< গণনা পুস্তক 19 >

1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
耶和華曉諭摩西、亞倫說:
2 “যিহোৱাই আজ্ঞা দিয়া ব্যৱস্থাৰ বিধি এই: ইস্ৰায়েলৰ সন্তান সকলক, নিখুঁত, নিৰ্ঘূণী আৰু যুৱলি নোলোৱা ৰাঙলী চেঁউৰি গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া।
「耶和華命定律法中的一條律例乃是這樣說:你要吩咐以色列人,把一隻沒有殘疾、未曾負軛、純紅的母牛牽到你這裏來,
3 পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ তাইক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব।
交給祭司以利亞撒;他必牽到營外,人就把牛宰在他面前。
4 তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব;
祭司以利亞撒要用指頭蘸這牛的血,向會幕前面彈七次。
5 তেওঁৰ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব; তাইৰ গোবৰে সৈতে তাইৰ ছাল, মঙহ, তেজ দগ্ধ কৰিব।
人要在他眼前把這母牛焚燒;牛的皮、肉、血、糞都要焚燒。
6 সেই পুৰোহিতে এডোখৰ এৰচ কাঠ, একোচা এচোব বন আৰু অলপ ৰঙা নোম লৈ, গৰুজনীক পোৰা জুইৰ মাজত পেলাই দিব।
祭司要把香柏木、牛膝草、朱紅色線都丟在燒牛的火中。
7 তাৰ পাছত পুৰোহিতজনে নিজ কাপোৰ আৰু গা ধুব। তাৰ পাছত তেওঁ ছাউনিত সোমাব পাৰিব; কিন্তু পুৰোহিতজনে সন্ধ্যালৈকে অশুচি হৈ থাকিব।
祭司必不潔淨到晚上,要洗衣服,用水洗身,然後可以進營。
8 আৰু যিজনে গৰুজনীক পুৰিব, তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
燒牛的人必不潔淨到晚上,也要洗衣服,用水洗身。
9 পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।
必有一個潔淨的人收起母牛的灰,存在營外潔淨的地方,為以色列會眾調做除污穢的水。這本是除罪的。
10 ১০ আৰু যি জন লোকে গৰুজনীৰ ছাঁই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগা চিৰস্থায়ী বিধি।
收起母牛灰的人必不潔淨到晚上,要洗衣服。這要給以色列人和寄居在他們中間的外人作為永遠的定例。」
11 ১১ যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
「摸了人死屍的,就必七天不潔淨。
12 ১২ তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।
那人到第三天要用這除污穢的水潔淨自己,第七天就潔淨了。他若在第三天不潔淨自己,第七天就不潔淨了。
13 ১৩ যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।
凡摸了人死屍、不潔淨自己的,就玷污了耶和華的帳幕,這人必從以色列中剪除;因為那除污穢的水沒有灑在他身上,他就為不潔淨,污穢還在他身上。
14 ১৪ যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।
「人死在帳棚裏的條例乃是這樣:凡進那帳棚的,和一切在帳棚裏的,都必七天不潔淨。
15 ১৫ আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অশুচি হ’ব।
凡敞口的器皿,就是沒有紮上蓋的,也是不潔淨。
16 ১৬ আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।
無論何人在田野裏摸了被刀殺的,或是屍首,或是人的骨頭,或是墳墓,就要七天不潔淨。
17 ১৭ আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাঁইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব।
要為這不潔淨的人拿些燒成的除罪灰放在器皿裏,倒上活水。
18 ১৮ আৰু কোনো শুচি লোক এজনে একোচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মাদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব।
必當有一個潔淨的人拿牛膝草蘸在這水中,把水灑在帳棚上,和一切器皿並帳棚內的眾人身上,又灑在摸了骨頭,或摸了被殺的,或摸了自死的,或摸了墳墓的那人身上。
19 ১৯ সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।
第三天和第七天,潔淨的人要灑水在不潔淨的人身上,第七天就使他成為潔淨。那人要洗衣服,用水洗澡,到晚上就潔淨了。
20 ২০ কিন্তু যি জন লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ স্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল।
「但那污穢而不潔淨自己的,要將他從會中剪除,因為他玷污了耶和華的聖所。除污穢的水沒有灑在他身上,他是不潔淨的。
21 ২১ এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
這要給你們作為永遠的定例。並且那灑除污穢水的人要洗衣服。凡摸除污穢水的,必不潔淨到晚上。
22 ২২ আৰু সেই অশুচি লোকে যি কিছু চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।”
不潔淨人所摸的一切物就不潔淨;摸了這物的人必不潔淨到晚上。」

< গণনা পুস্তক 19 >