< গণনা পুস্তক 11 >

1 পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।
फिर वे लोग बुड़बुड़ाने और यहोवा के सुनते बुरा कहने लगे; अतः यहोवा ने सुना, और उसका कोप भड़क उठा, और यहोवा की आग उनके मध्य में जल उठी, और छावनी के एक किनारे से भस्म करने लगी।
2 এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল।
तब लोग मूसा के पास आकर चिल्लाए; और मूसा ने यहोवा से प्रार्थना की, तब वह आग बुझ गई,
3 তেতিয়া সেই ঠাইৰ নাম তবিয়েৰা [দাহ] ৰখা হ’ল; কিয়নো যিহোৱাৰ অগ্নিয়ে তেওঁলোকৰ বিৰুদ্ধে দাহ কৰিছিল।
और उस स्थान का नाम तबेरा पड़ा, क्योंकि यहोवा की आग उनके मध्य में जल उठी थी।
4 তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তান সকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব?
फिर जो मिली-जुली भीड़ उनके साथ थी, वह बेहतर भोजन की लालसा करने लगी; और फिर इस्राएली भी रोने और कहने लगे, “हमें माँस खाने को कौन देगा?
5 আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়হ, খৰমূজা; পৰু, পিঁয়াজ আৰু নহৰুলৈ মনত পৰে।
हमें वे मछलियाँ स्मरण हैं जो हम मिस्र में सेंत-मेंत खाया करते थे, और वे खीरे, और खरबूजे, और गन्दने, और प्याज, और लहसुन भी;
6 আৰু এতিয়া আমাৰ প্ৰাণ শুকাল; আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই।”
परन्तु अब हमारा जी घबरा गया है, यहाँ पर इस मन्ना को छोड़ और कुछ भी देख नहीं पड़ता।”
7 সেই মান্না ধনীয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুগগুলুৰ বৰণৰ নিচিনা আছিল।
मन्ना तो धनिये के समान था, और उसका रंग रूप मोती के समान था।
8 লোকসকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল।
लोग इधर-उधर जाकर उसे बटोरते, और चक्की में पीसते या ओखली में कूटते थे, फिर तसले में पकाते, और उसके फुलके बनाते थे; और उसका स्वाद तेल में बने हुए पूए के समान था।
9 ৰাতি ছাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত, নিয়ৰৰ লগত সেই মান্না পৰি থাকে।
और रात को छावनी में ओस पड़ती थी तब उसके साथ मन्ना भी गिरता था।
10 ১০ পাছে মোচিয়ে লোকসকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া যিহোৱাৰ ক্ৰোধ অতিশয়ৰূপে জ্বলি উঠিল, আৰু মোচিয়েও অসন্তোষ পালে।
१०और मूसा ने सब घरानों के आदमियों को अपने-अपने डेरे के द्वार पर रोते सुना; और यहोवा का कोप अत्यन्त भड़का, और मूसा को भी उनका बुड़बुड़ाना बुरा लगा।
11 ১১ পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা?
११तब मूसा ने यहोवा से कहा, “तू अपने दास से यह बुरा व्यवहार क्यों करता है? और क्या कारण है कि मैंने तेरी दृष्टि में अनुग्रह नहीं पाया, कि तूने इन सब लोगों का भार मुझ पर डाला है?
12 ১২ মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা?
१२क्या ये सब लोग मेरी ही कोख में पड़े थे? क्या मैं ही ने उनको उत्पन्न किया, जो तू मुझसे कहता है, कि जैसे पिता दूध पीते बालक को अपनी गोद में उठाए-उठाए फिरता है, वैसे ही मैं इन लोगों को अपनी गोद में उठाकर उस देश में ले जाऊँ, जिसके देने की शपथ तूने उनके पूर्वजों से खाई है?
