< গণনা পুস্তক 11 >
1 ১ পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।
I stało się, że się lud uskarżał niesłusznie, co się nie podobało Panu. Przetoż usłyszawszy to Pan bardzo się rozgniewał, i zapalił się przeciwko nim ogień Pański, i popalił ostatnią część obozu.
2 ২ এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল।
Tedy wołał lud na Mojżesza; i modlił się Mojżesz Panu, i zgasł ogień.
3 ৩ তেতিয়া সেই ঠাইৰ নাম তবিয়েৰা [দাহ] ৰখা হ’ল; কিয়নো যিহোৱাৰ অগ্নিয়ে তেওঁলোকৰ বিৰুদ্ধে দাহ কৰিছিল।
I nazwał imię miejsca onego Tabera: bo się zapalił przeciwko nim ogień Pański.
4 ৪ তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তান সকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব?
A lud pospolity, który był między nimi, chciwością wielką zjęty odwracał się; i płakali też synowie Izraelscy, mówiąc: Któż nas nakarmi mięsem?
5 ৫ আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়হ, খৰমূজা; পৰু, পিঁয়াজ আৰু নহৰুলৈ মনত পৰে।
Wspominamy sobie na ryby, któreśmy jadali w Egipcie darmo, na ogórki, i na melony, i na łuczek, i na cebulę, i na czosnek.
6 ৬ আৰু এতিয়া আমাৰ প্ৰাণ শুকাল; আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই।”
A teraz dusza nasza wywiędła nic inszego nie mając, oprócz tej manny, przed oczyma swemi.
7 ৭ সেই মান্না ধনীয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুগগুলুৰ বৰণৰ নিচিনা আছিল।
A manna była jako nasienie koryjandrowe, a barwa tej jako barwa Bdelijowa.
8 ৮ লোকসকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল।
I wychodził lud, a zbierali ją, i mełli w żarnach, albo tłukli w moździerzach a warzyli w kotłach i czynili z niej podpłomyki; a był smak jej jako smak świeżej oliwy.
9 ৯ ৰাতি ছাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত, নিয়ৰৰ লগত সেই মান্না পৰি থাকে।
Gdy bowiem padała rosa na obóz w nocy, padała też manna nań.
10 ১০ পাছে মোচিয়ে লোকসকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া যিহোৱাৰ ক্ৰোধ অতিশয়ৰূপে জ্বলি উঠিল, আৰু মোচিয়েও অসন্তোষ পালে।
Tedy usłyszał Mojżesz, że lud płakał po domach swych, każdy u drzwi namiotu swego; dla czego zapaliła się popędliwość Pańska wielce, i nie podobało się też to Mojżeszowi.
11 ১১ পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা?
I rzekł Mojżesz do Pana: Czemużeś tak źle uczynił słudze twemu? czemużem nie znalazł łaski w oczach twoich, żeś włożył ciężar tego wszystkiego ludu na mię?
12 ১২ মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা?
Izalim ja począł ten wszystek lud? izalim go ja zrodził, iż mi mówisz: Nieś je na łonie twojem, jako piastun nosi niemowlątko, do ziemi, o którąś przysiągł ojcom ich?
13 ১৩ এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘আমাক মাংস দিয়া আমি খাওঁ।’
Gdzież mam mięso, abym dał wszystkiemu temu ludowi? bo płaczą na mię, mówiąc: Daj nam mięsa, abyśmy jedli.
14 ১৪ এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ; কিয়নো সেয়ে মোৰ শক্তিতকৈয়ো গধুৰ।
Nie mogę ja sam znieść wszystkiego ludu tego; bo to nad możność moję.
15 ১৫ তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা।”
A jeźli się tak ze mną obchodzić chcesz, proszę raczej mię zabij, jeźlim znalazł łaskę w oczach twoich, abym nie patrzył na swoje złe.
16 ১৬ তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰলৈ লৈ আহা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক।
I rzekł Pan do Mojżesza: Zbierz mi siedemdziesiąt mężów z starszych Izraelskich, które znasz, że są starszymi ludu, i książęta jego, a przywiedź je przed namiot zgromadzenia, i stać tam będę z tobą;
17 ১৭ পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব।
A Ja zstąpię, i będę tam mówił z tobą, i wziąwszy z Ducha, który jest w tobie, udzielę im; i poniosą z tobą brzemię ludu, a nie poniesiesz go ty sam.
18 ১৮ আৰু তুমি লোকসকলক কোৱা, ‘তোমালোকে কালিৰ বাবে নিজক পবিত্ৰ কৰা; যিহোৱা যে আহিব নিজকে যুগুত কৰা। তেতিয়া তোমালোকে মাংস খাবলৈ পাবা; কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, ‘আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিচৰ দেশত আমাৰ ভাল আছিল।’ এই হেতুকে যিহোৱাই তোমালোকক মাংস দিব; আৰু তোমালোকে খাবলৈ পাবা।
A do ludu rzeczesz: Poświęćcie się na jutro, a będziecie jeść mięso; boście płakali w uszach Pańskich, mówiąc: Któż nas nakarmi mięsem? bo nam lepiej było w Egipcie; i da wam Pan mięsa, i będziecie jedli.
19 ১৯ তোমালোকে এদিন বা দুদিন, বা পাঁচ দিন, বা দহ দিন, বা বিশ দিন যে তাক খাবা এনে নহয়;
Nie przez jeden dzień jeść będziecie, ani przez dwa dni, ani przez pięć, ani przez dziesięć dni, ani przez dwadzieścia dni:
20 ২০ সম্পূৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয়, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগ্ৰাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে, ‘আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ’?”
