< গণনা পুস্তক 15 >

1 পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
Locutus est Dominus ad Moysen, dicens:
2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত,
Loquere ad filios Israel, et dices ad eos: Cum ingressi fueritis Terram habitationis vestrae, quam ego dabo vobis,
3 যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি মেৰ-ছাগৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,
et feceritis oblationem Domino in holocaustum, aut victimam pacificam, vota solventes, vel sponte offerentes munera, aut in sollemnitatibus vestris adolentes odorem suavitatis Domino, de bobus sive de ovibus:
4 তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।
offeret quicumque immolaverit victimam, sacrificium similae, decimam partem ephi, conspersam oleo, quod mensuram habebit quartam partem hin:
5 আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা।
et vinum ad liba fundenda eiusdem mensurae dabit in holocaustum sive in victimam. Per agnos singulos
6 বা এটা মতা মেৰে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা।
et arietes erit sacrificium similae duarum decimarum, quae conspersa sit oleo tertiae partis hin:
7 আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।
et vinum ad libamentum tertiae partis eiusdem mensurae offeret in odorem suavitatis Domino.
8 আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা,
Quando vero de bobus feceris holocaustum aut hostiam, ut impleas votum vel pacificas victimas,
9 তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব।
dabis per singulos boves similae tres decimas conspersae oleo, quod habeat medium mensurae hin:
10 ১০ আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
et vinum ad liba fundenda eiusdem mensurae in oblationem suavissimi odoris Domino.
11 ১১ প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক মেৰ-ছাগ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব।
Sic facies
12 ১২ তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা।
per singulos boves et arietis et agnos et hoedos.
13 ১৩ স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।
Tam indigenae quam peregrini
14 ১৪ আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব।
eodem ritu offerent sacrificia.
15 ১৫ সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
Unum praeceptum erit atque iudicium tam vobis quam advenis terrae.
16 ১৬ তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
Locutus est Dominus ad Moysen, dicens:
17 ১৭ পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
Loquere filiis Israel, et dices ad eos:
18 ১৮ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
Cum veneritis in terram, quam dabo vobis,
19 ১৯ তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
et comederitis de panibus regionis illius, separabitis primitias Domino
20 ২০ তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।
de cibis vestris. Sicut de areis primitias separabitis,
21 ২১ তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
ita et de pulmentis dabitis primitiva Domino.
22 ২২ মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তান সকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল,
Quod si per ignorantiam praeterieritis quidquam horum, quae locutus est Dominus ad Moysen,
23 ২৩ অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা।
et mandavit per eum ad vos, a die qua coepit iubere et ultra,
24 ২৪ তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।
oblitaque fuerit facere multitudo: offeret vitulum de armento, holocaustum in odorem suavissimum Domino, et sacrificum eius ac liba, ut ceremoniae postulant, hircumque pro peccato:
25 ২৫ আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে।
et rogabit sacerdos pro omni multitudine filiorum Israel: et dimittetur eis, quoniam non sponte peccaverunt, nihilominus offerentes incensum Domino pro se et pro peccato atque errore suo:
26 ২৬ এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভূলক্ৰমে কৰা হ’ল।
et dimittetur universae plebi filiorum Israel, et advenis, qui peregrinantur inter eos: quoniam culpa est omnis populi per ignorantiam.
27 ২৭ আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেৰ-ছাগ উৎসৰ্গ কৰিব লাগিব।
Quod si anima una nesciens peccaverit, offeret capram anniculam pro peccato suo:
28 ২৮ আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
et deprecabitur pro ea sacerdos, quod inscia peccaverit coram Domino: impetrabitque ei veniam, et dimittetur illi.
29 ২৯ ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
Tam indigenis quam advenis una lex erit omnium, qui peccaverint ignorantes.
30 ৩০ কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Anima vero, quae per superbiam aliquid commiserit, sive civis sit ille, sive peregrinus, (quoniam adversus Dominum rebellis fuit) peribit de populo suo:
31 ৩১ কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
verbum enim Domini contempsit, et praeceptum illius fecit irritum: idcirco delebitur, et portabit iniquitatem suam.
32 ৩২ ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
Factum est autem, cum essent filii Israel in solitudine, et invenissent hominem colligentem ligna in die Sabbati,
33 ৩৩ আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
obtulerunt eum Moysi et Aaron et universae multitudini.
34 ৩৪ আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
Qui recluserunt eum in carcerem, nescientes quid super eo facere deberent.
35 ৩৫ পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
Dixitque Dominus ad Moysen: Morte moriatur homo iste, obruat eum lapidibus omnis turba extra castra.
36 ৩৬ তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
Cumque eduxissent eum foras, obruerunt eum lapidibus, et mortuus est, sicut praeceperat Dominus.
37 ৩৭ পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে
Dixit quoque Dominus ad Moysen:
38 ৩৮ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক।
Loquere filiis Israel, et dices ad eos ut faciant sibi fimbrias per angulos palliorum, ponentes in eis vittas hyacinthinas:
39 ৩৯ তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
quas cum viderint, recordentur omnium mandatorum Domini, nec sequantur cogitationes suas et oculos per res varias fornicantes,
40 ৪০ কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
sed magis memores praeceptorum Domini faciant ea, sintque sancti Deo suo.
41 ৪১ তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
Ego Dominus Deus vester, qui eduxi vos de Terra Aegypti, ut essem Deus vester.

< গণনা পুস্তক 15 >