< গণনা পুস্তক 12 >
1 ১ মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল।
Mi-ri-am và A-rôn nói hành Môi-se về người đàn bà ở xứ Cút mà Môi-se cưới làm vợ.
2 ২ তেওঁলোকে ক’লে, “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আৰু যিহোৱাই সেই কথা শুনিলে।
Họ nói: “Có phải chỉ một mình Môi-se là người trung gian truyền đạt sứ mệnh của Chúa Hằng Hữu cho dân chúng đâu? Ngài không phán qua chúng ta sao?” Nhưng Chúa Hằng Hữu nghe những lời đó.
3 ৩ পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।
(Môi-se là một người khiêm tốn nhất trên đời.)
4 ৪ পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল।
Ngay lập tức, Chúa Hằng Hữu truyền bảo Môi-se, A-rôn, và Mi-ri-am: “Hãy đi ngay vào Đền Tạm!” Họ vâng lời.
5 ৫ তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
Chúa Hằng Hữu ngự xuống trong trụ mây, đứng tại cửa Đền Tạm. Ngài gọi: “A-rôn và Mi-ri-am!” Họ cùng bước tới.
6 ৬ যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
Chúa Hằng Hữu phán với họ: “Lắng nghe điều Ta phán: Nếu có những tiên tri ở giữa các con, Ta, Chúa Hằng Hữu, sẽ bày tỏ Ta trong khải tượng, Ta phán với họ trong giấc chiêm bao.
7 ৭ মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
Nhưng với Môi-se, đầy tớ của Ta. Trong nhà Ta, chỉ có người là trung tín.
8 ৮ তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
Ta nói chuyện với người mặt đối mặt, rõ ràng, không lời bí ẩn! Người đã được chiêm ngưỡng Chúa Hằng Hữu. Thế mà các con không sợ mà nói hành Môi-se, đầy tớ của Ta sao?”
9 ৯ তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
Cơn thịnh nộ của Chúa Hằng Hữu nổi lên cùng họ, rồi Ngài ngự đi.
10 ১০ পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।
Vừa khi đám mây bay khỏi nóc Đền Tạm, Mi-ri-am liền bị bệnh phong hủi trắng như tuyết. A-rôn thấy thế,
11 ১১ তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
liền van xin Môi-se: “Xin đừng trừng phạt chúng tôi, vì chúng tôi phạm tội và hành động điên cuồng.
12 ১২ মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”
Đừng để cho chị ấy như người đã chết, như một hài nhi lọt lòng mẹ với một thân thể rữa nát.”
13 ১৩ তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
Môi-se kêu xin Chúa Hằng Hữu: “Chúa ơi! Xin Ngài chữa lành chị con.”
14 ১৪ পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”
Chúa Hằng Hữu liền bảo Môi-se: “Nếu cha nàng nhổ vào mặt nàng, thì nàng cũng phải chịu xấu hổ trong bảy ngày. Vậy nàng phải được giữ bên ngoài trại quân bảy ngày, sau đó mới được vào trại.”
15 ১৫ তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে।
Và như thế, Mi-ri-am được giữ lại một nơi bên ngoài trại bảy ngày. Dân chúng không lên đường cho đến ngày Mi-ri-am được trở vào trại.
16 ১৬ পাছত লোকসকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুভূমি ছাউনি পাতিলে।
Sau đó, họ từ Hát-sê-rốt ra đi. Đến hoang mạc Pha-ran, họ dừng chân cắm trại.