< গণনা পুস্তক 18 >
1 ১ যিহোৱাই হাৰোণক ক’লে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰ স্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা।
El Señor le dijo a Aarón: “Tú y tus hijos y los otros levitas son responsables de los pecados relacionados con el santuario. Sólo tú y tus hijos son responsables de los pecados relacionados con su sacerdocio.
2 ২ আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।
Haz que tus hermanos de la tribu de Leví, la tribu de tu padre, se unan a ti para ayudarte a ti y a tus hijos con tu servicio en la Tienda del Testimonio.
3 ৩ তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাব।
Ellos se encargarán de tus responsabilidades y de las relacionadas con la Tienda, pero no deben acercarse demasiado a los objetos sagrados del santuario o del altar, de lo contrario morirán, y tú también.
4 ৪ তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্যকৰ্মৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব।
Deben ayudarte y cuidar de las responsabilidades del Tabernáculo de Reunión, haciendo todo el trabajo en la Tienda, pero no se les permite estar contigo durante tu ministerio sacerdotal.
5 ৫ ইস্ৰায়েলৰ সন্তান সকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদীৰ কৰিব লগীয়া কাৰ্য কৰিবা।
“Debes llevar a cabo las responsabilidades relacionadas con el santuario y el altar, para que mi ira no vuelva a caer sobre los israelitas.
6 ৬ আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
Mira, yo mismo he elegido a tus hermanos los levitas de los israelitas como mi regalo para ti, dedicado al Señor para hacer el trabajo que relaciona el Tabernáculo de Reunión.
7 ৭ এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
Pero sólo tú y tus hijos son responsables de tu sacerdocio, haciendo todo lo que concierne al altar y está detrás del velo. Sólo tú debes realizar ese servicio. Te estoy dando el don de tu sacerdocio, pero cualquier otro que se acerque al santuario debe ser ejecutado”.
8 ৮ পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব।
El Señor le dijo a Aarón, “Escucha, te he puesto a cargo de oficiar mis ofrendas. Todas las santas contribuciones de los israelitas que traen están reservadas para ti, y esta es una regla permanente.
9 ৯ অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ’ব। মোৰ উদ্দেশ্যে অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপাৰ্থক বলি আৰু প্ৰত্যেক দোষাৰ্থক বলি, এই সকলো অতি পবিত্র উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ’ব।
Parte de las ofrendas más sagradas tomadas de los holocaustos son tuyas. Parte de todas las ofrendas que me dan como ofrendas sagradas, ya sean ofrendas de grano o de pecado o de culpa, esa parte pertenece a ti y a tus hijos.
10 ১০ সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।
Lo comerás en un lugar santísimo. A todo macho se le permite comerlo. Deben considerarlo como algo sagrado.
11 ১১ আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।
“También te pertenecen los regalos voluntarios y las ofrendas de los israelitas. Te he dado esto a ti y a tus hijos e hijas como una regla permanente. Todos los de tu casa que estén ceremonialmente limpios pueden comerlo.
12 ১২ তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
Les doy el mejor aceite de oliva y el mejor vino y grano que los israelitas dan como primicias al Señor.
13 ১৩ তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
Las primicias de todas las cosechas que produzcan en su tierra y que traigan al Señor son tuyas. Todos los miembros de tu familia que estén ceremonialmente limpios pueden comerlas.
14 ১৪ ইস্ৰায়েলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব।
“Todo lo que en Israel se dedica al Señor es tuyo.
15 ১৫ মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।
Todo primogénito, ya sea humano o animal, que se ofrezca al Señor es tuyo. Pero debes redimir todo primogénito y todo primogénito de los animales inmundos.
16 ১৬ সেইবোৰৰ মাজৰ এমাহ বয়সৰে পৰা মোকলাই দিব লগা প্ৰতিজনক পবিত্ৰ স্থানৰ চেকল অনুসাৰে, তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মোকলাই দিবা; সেয়ে বিশ গেৰাই এক চেকল হয়।
Cuando tengan un mes de edad, pagarás el precio de redención de cinco siclos de plata (usando el estándar de siclos del santuario), equivalente a veinte gueras.
17 ১৭ কিন্তু গৰুৰ বা মেৰ-ছাগৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।
“Pero no se te permitirá redimir al primogénito de un buey, una oveja o una cabra porque son sagrados. Esparcirás su sangre sobre el altar y quemarás su grasa como holocausto aceptado por el Señor.
18 ১৮ সেইবোৰৰ মঙহ তোমাৰ হ’ব; দোলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু সোঁ পাছ পিৰাটো যেনেকৈ তোমাৰ হয়, তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ’ব।
Su carne es tuya, de la misma manera que el pecho y el muslo derecho de la ofrenda ondulada son tuyos.
19 ১৯ ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব।”
“Te doy todas las ofrendas voluntarias que los israelitas presentan al Señor así como a tus hijos e hijas como una regla permanente. Es un acuerdo permanente de sal ante el Señor para ti y tus descendientes”.
20 ২০ পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।
“No tendrás propiedades en su país, y no tendrás una parte de sus tierras. Yo soy tu parte y tu posesión entre los israelitas.
21 ২১ আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
En cambio, he dado a los levitas todos los diezmos de Israel como compensación por el servicio que prestan al hacer el trabajo en el Tabernáculo de Reunión.
22 ২২ আৰু ইস্ৰায়েলৰ সন্তানসকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে।
“A los israelitas ya no se les permite acercarse al Tabernáculo de Reunión, de lo contrario cometerán una ofensa y morirán.
23 ২৩ কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ ব’ব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।
Los levitas deben realizar el trabajo en el Tabernáculo de Reunión, y deben asumir la responsabilidad de los pecados que se cometan. Esta es una regla permanente para todas las generaciones futuras. Los levitas no recibirán una parte de la tierra entre los israelitas.
24 ২৪ কিয়নো ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশম ভাগ উৎসৰ্গ কৰিব, তাকে মই লেবীয়াসকলৰ উত্তৰাধীকাৰ স্ৱৰূপে দিলোঁ; এই কাৰণে মই তেওঁলোকক ক’লোঁ, ‘ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব’।”
En su lugar, he dado a los levitas como compensación el diezmo que los israelitas dan al Señor como contribución. Por eso les dije que no recibirían una parte de la tierra entre los israelitas”.
25 ২৫ পাছত যিহোৱাই মোচিক কলে,
El Señor le dijo a Moisés:
26 ২৬ “তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।
“Habla con los levitas y explícales: ‘Cuando recibas de los israelitas el diezmo que te he dado como compensación, debes devolver parte de él como ofrenda al Señor: un diezmo del diezmo.
27 ২৭ তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।
Tu ofrenda será considerada como si fueran las primicias del grano de tu era o del jugo de uva del lagar.
28 ২৮ তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা।
De este modo, deberás contribuir con una ofrenda al Señor de cada diezmo que recibas de los israelitas, entregando la ofrenda del Señor al sacerdote Aarón.
29 ২৯ যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।
De todas las ofrendas que recibas debes contribuir como ofrenda del Señor con lo mejor, la parte más sagrada de cada ofrenda’.
30 ৩০ এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।
“Así que di a los levitas, ‘Cuando hayas presentado la mejor parte, será considerada como tu contribución producida por tu trilladora o lagar.
31 ৩১ তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব।
Ustedes y sus familias pueden comerla en cualquier sitio porque es la compensación por su servicio en el Tabernáculo de Reunión.
32 ৩২ আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰস্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”
No se considerará que han pecado si han presentado la mejor parte. Pero si tratan las sagradas ofrendas de los israelitas con falta de respeto morirán’”.