< নেহেমিয়া 9 >
1 ১ তাৰ পাছত সেই মাহৰ চৌবিশ দিনৰ দিনা ইস্ৰায়েলৰ সন্তান সকল সমবেত হৈ লঘোন দি, চট কাপোৰ পিন্ধিলে, আৰু তেওঁলোকে নিজৰ মুৰত ধুলি লগালে।
ସେହି ମାସର ଚବିଶତମ ଦିନରେ ଇସ୍ରାଏଲ-ସନ୍ତାନଗଣ ଏକତ୍ରିତ ହୋଇ ଉପବାସ କରି, ଅଖା ପିନ୍ଧି ଓ ଆପଣା ଆପଣା ମସ୍ତକ ଉପରେ ମାଟି ଦେଲେ।
2 ২ ইস্ৰায়েলৰ-বংশধৰ সকলে বিদেশী সকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ, আৰু তেওঁলোকৰ পুৰ্ব-পুৰুষ সকলৰ অপৰাধ স্বীকাৰ কৰিলে।
ଆଉ, ଇସ୍ରାଏଲ ବଂଶ ବିଦେଶୀୟ ସମସ୍ତଙ୍କଠାରୁ ଆପଣାମାନଙ୍କୁ ପୃଥକ କଲେ, ପୁଣି ଠିଆ ହୋଇ ଆପଣା ଆପଣା ପାପ ଓ ଆପଣା ଆପଣା ପୂର୍ବପୁରୁଷଗଣଙ୍କ ଅପରାଧ ସ୍ୱୀକାର କଲେ।
3 ৩ তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।
ପୁଣି, ସେମାନେ ସ୍ୱ ସ୍ୱ ସ୍ଥାନରେ ଠିଆ ହୋଇ ଦିନର ଚତୁର୍ଥାଂଶ ପର୍ଯ୍ୟନ୍ତ ସଦାପ୍ରଭୁ ଆପଣାମାନଙ୍କ ପରମେଶ୍ୱରଙ୍କ ବ୍ୟବସ୍ଥା-ପୁସ୍ତକରୁ ପାଠ କଲେ ଓ ଅନ୍ୟ ଚତୁର୍ଥାଂଶ ପର୍ଯ୍ୟନ୍ତ ସେମାନେ ପାପ ସ୍ୱୀକାର କରି ସଦାପ୍ରଭୁ ପରମେଶ୍ୱରଙ୍କୁ ପ୍ରଣାମ କଲେ।
4 ৪ লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
ଆଉ, ଲେବୀୟମାନେ, ଯେଶୂୟ ଓ ବାନି, କଦ୍ମୀୟେଲ, ଶବନୀୟ, ବୁନ୍ନି, ଶେରେବୀୟ, ବାନି ଓ କନାନି ପାବଚ୍ଛରେ ଠିଆ ହୋଇ ସଦାପ୍ରଭୁ ପରମେଶ୍ୱରଙ୍କୁ ଉଚ୍ଚସ୍ୱରରେ ଡାକିଲେ।
5 ৫ তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
ଯେଶୂୟ ଓ କଦ୍ମୀୟେଲ, ବାନି, ହଶବନୀୟ, ଶେରେବୀୟ, ହୋଦୀୟ, ଶବନୀୟ ଓ ପଥାହୀୟ, ଓ ଲେବୀୟମାନେ କହିଲେ, “ଉଠ, ଅନାଦିକାଳରୁ ଅନନ୍ତକାଳସ୍ଥାୟୀ ସଦାପ୍ରଭୁ ତୁମ୍ଭ ପରମେଶ୍ୱରଙ୍କର ଧନ୍ୟବାଦ କର; ପୁଣି, ସକଳ ଧନ୍ୟବାଦ ଓ ପ୍ରଶଂସାରୁ ଉନ୍ନତ ତୁମ୍ଭ ପ୍ରତାପାନ୍ୱିତ ନାମ ଧନ୍ୟ ହେଉ।
6 ৬ আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
