< গণনা পুস্তক 15 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
INkosi yasikhuluma kuMozisi isithi:
2 ২ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত,
Tshono ebantwaneni bakoIsrayeli uthi kubo: Lapho lifika elizweni lokuhlala kwenu, engilinika lona,
3 ৩ যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি মেৰ-ছাগৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,
lisenza umnikelo owenzelwe iNkosi ngomlilo, umnikelo wokutshiswa kumbe umhlatshelo, owokugcwalisa isithembiso, loba emnikelweni wesihle, loba emikhosini yenu emisiweyo, ukwenza uqhatshi olumnandi eNkosini, okuvela enkomeni kumbe ezimvini,
4 ৪ তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।
lowo-ke onikelayo umnikelo wakhe eNkosini uzasondeza umnikelo wokudla, ube ngokwetshumi lempuphu ecolekileyo ixubene lengxenye yesine yehini yamafutha;
5 ৫ আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা।
lewayini libe ngumnikelo wokunathwayo, ingxenye yesine yehini, uzakulungisa lomnikelo wokutshiswa loba umhlatshelo, owewundlu elilodwa.
6 ৬ বা এটা মতা মেৰে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা।
Kumbe owenqama lizalungisa umnikelo wokudla, ube zingxenye ezimbili etshumini zempuphu ecolekileyo ixubene lamafutha, ingxenye yesithathu yehini;
7 ৭ আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।
lewayini libe ngumnikelo wokunathwayo, ingxenye yesithathu yehini, uzalinikela libe liphunga elimnandi eNkosini.
8 ৮ আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা,
Njalo nxa lilungisa ithole eliduna lenkomo libe ngumnikelo wokutshiswa kumbe umhlatshelo, owokugcwalisa isithembiso, kumbe iminikelo yokuthula eNkosini,
9 ৯ তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব।
uzanikelela-ke ithole lenkomo umnikelo wokudla, ube zingxenye ezintathu etshumini lempuphu ecolekileyo ixubene lamafutha, ingxenye yehini.
10 ১০ আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
Linikele iwayini libe ngumnikelo wokunathwayo, ingxenye yehini, kube ngumnikelo owenziwe ngomlilo olephunga elimnandi eNkosini.
11 ১১ প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক মেৰ-ছাগ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব।
Kuzakwenziwa njalo ngaleyonkunzi, loba ngaleyonqama, loba ngewundlu, kumbe ngezinyane.
12 ১২ তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা।
Njengenani elizalilungisa, lizakwenza njalo kuleyo laleyo, ngokwenani lazo.
13 ১৩ স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।
Wonke owokuzalwa elizweni uzazenza njalo lezizinto, ekunikeleni umnikelo owenziwe ngomlilo woqhatshi olumnandi eNkosini.
14 ১৪ আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব।
Uba-ke owemzini ohlala njengowezizwe lani, kumbe loba ngubani ophakathi kwenu ezizukulwaneni zenu, njalo enikela umnikelo owenziwe ngomlilo woqhatshi olumnandi eNkosini, njengoba lisenza uzakwenza njalo.
15 ১৫ সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
Kuzakuba lesimiso sinye kini abebandla lakowemzini ohlala njengowezizwe, isimiso esilaphakade ezizukulwaneni zenu; njengani uzakuba njalo owemzini phambi kweNkosi.
16 ১৬ তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
Kuzakuba lomthetho munye lesimiso sinye kini lakowemzini ohlala lani njengowezizwe.
17 ১৭ পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
INkosi yasikhuluma kuMozisi isithi:
18 ১৮ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
Tshono ebantwaneni bakoIsrayeli uthi kubo: Ekungeneni kwenu elizweni engilisa kulo,
19 ১৯ তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
kuzakuthi nxa lisidla okokudla kwelizwe, linikele umnikelo wokuphakanyiswa eNkosini.
20 ২০ তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।
Ngokokuqala kwenhlama yenu lizanikela iqebelengwana, kube ngumnikelo wokuphakanyiswa; njengomnikelo wokuphakanyiswa webala lokubhulela, ngokunjalo lizawuphakamisa.
21 ২১ তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
Ngokokuqala kwenhlama yenu lizanika eNkosini umnikelo wokuphakanyiswa ezizukulwaneni zenu.