13 ১৩ এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘আমাক মাংস দিয়া আমি খাওঁ।’
१३मुझे इतना माँस कहाँ से मिले कि इन सब लोगों को दूँ? ये तो यह कह-कहकर मेरे पास रो रहे हैं, कि तू हमें माँस खाने को दे।
14 ১৪ এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ; কিয়নো সেয়ে মোৰ শক্তিতকৈয়ো গধুৰ।
१४मैं अकेला इन सब लोगों का भार नहीं सम्भाल सकता, क्योंकि यह मेरी शक्ति के बाहर है।
15 ১৫ তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা।”
१५और यदि तुझे मेरे साथ यही व्यवहार करना है, तो मुझ पर तेरा इतना अनुग्रह हो, कि तू मेरे प्राण एकदम ले ले, जिससे मैं अपनी दुर्दशा न देखने पाऊँ।”
16 ১৬ তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰলৈ লৈ আহা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক।
१६यहोवा ने मूसा से कहा, “इस्राएली पुरनियों में से सत्तर ऐसे पुरुष मेरे पास इकट्ठे कर, जिनको तू जानता है कि वे प्रजा के पुरनिये और उनके सरदार हैं और मिलापवाले तम्बू के पास ले आ, कि वे तेरे साथ यहाँ खड़े हों।
17 ১৭ পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব।
१७तब मैं उतरकर तुझ से वहाँ बातें करूँगा; और जो आत्मा तुझ में है उसमें से कुछ लेकर उनमें समवाऊँगा; और वे इन लोगों का भार तेरे संग उठाए रहेंगे, और तुझे उसको अकेले उठाना न पड़ेगा।
18 ১৮ আৰু তুমি লোকসকলক কোৱা, ‘তোমালোকে কালিৰ বাবে নিজক পবিত্ৰ কৰা; যিহোৱা যে আহিব নিজকে যুগুত কৰা। তেতিয়া তোমালোকে মাংস খাবলৈ পাবা; কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, ‘আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিচৰ দেশত আমাৰ ভাল আছিল।’ এই হেতুকে যিহোৱাই তোমালোকক মাংস দিব; আৰু তোমালোকে খাবলৈ পাবা।
१८और लोगों से कह, ‘कल के लिये अपने को पवित्र करो, तब तुम्हें माँस खाने को मिलेगा; क्योंकि तुम यहोवा के सुनते हुए यह कह-कहकर रोए हो, कि हमें माँस खाने को कौन देगा? हम मिस्र ही में भले थे। इसलिए यहोवा तुम को माँस खाने को देगा, और तुम खाओगे।
19 ১৯ তোমালোকে এদিন বা দুদিন, বা পাঁচ দিন, বা দহ দিন, বা বিশ দিন যে তাক খাবা এনে নহয়;
१९फिर तुम एक दिन, या दो, या पाँच, या दस, या बीस दिन ही नहीं,
20 ২০ সম্পূৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয়, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগ্ৰাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে, ‘আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ’?”
२०परन्तु महीने भर उसे खाते रहोगे, जब तक वह तुम्हारे नथनों से निकलने न लगे और तुम को उससे घृणा न हो जाए, क्योंकि तुम लोगों ने यहोवा को जो तुम्हारे मध्य में है तुच्छ जाना है, और उसके सामने यह कहकर रोए हो कि हम मिस्र से क्यों निकल आए?’”
21 ২১ তেতিয়া মোচিয়ে ক’লে, “যি লোকসকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পূৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’
२१फिर मूसा ने कहा, “जिन लोगों के बीच मैं हूँ उनमें से छः लाख तो प्यादे ही हैं; और तूने कहा है कि मैं उन्हें इतना माँस दूँगा, कि वे महीने भर उसे खाते ही रहेंगे।
22 ২২ তেওঁলোকক আটাই মেৰ, ছাগলী আৰু গৰুৰ জাক মাৰিব লাগে নে? নাইবা তেওঁলোকক প্ৰয়োজন হোৱাকৈ সাগৰৰ আটাই মাছ গোটাব লাগে নে?”
२२क्या वे सब भेड़-बकरी गाय-बैल उनके लिये मारे जाएँ कि उनको माँस मिले? या क्या समुद्र की सब मछलियाँ उनके लिये इकट्ठी की जाएँ, कि उनको माँस मिले?”