କେବଳ ତୁମ୍ଭେ ହିଁ ସଦାପ୍ରଭୁ ଅଟ; ତୁମ୍ଭେ ସ୍ୱର୍ଗ, ସ୍ୱର୍ଗର ସ୍ୱର୍ଗ ଓ ତହିଁର ସମଗ୍ର ବାହିନୀ, ପୃଥିବୀ ଓ ତନ୍ମଧ୍ୟସ୍ଥ ସମସ୍ତ ବସ୍ତୁ, ସମୁଦ୍ର ଓ ତନ୍ମଧ୍ୟସ୍ଥସକଳ ବସ୍ତୁ ନିର୍ମାଣ କରିଅଛ ଓ ତୁମ୍ଭେ ସେସବୁର ସ୍ଥିତି କରୁଅଛ ଓ ସ୍ୱର୍ଗୀୟ-ବାହିନୀ ତୁମ୍ଭକୁ ପ୍ରଣାମ କରନ୍ତି।
7 ৭ আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
ତୁମ୍ଭେ ହିଁ ସଦାପ୍ରଭୁ ପରମେଶ୍ୱର ଅଟ, ତୁମ୍ଭେ ଅବ୍ରାମଙ୍କୁ ମନୋନୀତ କଲ ଓ କଲ୍ଦୀୟମାନଙ୍କ ଊର ଦେଶରୁ ତାହାକୁ ବାହାର କରି ଆଣି ଅବ୍ରହାମ ନାମ ଦେଲ;
8 ৮ আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।
ତୁମ୍ଭେ ଆପଣା ସାକ୍ଷାତରେ ତାହାର ଅନ୍ତଃକରଣ ବିଶ୍ୱସ୍ତ ଦେଖିଲ, ପୁଣି କିଣାନୀୟ, ହିତ୍ତୀୟ, ଇମୋରୀୟ ଓ ପରିଷୀୟ ଓ ଯିବୂଷୀୟ ଓ ଗିର୍ଗାଶୀୟ ଲୋକମାନଙ୍କ ଦେଶ ଦେବାକୁ, ଅର୍ଥାତ୍, ତାହାର ବଂଶକୁ ଦେବା ପାଇଁ ତାହା ସଙ୍ଗେ ନିୟମ କଲ, ପୁଣି ଆପଣା ବାକ୍ୟ ସଫଳ କରିଅଛ; କାରଣ ତୁମ୍ଭେ ଧର୍ମମୟ।
9 ৯ আপুনি মিচৰত থকা আমাৰ ওপৰ-পিতৃসকলৰ দুখলৈ দৃষ্টি কৰিছিল, আৰু চূফ সাগৰৰ কাষত তেওঁলোকৰ কাতৰোক্তি শুনিছিল।
ଏଥିଉତ୍ତାରେ ତୁମ୍ଭେ ମିସର ଦେଶରେ ଆମ୍ଭ ପୂର୍ବପୁରୁଷଗଣର କ୍ଳେଶ ଦେଖିଲ ଓ ସୂଫ ସାଗର ନିକଟରେ ସେମାନଙ୍କର କ୍ରନ୍ଦନ ଶୁଣିଲ;
10 ১০ আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে।
ପୁଣି, ଫାରୋ ଓ ତାହାର ସମସ୍ତ ଦାସ ଓ ତାହାର ଦେଶସ୍ଥ ସମୁଦାୟ ଲୋକଙ୍କ ପ୍ରତି ନାନା ଚିହ୍ନ ଓ ଆଶ୍ଚର୍ଯ୍ୟକର୍ମ ପ୍ରକାଶ କଲ; କାରଣ ମିସରୀୟମାନେ ସେମାନଙ୍କ ବିରୁଦ୍ଧରେ ଗର୍ବାଚରଣ କରିବାର ତୁମ୍ଭେ ଜାଣିଲ; ଏଣୁ ତୁମ୍ଭେ ଆଜି ପର୍ଯ୍ୟନ୍ତ ଆପଣା ନାମ ପ୍ରସିଦ୍ଧ କରିଅଛ।
11 ১১ আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
ପୁଣି, ତୁମ୍ଭେ ସେମାନଙ୍କ ସାକ୍ଷାତରେ ସମୁଦ୍ରକୁ ବିଭାଗ କଲ, ତହୁଁ ସେମାନେ ଶୁଷ୍କ ଭୂମି ଦେଇ ଯିବା ପରି ସମୁଦ୍ର ମଧ୍ୟରେ ଗମନ କଲେ; ମାତ୍ର ଗଭୀର ଜଳରେ ପ୍ରସ୍ତର ତୁଲ୍ୟ ତୁମ୍ଭେ ସେମାନଙ୍କ ପଛେ ଗୋଡ଼ାଇବା ଲୋକମାନଙ୍କୁ ଅଗାଧ ସମୁଦ୍ରରେ ନିକ୍ଷେପ କଲ।
12 ১২ আপুনি ৰাতি অগ্নি স্তম্ভৰ দ্ৱাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘ স্তম্ভৰ দ্ৱাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে।
