< গণনা পুস্তক 18 >

1 যিহোৱাই হাৰোণক ক’লে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰ স্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা।
યહોવાહે હારુનને કહ્યું, “પવિત્રસ્થાન વિરુદ્ધ કરેલાં બધા પાપો માટે તું, તારા દીકરાઓ અને તારા પિતૃઓના કુટુંબો જવાબદાર છે. પણ તું અને તારી સાથે તારા દીકરાઓ યાજકપદની વિરુદ્ધ કરેલાં પાપો માટે જવાબદાર છે.
2 আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।
લેવી કુળના તારા ભાઈઓને, એટલે તારા પિતૃઓના કુળને, તારી પાસે લાવ કે જયારે તું અને તારા દીકરાઓ સાક્ષ્યમંડપની આગળ સેવા કરો ત્યારે તેઓ તમને મદદ કરે.
3 তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাব।
તેઓ તારી તથા આખા મંડપની સેવા કરે. પણ, તેઓએ પવિત્રસ્થાનનાં પાત્રો કે વેદીની નજીક આવવું નહિ. કે તેઓ તથા તું માર્યા જાઓ.
4 তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্যকৰ্মৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব।
તેઓ તમારી સાથે જોડાઈને મુલાકાતમંડપની સેવા કરશે, મંડપ સાથે જોડાયેલાં બધાં કાર્યો કરશે. પરદેશી તમારી પાસે આવે નહિ.
5 ইস্ৰায়েলৰ সন্তান সকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদীৰ কৰিব লগীয়া কাৰ্য কৰিবা।
અને તમે પવિત્રસ્થાન અને વેદીની સેવા કરો કે જેથી ઇઝરાયલ લોકો પર ફરી મારો કોપ આવે નહિ.
6 আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
જુઓ, મેં પોતે ઇઝરાયલના વંશજો મધ્યેથી તારા લેવી ભાઈઓને પસંદ કર્યા છે. મુલાકાતમંડપ સાથે જોડાયેલાં કાર્યો કરવા માટે તેઓ મને ભેટ તરીકે આપવામાં આવ્યા છે.
7 এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
પરંતુ તું અને તારા દીકરાઓ વેદીને અને પડદાની અંદર પરમપવિત્રસ્થાનને લગતી યાજક તરીકેની બધી જ ફરજો બજાવો અને સેવા કરો. ભેટ તરીકે હું તમને યાજકપદ આપું છું. કોઈ પરદેશી પાસે આવે તે માર્યો જાય.”
8 পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব।
વળી યહોવાહે હારુનને કહ્યું, “જુઓ, મેં ઉચ્છાલીયાર્પણોની સેવા તને આપી છે, એટલે ઇઝરાયલી લોકો જે બધા પવિત્ર અર્પણો મને આપે છે. તેં મેં તમને તથા તમારા દીકરાઓને સદાના હક તરીકે આપ્યા છે.
9 অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ’ব। মোৰ উদ্দেশ্যে অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপাৰ্থক বলি আৰু প্ৰত্যেক দোষাৰ্থক বলি, এই সকলো অতি পবিত্র উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ’ব।
અગ્નિમાં હોમવામાં આવેલા અર્પણનાં ભાગો સિવાય આ બધાં અતિ પવિત્ર અર્પણો તારાં ગણાશે. એટલે બધાં ખાદ્યાર્પણો, બધાં પાપાર્થાર્પણો અને બધાં દોષાર્થાર્પણો આ બધાં પવિત્ર અર્પણો જે મારે માટે રાખ્યાં છે અને મારા માટે લાવે તે તારાં અને તારા માટે પવિત્ર ગણાય.
10 ১০ সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।
૧૦તે પરમપવિત્ર વસ્તુઓ તરીકે તારે અર્પણો ખાવાં. તમારામાંના દરેક પુરુષોએ પણ તેમાંથી ખાવું; તે તારે માટે પવિત્ર ગણવાં.
11 ১১ আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।
૧૧આ બધાં અર્પણો તારાં છે: ઇઝરાયલના લોકો જે ઉચ્છાલીયાર્પણો ચઢાવે તે અને તેમની ભેટો સહિત, મેં તને, તારા દીકરાઓને તથા તારી દીકરીઓને સદાના હક તરીકે આપ્યાં છે. દરેક તારા ઘરમાં જે શુદ્ધ હોય તે આ અર્પણોમાંથી ખાય.