Ale przez cały miesiąc, aż polezie przez nozdrza wasze, a zbrzydzi się wam, przeto żeście pogardzili Panem, który jest między wami, a płakaliście przed nim mówiąc: Na cóżeśmy wyszli z Egiptu?
21 ২১ তেতিয়া মোচিয়ে ক’লে, “যি লোকসকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পূৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’
I rzekł Mojżesz: Sześć kroć sto tysięcy pieszych jest ludu, między którym ja mieszkam, a tyś powiedział: Dam im mięsa, że będą jeść cały miesiąc.
22 ২২ তেওঁলোকক আটাই মেৰ, ছাগলী আৰু গৰুৰ জাক মাৰিব লাগে নে? নাইবা তেওঁলোকক প্ৰয়োজন হোৱাকৈ সাগৰৰ আটাই মাছ গোটাব লাগে নে?”
Izali im owiec i wołów nabiją, aby się im dostało? Izali wszystkie ryby morskie zbiorą im, aby dostatek mieli?
23 ২৩ তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”
I rzekł Pan do Mojżesza: Azaż ręka Pańska jest skurczona? teraz ujrzysz, jeśli się wypełni słowo moje, czyli nie.
24 ২৪ তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোকসকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে।
Tedy wyszedł Mojżesz, i opowiedział ludowi słowa Pańskie; a zebrawszy siedemdziesiąt mężów starszych z ludu, postawił je około namiotu.
25 ২৫ তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।
I zstąpił Pan w obłoku, i mówił do niego, a wziąwszy z Ducha, który był w nim, podzielił go między siedemdziesiąt mężów starszych; i stało się, gdy odpoczął nad nimi on Duch, tedy prorokowali, a potem nigdy.
26 ২৬ কিন্তু দুজন মানুহ ছাউনিত থাকিল, এজনৰ নাম ইল্দদ, আন জনৰ নাম মেদদ। এই দুজনতো আত্মা থাকিল। তেওঁলোকৰ নাম বহীত নাম লিখা লোকসকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। যিয়েই নহওঁক লাগে, কিন্তু তেওঁলোকে ছাউনিত ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
Ale zostali byli dwa mężowie w obozie, imię jednego Eldad, a imię drugiego Medad; na których też odpoczął on Duch, bo oni byli napisani, choć byli nie przyszli do namiotu; a tak ci prorokowali w obozie.
27 ২৭ তাতে এজন ডেকা মানুহে লৰি গৈ মোচিক ক’লে, “ইল্দদ আৰু মেদদে ছাউনিত ভাববাণী প্ৰচাৰ কৰিছে।”
Tedy przybieżało pacholę, i oznajmiło Mojżeszowi, mówiąc: Eldad i Medad prorokują w obozie.
28 ২৮ তেতিয়া মোচিৰ পৰিচাৰক, তেওঁৰ মনোনীত লোক নুনৰ পুত্ৰ যিহোচূৱাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মোচি, তেওঁলোকক নিষেধ কৰক।”
Ale odpowiedziawszy Jozue, syn Nunów, sługa Mojżeszów, jeden z młodzieńców jego, rzekł: Panie mój Mojżeszu, zabroń im.
29 ২৯ তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।”
Któremu odpowiedział Mojżesz: Czemuż im ty zazdrościsz dla mnie? Boże daj, aby wszystek lud Pański prorokował, a iżby dał Pan Ducha swego na nie!
30 ৩০ পাছত মোচি আৰু ইস্ৰায়েলৰ বৃদ্ধসকল ছাউনিলৈ গ’ল।
Wrócił się tedy Mojżesz do obozu, on i starsi Izraelscy.
31 ৩১ পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল।
Zatem wyszedł wiatr od Pana, i porwawszy przepiórki od morza, spuścił je na obóz, z jednej strony jako na jeden dzień chodu, z drugiej strony także jako na jeden dzień chodu, około obozu, a jakoby na dwa łokcie były nad ziemią.
32 ৩২ তাতে তেওঁলোকে সেই ওৰে দিন ওৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বটা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে, তাৰো দহ হোমৰ আছিল। পাছত তেওঁলোকৰ ছাউনিৰ চাৰিওফালে নিজৰ বাবে, তাক শুকাবলৈ মেলি দিলে।
Tedy wstawszy lud przez cały on dzień i przez całą noc, i nazajutrz przez wszystek dzień zbierali one przepiórki, a kto najmniej nazbierał, miał dziesięć homerów: i nawieszali ich wszędy sobie około obozu.
33 ৩৩ কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোকসকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে।
Mięso jeszcze było między zębami ich nie zeżwane, gdy gniew Pański zapalił się na lud, i pobił Pan lud on plagą bardzo wielką.
34 ৩৪ আৰু সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তাবা [খঁকুৱা স্বভাৱৰ লোকসকলৰ মৈদাম] ৰখা হ’ল; কিয়নো সেই ঠাইত তেওঁলোকে খঁকুৱা স্বভাৱৰ লোকবোৰক মৈদাম দিলে।
I nazwane jest imię miejsca onego Kibrot Hataawa; albowiem tam pogrzebli lud, który pożądał mięsa.
35 ৩৫ পাছত লোকসকলে কিব্ৰোৎ-হত্তাবাৰ পৰা হচেৰোতলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল।
A z Kibrot Hataawy ruszył się lud do Haserotu, i mieszkali w Haserocie.