongedwa inu anthu a ku Kemosi! Ana ake aamuna wawasandutsa ngati anthu othawathawa ndipo ana ake aakazi ngati akapolo, akapolo a Sihoni, mfumu ya Aamori.
30 ৩০ আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
“Koma ife tawagonjetsa; Hesiboni wawonongedwa mʼnjira monse mpaka kufika ku Diboni. Tawaphwasula mpaka ku mzinda wa Nofa, mzinda womwe umafika ku Medeba.
31 ৩১ এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে।
“Choncho Aisraeli anakhala mʼdziko la Aamori.”
32 ৩২ মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
Mose atatumiza azondi ku Yazeri, Aisraeliwo analanda midzi yozungulira ndi kuthamangitsa Aamori omwe ankakhala kumeneko.
33 ৩৩ তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল।
Kenaka anabwerera, nadzera njira ya ku Basani. Choncho Ogi mfumu ya ku Basani ndi gulu lake lonse lankhondo anatuluka kukakumana nawo ndipo anamenyana nawo ku Ederi.
34 ৩৪ তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।”
Yehova anati kwa Mose, “Usachite naye mantha pakuti ndamupereka mʼmanja mwako pamodzi ndi gulu lake lonse lankhondo ndi dziko lake lomwe. Ndipo uchite kwa iye zimene unachita Sihoni mfumu ya Aamori, amene ankalamulira ku Hesiboni.”
35 ৩৫ গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।
Choncho Aisraeli anapha Ogi pamodzi ndi ana ake aamuna ndi gulu lake lonse la nkhondo. Palibe ndi mmodzi yemwe amene anatsala wamoyo, ndipo analanda dziko lakelo.

< গণনা পুস্তক 21 >