< গণনা পুস্তক 10 >
1 ১ পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
Locutusque est Dominus ad Moysen, dicens:
2 ২ “তুমি ৰূপৰ দুটা তূৰী সাজা। সেই ৰূপক পিতাই গঢ়াবা। লোকসকলক মাতিবলৈ আৰু ছাউনিবোৰ উঠি যাবৰ বাবে তুমি তাক ব্যৱহাৰ কৰিবা।
Fac tibi duas tubas argenteas ductiles, quibus convocare possis multitudinem quando movenda sunt castra.
3 ৩ সেই দুটা তূৰী বজালে, গোটেই লোকসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব।
Cumque increpueris tubis, congregabitur ad te omnis turba ad ostium tabernaculi fœderis.
4 ৪ কিন্তু এটা তূৰী বজালে, অধ্যক্ষসকল ইস্ৰায়েলৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব।
Si semel clangueris, venient ad te principes, et capita multitudinis Israel.
5 ৫ আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব।
Si autem prolixior atque concisus clangor increpuerit, movebunt castra primi qui sunt ad orientalem plagam.
6 ৬ আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।
In secundo autem sonitu et pari ululatu tubæ, levabunt tentoria qui habitant ad meridiem. Et iuxta hunc modum reliqui facient, ululantibus tubis in profectionem.
7 ৭ লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা।
Quando autem congregandus est populus, simplex tubarum clangor erit, et non concise ululabunt.
8 ৮ হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।
Filii autem Aaron sacerdotes clangent tubis: eritque hoc legitimum sempiternum in generationibus vestris.
9 ৯ আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
Si exieritis ad bellum de terra vestra contra hostes qui dimicant adversum vos, clangetis ululantibus tubis, et erit recordatio vestri coram Domino Deo vestro, ut eruamini de manibus inimicorum vestrorum.
10 ১০ আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
Si quando habebitis epulum, et dies festos, et calendas, canetis tubis super holocaustis, et pacificis victimis, ut sint vobis in recordationem Dei vestri. Ego Dominus Deus vester.
11 ১১ পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল।
Anno secundo, mense secundo, vigesima die mensis elevata est nubes de tabernaculo fœderis:
12 ১২ তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
profectique sunt filii Israel per turmas suas de deserto Sinai, et recubuit nubes in solitudine Pharan.
13 ১৩ মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।
Moveruntque castra primi iuxta imperium Domini in manu Moysi.
14 ১৪ প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল।
Filii Iuda per turmas suas: quorum princeps erat Nahasson filius Aminadab.
15 ১৫ আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল।
In tribu filiorum Issachar fuit princeps Nathanael filius Suar.
16 ১৬ আৰু হেলোনৰ পুত্ৰ ইলীয়াব জবূলূন ফৈদৰ সেনাপতি আছিল।
In tribu Zabulon erat princeps Eliab filius Helon.
17 ১৭ পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোনৰ সন্তান সকলে আৰু মৰাৰীৰ সন্তান সকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে।
Depositumque est tabernaculum, quod portantes egressi sunt filii Gerson et Merari.
18 ১৮ তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল।
Profectique sunt et filii Ruben, per turmas et ordinem suum: quorum princeps erat Helisur filius Sedeur.
19 ১৯ আৰু চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োন ফৈদৰ সেনাপতি আছিল।
In tribu autem filiorum Simeon, princeps fuit Salamiel filius Surisaddai.
20 ২০ আৰু দুৱেলৰ পুত্ৰ ইলিয়াচফ গাদ ফৈদৰ সেনাপতি আছিল।
Porro in tribu Gad erat princeps Eliasaph filius Duel.
21 ২১ পাছে পবিত্ৰ স্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোকসকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আন লোকসকলে আবাস স্থাপন কৰিলে।
Profectique sunt et Caathitæ portantes Sanctuarium. Tamdiu tabernaculum portabatur, donec venirent ad erectionis locum.
22 ২২ পাছে ইফ্ৰয়িমৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে; আৰু অম্মীহূদৰ পুত্ৰ ইলীচামা তেওঁলোকৰ সেনাপতি আছিল।
Moverunt castra et filii Ephraim per turmas suas, in quorum exercitu princeps erat Elisama filius Ammiud.
23 ২৩ আৰু পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচি ফৈদৰ সেনাপতি আছিল।
In tribu autem filiorum Manasse princeps fuit Gamaliel filius Phadassur.
24 ২৪ আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল।
Et in tribu Beniamin erat dux Abidan filius Gedeonis.
25 ২৫ পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল।
Novissimi castrorum omnium profecti sunt filii Dan per turmas suas, in quorum exercitu princeps fuit Ahiezer filius Ammisaddai.
26 ২৬ আৰু আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল।
In tribu autem filiorum Aser erat princeps Phegiel filius Ochran.
27 ২৭ আৰু ঐননৰ পুত্ৰ অহীৰা নপ্তালী ফৈদৰ সেনাপতি আছিল।
Et in tribu filiorum Nephthali princeps fuit Ahira filius Enan.
28 ২৮ প্ৰস্থান কৰা সময়ত ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ সৈন্যদল অনুসাৰে এইদৰে প্ৰস্থান কৰিলে।
Hæc sunt castra, et profectiones filiorum Israel per turmas suas quando egrediebantur.
29 ২৯ পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
Dixitque Moyses Hobab filio Raguel Madianitæ, cognato suo: Proficiscimur ad locum, quem Dominus daturus est nobis: veni nobiscum, ut benefaciamus tibi: quia Dominus bona promisit Israeli.
30 ৩০ কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।”
Cui ille respondit: Non vadam tecum, sed revertar in terram meam, in qua natus sum.
31 ৩১ মোচিয়ে আকৌ ক’লে, “মিনতি কৰিছোঁ, তুমি আমাক নেৰিবা; কিয়নো মৰুভুমিত মাজত কোন ঠাইত আমাৰ ছাউনি স্থাপন কৰিব লগা হ’ব, তাক তুমি জানা। এই কাৰণে তুমি আমাৰ চকুস্বৰূপ হ’বা।
Et ille: Noli, inquit, nos relinquere: tu enim nosti in quibus locis per desertum castra ponere debeamus, et eris ductor noster.
32 ৩২ আৰু যদি তুমি আমাৰ লগত যোৱা, তেনেহলে, যিহোৱাই আমাৰ যি মঙ্গল কৰিব, আমি তোমাকো সেই মঙ্গল ভোগ কৰাম।”
Cumque nobiscum veneris, quidquid optimum fuerit ex opibus, quas nobis traditurus est Dominus, dabimus tibi.
33 ৩৩ পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল।
Profecti sunt ergo de Monte Domini viam trium dierum, arcaque fœderis Domini præcedebat eos, per dies tres providens castrorum locum.
34 ৩৪ আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।
Nubes quoque Domini super eos erat per diem cum incederent.
35 ৩৫ আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।”
Cumque elevaretur arca, dicebat Moyses: Surge Domine, et dissipentur inimici tui, et fugiant qui oderunt te, a facie tua.
36 ৩৬ আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”
Cum autem deponeretur, aiebat: Revertere Domine, ad multitudinem exercitus Israel.