22 ২২ মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তান সকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল,
Uba-ke liduha, lingenzanga yonke imilayo le iNkosi eyikhulume kuMozisi,
23 ২৩ অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা।
konke iNkosi elilaye khona ngesandla sikaMozisi kusukela ngosuku iNkosi eyalaya ngalo kusiya phambili ezizukulwaneni zenu,
24 ২৪ তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।
kuzakuthi-ke uba kwenziwe ngokungazi, kungekho emehlweni enhlangano, inhlangano yonke izanikela ijongosi elilodwa ithole lenkomo, libe ngumnikelo wokutshiswa, kube luqhatshi olumnandi eNkosini, lomnikelo walo wokudla, lomnikelo walo wokunathwayo njengomthetho, lezinyane lembuzi elilodwa, libe ngumnikelo wesono.
25 ২৫ আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে।
Umpristi uzakwenzela-ke inhlangano yonke yabantwana bakoIsrayeli inhlawulo yokuthula, bakuthethelelwe, ngoba kuyikungazi, futhi bona bazaletha umnikelo wabo, umnikelo owenzelwe iNkosi ngomlilo, lomnikelo wabo wesono phambi kweNkosi, ngenxa yesiphambeko sokungazi kwabo.
26 ২৬ এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভূলক্ৰমে কৰা হ’ল।
Lenhlangano yonke yabantwana bakoIsrayeli izakuthethelelwa, lowemzini ohlala njengowezizwe phakathi kwabo, ngoba kubo bonke abantu kwakusekungazini.
27 ২৭ আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেৰ-ছাগ উৎসৰ্গ কৰিব লাগিব।
Uba-ke umuntu oyedwa esona ngokungazi, uzasondeza isibhuzikazi esilomnyaka owodwa, sibe ngumnikelo wesono.
28 ২৮ আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
Lompristi uzawenzela lowomphefumulo owone ngokungazi inhlawulo yokuthula, lapho one ngokungazi phambi kweNkosi, ukumenzela inhlawulo yokuthula; uzakuthethelelwa-ke.
29 ২৯ ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
Lizakuba lomlayo munye kwalowo owona ngokungazi, owokuzalwa elizweni phakathi kwabantwana bakoIsrayeli, lowemzini ohlala njengowezizwe phakathi kwabo.
30 ৩০ কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Kodwa umuntu okwenza ngabomo, engowokuzalwa elizweni loba engowemzini, ethuka iNkosi; njalo lowomuntu uzaqunywa asuke phakathi kwabantu bakibo.
31 ৩১ কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
Ngoba edelele ilizwi leNkosi, wephula umlayo wayo, lowomuntu uzaqunywa lokuqunywa; ububi bakhe buzakuba phezu kwakhe.
32 ৩২ ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
Kwathi abantwana bakoIsrayeli besenkangala, bafica umuntu etheza inkuni ngosuku lwesabatha.
33 ৩৩ আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
Labo abamficayo etheza inkuni bamletha kuMozisi lakuAroni lakunhlangano yonke.
34 ৩৪ আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
Bamfaka esitokisini, ngoba kwakungakatshiwo ukuthi kuzakwenziwani kuye.
35 ৩৫ পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
INkosi yasisithi kuMozisi: Lowomuntu kabulawe lokubulawa; inhlangano yonke izamkhanda ngamatshe ngaphandle kwenkamba.
36 ৩৬ তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
Lenhlangano yonke yamkhuphela ngaphandle kwenkamba, yamkhanda ngamatshe waze wafa, njengokulaya kweNkosi kuMozisi.
37 ৩৭ পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে
INkosi yasikhuluma kuMozisi isithi:
38 ৩৮ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক।
Khuluma ebantwaneni bakoIsrayeli, ubatshele ukuthi bazenzele izintshaka emagumbini ezembatho zabo, ezizukulwaneni zabo, lokuthi bafake entshakeni yomphetho intambo eluhlaza okwesibhakabhaka.
39 ৩৯ তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
Njalo kuzakuba kini yintshaka ukuze likukhangele, likhumbule yonke imilayo yeNkosi, liyenze, lingadingi lilandele inhliziyo yenu lilandele amehlo enu, eliphinga ngokukulandela.
40 ৪০ কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
Ukuze likhumbule lenze yonke imilayo yami, libe ngcwele kuNkulunkulu wenu.
41 ৪১ তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
NgiyiNkosi uNkulunkulu wenu eyalikhupha elizweni leGibhithe ukuba nguNkulunkulu wenu; ngiyiNkosi uNkulunkulu wenu.