< গণনা পুস্তক 19 >
1 ১ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
Locutusque est Dominus ad Moysen et Aaron, dicens:
2 ২ “যিহোৱাই আজ্ঞা দিয়া ব্যৱস্থাৰ বিধি এই: ইস্ৰায়েলৰ সন্তান সকলক, নিখুঁত, নিৰ্ঘূণী আৰু যুৱলি নোলোৱা ৰাঙলী চেঁউৰি গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া।
Ista est religio victimae, quam constituit Dominus. Praecipe filiis Israel, ut adducant ad te vaccam rufam aetatis integrae, in qua nulla sit macula, nec portaverit iugum:
3 ৩ পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ তাইক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব।
tradetisque eam Eleazaro sacerdoti. qui eductam extra castra, immolabit in conspectu omnium:
4 ৪ তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব;
et tingens digitum in sanguine eius, asperget contra fores tabernaculi septem vicibus,
5 ৫ তেওঁৰ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব; তাইৰ গোবৰে সৈতে তাইৰ ছাল, মঙহ, তেজ দগ্ধ কৰিব।
comburetque eam cunctis videntibus, tam pelle et carnibus eius quam sanguine et fimo flammae traditis.
6 ৬ সেই পুৰোহিতে এডোখৰ এৰচ কাঠ, একোচা এচোব বন আৰু অলপ ৰঙা নোম লৈ, গৰুজনীক পোৰা জুইৰ মাজত পেলাই দিব।
Lignum quoque cedrinum, et hyssopum, coccumque bis tinctum sacerdos mittet in flammam, quae vaccam vorat.
7 ৭ তাৰ পাছত পুৰোহিতজনে নিজ কাপোৰ আৰু গা ধুব। তাৰ পাছত তেওঁ ছাউনিত সোমাব পাৰিব; কিন্তু পুৰোহিতজনে সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Et tunc demum, lotis vestibus et corpore suo, ingredietur in castra, commaculatusque erit usque ad vesperum.
8 ৮ আৰু যিজনে গৰুজনীক পুৰিব, তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Sed et ille, qui combusserit eam, lavabit vestimenta sua, et corpus, et immundus erit usque ad vesperum.
9 ৯ পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।
Colliget autem vir mundus cineres vaccae, et effundet eos extra castra in loco purissimo, ut sint multitudini filiorum Israel in custodiam, et in aquam aspersionis: quia pro peccato vacca combusta est.
10 ১০ আৰু যি জন লোকে গৰুজনীৰ ছাঁই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগা চিৰস্থায়ী বিধি।
Cumque laverit qui vaccae portaverat cineres, vestimenta sua, immundus erit usque ad vesperum. Habebunt hoc filii Israel et advenae, qui habitant inter eos, sanctum iure perpetuo.
11 ১১ যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
Qui tetigerit cadaver hominis, et propter hoc septem diebus fuerit immundus:
12 ১২ তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।
aspergetur ex hac aqua die tertio et septimo, et sic mundabitur. Si die tertio aspersus non fuerit, septimo non poterit emundari.
13 ১৩ যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।
Omnis qui tetigerit humanae animae morticinum, et aspersus hac commistione non fuerit, polluet tabernaculum Domini, et peribit ex Israel: quia aqua expiationis non est aspersus, immundus erit, et manebit spurcitia eius super eum.
14 ১৪ যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।
Ista est lex hominis qui moritur in tabernaculo: Omnes qui ingrediuntur tentorium illius, et universa vasa quae ibi sunt, polluta erunt septem diebus.
15 ১৫ আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অশুচি হ’ব।
Vas, quod non habuerit operculum, nec ligaturam desuper, immundum erit.
16 ১৬ আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।
Si quis in agro tetigerit cadaver occisi hominis, aut per se mortui, sive os illius, vel sepulchrum, immundus erit septem diebus.
17 ১৭ আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাঁইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব।
Tollentque de cineribus combustionis atque peccati, et mittent aquas vivas super eos in vas.
18 ১৮ আৰু কোনো শুচি লোক এজনে একোচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মাদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব।
in quibus cum homo mundus tinxerit hyssopum, asperget ex eo omne tentorium, et cunctam supellectilem, et homines huiuscemodi contagione pollutos:
19 ১৯ সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।
atque hoc modo mundus lustrabit immundum tertio et septimo die. expiatusque die septimo, lavabit et se et vestimenta sua, et immundus erit usque ad vesperum.
20 ২০ কিন্তু যি জন লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ স্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল।
Si quis hoc ritu non fuerit expiatus, peribit anima illius de medio Ecclesiae: quia sanctuarium Domini polluit, et non est aqua lustrationis aspersus.
21 ২১ এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
erit hoc praeceptum legitimum sempiternum. Ipse quoque qui aspergit aquas, lavabit vestimenta sua: Omnis qui tetigerit aquas expiationis, immundus erit usque ad vesperum.
22 ২২ আৰু সেই অশুচি লোকে যি কিছু চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।”
Quidquid tetigerit immundus, immundum faciet: et anima, quae horum quippiam tetigerit, immunda erit usque ad vesperum.