12 ১২ তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
૧૨બધાં ઉત્તમ તેલ, બધો ઉત્તમ દ્રાક્ષારસ તથા અનાજ, જે પ્રથમફળ લોકોએ મને આપ્યું તે, આ બધી વસ્તુઓ મેં તને આપી છે.
13 ১৩ তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
૧૩પોતાની ભૂમિની પ્રથમ પેદાશ તરીકે જે કંઈ મારી પાસે લાવે તે બધું તારું થશે. તારા કુટુંબમાં જે કોઈ શુદ્ધ હોય તે તેમાંથી ખાય.
14 ১৪ ইস্ৰায়েলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব।
૧૪ઇઝરાયલની સમર્પિત પ્રત્યેક વસ્તુ તારી થાય.
15 ১৫ মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।
૧૫લોકો જે યહોવાહને અર્પણ કરે. માણસ તેમ જ પશુમાંથી પ્રથમજનિત પણ તારા થાય. પણ તારે પ્રત્યેક પ્રથમજનિત બાળકને તથા અશુદ્ધ પશુના પ્રથમ બચ્ચાંને ખરીદીને તારે તેમને મુકત કરવાં.
16 ১৬ সেইবোৰৰ মাজৰ এমাহ বয়সৰে পৰা মোকলাই দিব লগা প্ৰতিজনক পবিত্ৰ স্থানৰ চেকল অনুসাৰে, তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মোকলাই দিবা; সেয়ে বিশ গেৰাই এক চেকল হয়।
૧૬તેઓમાંના જેઓને છોડાવી લેવાના હોય તેઓને એક મહિનાની ઉંમરથી તું તારા ઠરાવેલા મૂલ્યથી એટલે પવિત્રસ્થાનોના શેકેલ પ્રમાણે પાંચ શેકેલના નાણાંથી, જે વીસ ગેરહ જેટલું છે છોડાવી લે.
17 ১৭ কিন্তু গৰুৰ বা মেৰ-ছাগৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।
૧૭પણ ગાયના પ્રથમજનિતને, ઘેટાંના પ્રથમજનિતને તથા બકરાના પ્રથમજનિતને તું ન ખરીદ. તેઓ પવિત્ર છે, મારા માટે અલગ કરેલા છે. તારે તેઓનું રક્ત વેદી પર છાંટવું અને મારા માટે સુવાસિત હોમયજ્ઞ તરીકે ચરબીનું અર્પણ કરવું.
18 ১৮ সেইবোৰৰ মঙহ তোমাৰ হ’ব; দোলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু সোঁ পাছ পিৰাটো যেনেকৈ তোমাৰ হয়, তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ’ব।
૧૮તેઓનું માંસ તારું થાય. છાતીની જેમ અને જમણી જાંઘની જેમ તેઓનું માંસ તારું ગણાય.
19 ১৯ ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব।”
૧૯ઇઝરાયલી લોકો જે પવિત્ર વસ્તુઓ મારી આગળ અર્પણ કરે છે તેઓનાં સર્વ ઉચ્છાલીયાર્પણો તને તથા તારા દીકરા અને દીકરીઓને સદા હક તરીકે આપ્યાં છે. તે સદાને માટે તારી અને તારા વંશજોની સાથે મેં કરેલો મીઠાનો કરાર છે.”
20 ২০ পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।
૨૦યહોવાહે હારુનને કહ્યું, “તેઓના દેશમાં તારે કંઈ વારસો ન હોય, કે લોકોની સંપત્તિ મધ્યે તારે કંઈ ભાગ ન હોય. ઇઝરાયલી લોકો મધ્યે તારો હિસ્સો અને તારો વારસો હું છું.
21 ২১ আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
૨૧લેવીના વંશજો, જે મુલાકાતમંડપની સેવા કરે છે તેના બદલામાં, જુઓ, મેં તેઓને ઇઝરાયલમાં બધા દશાંશનો દશમો વારસો આપ્યો છે.
