< গণনা পুস্তক 13 >

1 তেতিয়া যিহোৱাই মোচিক ক’লে,
וידבר יהוה אל משה לאמר׃
2 “মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”
שלח לך אנשים ויתרו את ארץ כנען אשר אני נתן לבני ישראל איש אחד איש אחד למטה אבתיו תשלחו כל נשיא בהם׃
3 তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তান সকলৰ মূল মানুহ আছিল।
וישלח אתם משה ממדבר פארן על פי יהוה כלם אנשים ראשי בני ישראל המה׃
4 তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
ואלה שמותם למטה ראובן שמוע בן זכור׃
5 চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
למטה שמעון שפט בן חורי׃
6 যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।
למטה יהודה כלב בן יפנה׃
7 ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।
למטה יששכר יגאל בן יוסף׃
8 ইফ্ৰয়িম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোচেয়া।
למטה אפרים הושע בן נון׃
9 বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী।
למטה בנימן פלטי בן רפוא׃
10 ১০ জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল।
למטה זבולן גדיאל בן סודי׃
11 ১১ যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী।
למטה יוסף למטה מנשה גדי בן סוסי׃
12 ১২ দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল।
למטה דן עמיאל בן גמלי׃
13 ১৩ আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ।
למטה אשר סתור בן מיכאל׃
14 ১৪ নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী।
למטה נפתלי נחבי בן ופסי׃
15 ১৫ গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল।
למטה גד גאואל בן מכי׃
16 ১৬ এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচূৱা ৰাখিলে।
אלה שמות האנשים אשר שלח משה לתור את הארץ ויקרא משה להושע בן נון יהושע׃
17 ১৭ কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ।
וישלח אתם משה לתור את ארץ כנען ויאמר אלהם עלו זה בנגב ועליתם את ההר׃
18 ১৮ আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ।
וראיתם את הארץ מה הוא ואת העם הישב עליה החזק הוא הרפה המעט הוא אם רב׃
19 ১৯ আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনেধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা?
ומה הארץ אשר הוא ישב בה הטובה הוא אם רעה ומה הערים אשר הוא יושב בהנה הבמחנים אם במבצרים׃
20 ২০ আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰুৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোকে সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল।
ומה הארץ השמנה הוא אם רזה היש בה עץ אם אין והתחזקתם ולקחתם מפרי הארץ והימים ימי בכורי ענבים׃
21 ২১ তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে।
ויעלו ויתרו את הארץ ממדבר צן עד רחב לבא חמת׃
22 ২২ তেওঁলোক দক্ষিণ অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহিমন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।
ויעלו בנגב ויבא עד חברון ושם אחימן ששי ותלמי ילידי הענק וחברון שבע שנים נבנתה לפני צען מצרים׃
23 ২৩ পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।
ויבאו עד נחל אשכל ויכרתו משם זמורה ואשכול ענבים אחד וישאהו במוט בשנים ומן הרמנים ומן התאנים׃
24 ২৪ ইস্ৰায়েলৰ সন্তান সকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল।
למקום ההוא קרא נחל אשכול על אדות האשכול אשר כרתו משם בני ישראל׃
25 ২৫ চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল।
וישבו מתור הארץ מקץ ארבעים יום׃
26 ২৬ পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।
וילכו ויבאו אל משה ואל אהרן ואל כל עדת בני ישראל אל מדבר פארן קדשה וישיבו אותם דבר ואת כל העדה ויראום את פרי הארץ׃
27 ২৭ আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
ויספרו לו ויאמרו באנו אל הארץ אשר שלחתנו וגם זבת חלב ודבש הוא וזה פריה׃
28 ২৮ সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো দেখিলোঁ।
אפס כי עז העם הישב בארץ והערים בצרות גדלת מאד וגם ילדי הענק ראינו שם׃
29 ২৯ দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।”
עמלק יושב בארץ הנגב והחתי והיבוסי והאמרי יושב בהר והכנעני ישב על הים ועל יד הירדן׃
30 ৩০ পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
ויהס כלב את העם אל משה ויאמר עלה נעלה וירשנו אתה כי יכול נוכל לה׃
31 ৩১ কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”
והאנשים אשר עלו עמו אמרו לא נוכל לעלות אל העם כי חזק הוא ממנו׃
32 ৩২ এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।
ויוציאו דבת הארץ אשר תרו אתה אל בני ישראל לאמר הארץ אשר עברנו בה לתור אתה ארץ אכלת יושביה הוא וכל העם אשר ראינו בתוכה אנשי מדות׃
33 ৩৩ আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”
ושם ראינו את הנפילים בני ענק מן הנפלים ונהי בעינינו כחגבים וכן היינו בעיניהם׃

< গণনা পুস্তক 13 >