< গণনা পুস্তক 2 >
1 ১ যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে,
Y HABLÓ Jehová á Moisés y á Aarón, diciendo:
2 ২ “ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব।
Los hijos de Israel acamparán cada uno junto á su bandera, según las enseñas de las casas de sus padres; alrededor del tabernáculo del testimonio acamparán.
3 ৩ যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
Estos acamparán al levante, al oriente: la bandera del ejército de Judá, por sus escuadrones; y el jefe de los hijos de Judá, Naasón hijo de Aminadab:
4 ৪ তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।
Su hueste, con los contados de ellos, setenta y cuatro mil y seiscientos.
5 ৫ তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
Junto á él acamparán los de la tribu de Issachâr: y el jefe de los hijos de Issachâr, Nathanael hijo de Suar;
6 ৬ নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ।
Y su hueste, con sus contados, cincuenta y cuatro mil y cuatrocientos:
7 ৭ ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
[Y] la tribu de Zabulón: y el jefe de los hijos de Zabulón, Eliab hijo de Helón;
8 ৮ জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ।
Y su hueste, con sus contados, cincuenta y siete mil y cuatrocientos.
9 ৯ যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব।
Todos los contados en el ejército de Judá, ciento ochenta y seis mil y cuatrocientos, por sus escuadrones, irán delante.
10 ১০ দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
La bandera del ejército de Rubén al mediodía, por sus escuadrones: y el jefe de los hijos de Rubén, Elisur hijo de Sedeur;
11 ১১ ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ।
Y su hueste, sus contados, cuarenta y seis mil y quinientos.
12 ১২ তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
Y acamparán junto á él los de la tribu de Simeón: y el jefe de los hijos de Simeón, Selumiel hijo de Zurisaddai;
13 ১৩ চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ।
Y su hueste, con los contados de ellos, cincuenta y nueve mil y trescientos:
14 ১৪ তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
Y la tribu de Gad: y el jefe de los hijos de Gad, Eliasaph hijo de Rehuel;
15 ১৫ গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ।
Y su hueste, con los contados de ellos, cuarenta y cinco mil seiscientos y cincuenta.
16 ১৬ ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব।
Todos los contados en el ejército de Rubén, ciento cincuenta y un mil cuatrocientos y cincuenta, por sus escuadrones, irán los segundos.
17 ১৭ তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব।
Luego irá el tabernáculo del testimonio, el campo de los Levitas en medio de los ejércitos: de la manera que asientan el campo, así caminarán, cada uno en su lugar, junto á sus banderas.
18 ১৮ সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
La bandera del ejército de Ephraim por sus escuadrones, al occidente: y el jefe de los hijos de Ephraim, Elisama hijo de Ammiud;
19 ১৯ ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ।
Y su hueste, con los contados de ellos, cuarenta mil y quinientos.
20 ২০ তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
Junto á él estará la tribu de Manasés; y el jefe de los hijos de Manasés, Gamaliel hijo de Pedasur;
21 ২১ মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ।
Y su hueste, con los contados de ellos, treinta y dos mil y doscientos:
22 ২২ তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
Y la tribu de Benjamín: y el jefe de los hijos de Benjamín, Abidán hijo de Gedeón;
23 ২৩ বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ।
Y su hueste, con los contados de ellos, treinta y cinco mil y cuatrocientos.
24 ২৪ ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব।
Todos los contados en el ejército de Ephraim, ciento ocho mil y ciento, por sus escuadrones, irán los terceros.
25 ২৫ সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
La bandera del ejército de Dan estará al aquilón, por sus escuadrones: y el jefe de los hijos de Dan, Ahiezer hijo de Amisaddai;
26 ২৬ দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ।
Y su hueste, con los contados de ellos, sesenta y dos mil y setecientos.
27 ২৭ তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
Junto á él acamparán los de la tribu de Aser: y el jefe de los hijos de Aser, Phegiel hijo de Ocrán;
28 ২৮ আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ।
Y su hueste, con los contados de ellos, cuarenta y un mil y quinientos:
29 ২৯ তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
Y la tribu de Nephtalí: y el jefe de los hijos de Nephtalí, Ahira hijo de Enán;
30 ৩০ নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ।
Y su hueste, con los contados de ellos, cincuenta y tres mil y cuatrocientos.
31 ৩১ দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।”
Todos los contados en el ejército de Dan, ciento cincuenta y siete mil y seiscientos: irán los postreros tras sus banderas.
32 ৩২ ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল।
Estos son los contados de los hijos de Israel, por las casas de sus padres: todos los contados por ejércitos, por sus escuadrones, seiscientos tres mil quinientos y cincuenta.
33 ৩৩ কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল।
Mas los Levitas no fueron contados entre los hijos de Israel; como Jehová lo mandó á Moisés.
34 ৩৪ যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।
E hicieron los hijos de Israel conforme á todas las cosas que Jehová mandó á Moisés; así asentaron el campo por sus banderas, y así marcharon cada uno por sus familias, según las casas de sus padres.