22 ২২ আৰু ইস্ৰায়েলৰ সন্তানসকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে।
૨૨હવે પછી ઇઝરાયલના લોકો મુલાકાતમંડપ પાસે આવે નહિ, રખેને આ પાપ માટે તેઓ જવાબદાર ગણાય અને માર્યા જાય.
23 ২৩ কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ ব’ব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।
૨૩મુલાકાતમંડપની સેવા લેવીઓ જ કરે. તેને લગતા દરેક પાપને લીધે તે જવાબદાર ગણાય. તમારી પેઢી દરપેઢી આ સદાને માટે વિધિ થાય. અને ઇઝરાયલી લોકો મધ્યે તેઓને કોઈ વારસો ન મળે.
24 ২৪ কিয়নো ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশম ভাগ উৎসৰ্গ কৰিব, তাকে মই লেবীয়াসকলৰ উত্তৰাধীকাৰ স্ৱৰূপে দিলোঁ; এই কাৰণে মই তেওঁলোকক ক’লোঁ, ‘ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব’।”
૨૪ઇઝરાયલ લોકોનો દશમો ભાગ યહોવાહને અર્પણ કરવો. તે મેં લેવીઓને વારસા તરીકે આપ્યો છે. તેથી મેં તેઓને કહ્યું, તેઓને ઇઝરાયલી મધ્યે કંઈ વારસો નહિ મળે.’”
25 ২৫ পাছত যিহোৱাই মোচিক কলে,
૨૫યહોવાહે મૂસાને કહ્યું,
26 ২৬ “তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।
૨૬“તું લેવીઓ સાથે વાત કરીને તેમને કહે કે, ‘યહોવાહે વારસા તરીકે આપેલો દશમો ભાગ જયારે તમે ઇઝરાયલી લોકો પાસેથી પ્રાપ્ત કરો, ત્યારે તમારે યહોવાહને દશમો ભાગ એટલે દશાંશનો દશમો ભાગ ઉચ્છાલીયાર્પણ તરીકે અર્પણ કરવો.
27 ২৭ তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।
૨૭તમારું ઉચ્છાલીયાર્પણ, ખળીના અનાજનો દસમો ભાગ તથા દ્રાક્ષકુંડની પેદાશનો દસમો ભાગ તમારા લાભમાં ગણાશે.
28 ২৮ তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা।
૨૮ઇઝરાયલી લોકો તરફથી તમને મળેલા દસમા ભાગમાંથી તમારે યહોવાહને ઉચ્છાલીયાર્પણ કરવાં. તેમાંથી તમે હારુન યાજકને ઉચ્છાલીયાર્પણ આપો.
29 ২৯ যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।
૨૯જે સર્વ ભેટો તું પ્રાપ્ત કરે તેમાંથી, તારે દરેક ઉચ્છાલીયાર્પણ યહોવાહને અર્પણ કરવાં. જે પવિત્ર અને ઉત્તમ વસ્તુઓ તને આપવામાં આવી છે તેમાંથી તારે અર્પણ કરવું.
30 ৩০ এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।
૩૦માટે તું તેઓને કહે, ‘તેમાંથી તેના ઉત્તમ ભાગનું જ્યારે તમે ઉચ્છાલીયાર્પણ કરો, ત્યારે તે ખળીની ઊપજ તથા દ્રાક્ષકુંડની ઊપજના અર્પણ જેટલું લેવીઓના લાભમાં ગણાશે.
31 ৩১ তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব।
૩૧તું તથા તારાં કુટુંબો બચેલી તારી ભેટો ગમે તે જગ્યાએ ખાઓ, કારણ કે મુલાકાતમંડપમાં કરેલી સેવાનો તે બદલો ગણાશે.
32 ৩২ আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰস্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”
૩૨જે ઉત્તમ ભાગ તમે પ્રાપ્ત કર્યો તે તમે યહોવાહને ઉચ્છાલીયાર્પણ તરીકે ચઢાવો, તે ખાવાથી તથા પીવાથી તેનો દોષ તમને નહિ લાગે. પણ તમારે ઇઝરાયલ લોકોનાં પવિત્ર અર્પણોને અશુદ્ધ કરવાં નહિ, રખેને તમે માર્યા જાઓ.’”

< গণনা পুস্তক 18 >