< গণনা পুস্তক 17 >
1 ১ যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
καὶ ἐλάλησεν κύριος πρὸς Μωυσῆν λέγων
2 ২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
λάλησον τοῖς υἱοῖς Ισραηλ καὶ λαβὲ παρ’ αὐτῶν ῥάβδον ῥάβδον κατ’ οἴκους πατριῶν παρὰ πάντων τῶν ἀρχόντων αὐτῶν κατ’ οἴκους πατριῶν αὐτῶν δώδεκα ῥάβδους καὶ ἑκάστου τὸ ὄνομα αὐτοῦ ἐπίγραψον ἐπὶ τῆς ῥάβδου αὐτοῦ
3 ৩ আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব।
καὶ τὸ ὄνομα Ααρων ἐπίγραψον ἐπὶ τῆς ῥάβδου Λευι ἔστιν γὰρ ῥάβδος μία κατὰ φυλὴν οἴκου πατριῶν αὐτῶν δώσουσιν
4 ৪ আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা।
καὶ θήσεις αὐτὰς ἐν τῇ σκηνῇ τοῦ μαρτυρίου κατέναντι τοῦ μαρτυρίου ἐν οἷς γνωσθήσομαί σοι ἐκεῖ
5 ৫ পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”
καὶ ἔσται ὁ ἄνθρωπος ὃν ἐὰν ἐκλέξωμαι αὐτόν ἡ ῥάβδος αὐτοῦ ἐκβλαστήσει καὶ περιελῶ ἀπ’ ἐμοῦ τὸν γογγυσμὸν τῶν υἱῶν Ισραηλ ἃ αὐτοὶ γογγύζουσιν ἐφ’ ὑμῖν
6 ৬ পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল।
καὶ ἐλάλησεν Μωυσῆς τοῖς υἱοῖς Ισραηλ καὶ ἔδωκαν αὐτῷ πάντες οἱ ἄρχοντες αὐτῶν ῥάβδον τῷ ἄρχοντι τῷ ἑνὶ ῥάβδον κατὰ ἄρχοντα κατ’ οἴκους πατριῶν αὐτῶν δώδεκα ῥάβδους καὶ ἡ ῥάβδος Ααρων ἀνὰ μέσον τῶν ῥάβδων αὐτῶν
7 ৭ তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।
καὶ ἀπέθηκεν Μωυσῆς τὰς ῥάβδους ἔναντι κυρίου ἐν τῇ σκηνῇ τοῦ μαρτυρίου
8 ৮ আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল।
καὶ ἐγένετο τῇ ἐπαύριον καὶ εἰσῆλθεν Μωυσῆς καὶ Ααρων εἰς τὴν σκηνὴν τοῦ μαρτυρίου καὶ ἰδοὺ ἐβλάστησεν ἡ ῥάβδος Ααρων εἰς οἶκον Λευι καὶ ἐξήνεγκεν βλαστὸν καὶ ἐξήνθησεν ἄνθη καὶ ἐβλάστησεν κάρυα
9 ৯ তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে।
καὶ ἐξήνεγκεν Μωυσῆς πάσας τὰς ῥάβδους ἀπὸ προσώπου κυρίου πρὸς πάντας υἱοὺς Ισραηλ καὶ εἶδον καὶ ἔλαβον ἕκαστος τὴν ῥάβδον αὐτοῦ
10 ১০ পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।
καὶ εἶπεν κύριος πρὸς Μωυσῆν ἀπόθες τὴν ῥάβδον Ααρων ἐνώπιον τῶν μαρτυρίων εἰς διατήρησιν σημεῖον τοῖς υἱοῖς τῶν ἀνηκόων καὶ παυσάσθω ὁ γογγυσμὸς αὐτῶν ἀπ’ ἐμοῦ καὶ οὐ μὴ ἀποθάνωσιν
11 ১১ তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
καὶ ἐποίησεν Μωυσῆς καὶ Ααρων καθὰ συνέταξεν κύριος τῷ Μωυσῇ οὕτως ἐποίησαν
12 ১২ পাছে ইস্ৰায়েলৰ সন্তান সকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।
καὶ εἶπαν οἱ υἱοὶ Ισραηλ πρὸς Μωυσῆν λέγοντες ἰδοὺ ἐξανηλώμεθα ἀπολώλαμεν παρανηλώμεθα
13 ১৩ যি কোনো লোক ওচৰ চাপে, যি কোনো লোক যিহোৱাৰ আবাসৰ ওচৰ চাপে, তেৱেঁই মৰা পৰে, আমি সকলোৱেই মৰা পৰিম নেকি?
πᾶς ὁ ἁπτόμενος τῆς σκηνῆς κυρίου ἀποθνῄσκει ἕως εἰς τέλος ἀποθάνωμεν