23 ২৩ তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”
२३यहोवा ने मूसा से कहा, “क्या यहोवा का हाथ छोटा हो गया है? अब तू देखेगा कि मेरा वचन जो मैंने तुझ से कहा है वह पूरा होता है कि नहीं।”
24 ২৪ তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোকসকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে।
२४तब मूसा ने बाहर जाकर प्रजा के लोगों को यहोवा की बातें कह सुनाईं; और उनके पुरनियों में से सत्तर पुरुष इकट्ठा करके तम्बू के चारों ओर खड़े किए।
25 ২৫ তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।
२५तब यहोवा बादल में होकर उतरा और उसने मूसा से बातें कीं, और जो आत्मा उसमें था उसमें से लेकर उन सत्तर पुरनियों में समवा दिया; और जब वह आत्मा उनमें आया तब वे भविष्यद्वाणी करने लगे। परन्तु फिर और कभी न की।
26 ২৬ কিন্তু দুজন মানুহ ছাউনিত থাকিল, এজনৰ নাম ইল্দদ, আন জনৰ নাম মেদদ। এই দুজনতো আত্মা থাকিল। তেওঁলোকৰ নাম বহীত নাম লিখা লোকসকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। যিয়েই নহওঁক লাগে, কিন্তু তেওঁলোকে ছাউনিত ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
२६परन्तु दो मनुष्य छावनी में रह गए थे, जिसमें से एक का नाम एलदाद और दूसरे का मेदाद था, उनमें भी आत्मा आया; ये भी उन्हीं में से थे जिनके नाम लिख लिए गये थे, पर तम्बू के पास न गए थे, और वे छावनी ही में भविष्यद्वाणी करने लगे।
27 ২৭ তাতে এজন ডেকা মানুহে লৰি গৈ মোচিক ক’লে, “ইল্দদ আৰু মেদদে ছাউনিত ভাববাণী প্ৰচাৰ কৰিছে।”
२७तब किसी जवान ने दौड़कर मूसा को बताया, कि एलदाद और मेदाद छावनी में भविष्यद्वाणी कर रहे हैं।
28 ২৮ তেতিয়া মোচিৰ পৰিচাৰক, তেওঁৰ মনোনীত লোক নুনৰ পুত্ৰ যিহোচূৱাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মোচি, তেওঁলোকক নিষেধ কৰক।”
२८तब नून का पुत्र यहोशू, जो मूसा का टहलुआ और उसके चुने हुए वीरों में से था, उसने मूसा से कहा, “हे मेरे स्वामी मूसा, उनको रोक दे।”
29 ২৯ তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।”
२९मूसा ने उससे कहा, “क्या तू मेरे कारण जलता है? भला होता कि यहोवा की सारी प्रजा के लोग भविष्यद्वक्ता होते, और यहोवा अपना आत्मा उन सभी में समवा देता!”
30 ৩০ পাছত মোচি আৰু ইস্ৰায়েলৰ বৃদ্ধসকল ছাউনিলৈ গ’ল।
३०तब फिर मूसा इस्राएल के पुरनियों समेत छावनी में चला गया।
31 ৩১ পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল।
३१तब यहोवा की ओर से एक बड़ी आँधी आई, और वह समुद्र से बटेरें उड़ाकर छावनी पर और उसके चारों ओर इतनी ले आई, कि वे इधर-उधर एक दिन के मार्ग तक भूमि पर दो हाथ के लगभग ऊँचे तक छा गए।
32 ৩২ তাতে তেওঁলোকে সেই ওৰে দিন ওৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বটা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে, তাৰো দহ হোমৰ আছিল। পাছত তেওঁলোকৰ ছাউনিৰ চাৰিওফালে নিজৰ বাবে, তাক শুকাবলৈ মেলি দিলে।
३२और लोगों ने उठकर उस दिन भर और रात भर, और दूसरे दिन भी दिन भर बटेरों को बटोरते रहे; जिसने कम से कम बटोरा उसने दस होमेर बटोरा; और उन्होंने उन्हें छावनी के चारों ओर फैला दिया।
33 ৩৩ কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোকসকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে।
३३माँस उनके मुँह ही में था, और वे उसे खाने न पाए थे कि यहोवा का कोप उन पर भड़क उठा, और उसने उनको बहुत बड़ी मार से मारा।
34 ৩৪ আৰু সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তাবা [খঁকুৱা স্বভাৱৰ লোকসকলৰ মৈদাম] ৰখা হ’ল; কিয়নো সেই ঠাইত তেওঁলোকে খঁকুৱা স্বভাৱৰ লোকবোৰক মৈদাম দিলে।
३४और उस स्थान का नाम किब्रोतहत्तावा पड़ा, क्योंकि जिन लोगों ने माँस की लालसा की थी उनको वहाँ मिट्टी दी गई।
35 ৩৫ পাছত লোকসকলে কিব্ৰোৎ-হত্তাবাৰ পৰা হচেৰোতলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল।
३५फिर इस्राएली किब्रोतहत्तावा से प्रस्थान करके हसेरोत में पहुँचे, और वहीं रहे।

< গণনা পুস্তক 11 >