ଆହୁରି, ତୁମ୍ଭେ ଦିବସରେ ମେଘସ୍ତମ୍ଭ ଦ୍ୱାରା ଓ ରାତ୍ରିରେ ସେମାନଙ୍କ ଗନ୍ତବ୍ୟ ପଥରେ ଦୀପ୍ତି ଦେବା ନିମନ୍ତେ ଅଗ୍ନିସ୍ତମ୍ଭ ଦ୍ୱାରା ସେମାନଙ୍କୁ ଗମନ କରାଇଲ।
13 ১৩ আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
ମଧ୍ୟ ତୁମ୍ଭେ ସୀନୟ ପର୍ବତକୁ ଓହ୍ଲାଇ ଆସି ସ୍ୱର୍ଗରୁ ସେମାନଙ୍କ ସଙ୍ଗେ କଥାବାର୍ତ୍ତା କଲ ଓ ସେମାନଙ୍କୁ ଯଥାର୍ଥ ଶାସନ ଓ ସତ୍ୟ ବ୍ୟବସ୍ଥା, ଉତ୍ତମ ବିଧି ଓ ଆଜ୍ଞା ପ୍ରଦାନ କଲ;
14 ১৪ আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
ଆଉ, ସେମାନଙ୍କୁ ଆପଣାର ପବିତ୍ର ବିଶ୍ରାମ ଦିନ ଜ୍ଞାତ କରାଇଲ ଓ ଆପଣା ଦାସ ମୋଶାଙ୍କ ହସ୍ତରେ ସେମାନଙ୍କୁ ଆଜ୍ଞା ଓ ବିଧି ଓ ବ୍ୟବସ୍ଥା ଆଦେଶ କଲ;
15 ১৫ তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।
ପୁଣି, ସେମାନଙ୍କ କ୍ଷୁଧା ନିବାରଣାର୍ଥେ ସେମାନଙ୍କୁ ସ୍ୱର୍ଗରୁ ଭକ୍ଷ୍ୟ ଦେଲ ଓ ସେମାନଙ୍କ ତୃଷା ନିବାରଣାର୍ଥେ ଶୈଳରୁ ଜଳ ନିର୍ଗତ କଲେ, ଆଉ ତୁମ୍ଭେ ସେମାନଙ୍କୁ ଯେଉଁ ଦେଶ ଦେବା ପାଇଁ ହସ୍ତ ଉଠାଇ ଥିଲ, ସେହି ଦେଶ ଅଧିକାରାର୍ଥେ ତହିଁ ମଧ୍ୟରେ ପ୍ରବେଶ କରିବାକୁ ଆଜ୍ଞା କଲେ।
16 ১৬ কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্ব-পুৰুষ সকলে অসন্মান জনক কার্য কৰিলে। তেওঁলোক আঁকোৰগোঁজ আছিল, আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল।
ମାତ୍ର ସେମାନେ ଓ ଆମ୍ଭମାନଙ୍କ ପୂର୍ବପୁରୁଷମାନେ ଗର୍ବାଚରଣ କଲେ ଓ ଆପଣା ଆପଣାକୁ କଠିନ କଲେ ଓ ତୁମ୍ଭ ଆଜ୍ଞାରେ କର୍ଣ୍ଣପାତ କଲେ ନାହିଁ,
17 ১৭ তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
ଆଉ ସେମାନେ ପାଳିବାକୁ ଅସମ୍ମତ ହେଲେ, କିଅବା ତୁମ୍ଭେ ସେମାନଙ୍କ ମଧ୍ୟରେ ଯେଉଁ ଆଶ୍ଚର୍ଯ୍ୟକର୍ମ କରିଥିଲ, ତାହା ସ୍ମରଣରେ ରଖିଲେ ନାହିଁ; ମାତ୍ର ଆପଣା ଆପଣା ମନ କଠିନ କଲେ ଓ ଦାସତ୍ୱାବସ୍ଥାକୁ ଫେରିଯିବା ନିମନ୍ତେ ବିଦ୍ରୋହ ଭାବରେ ଜଣକୁ ପ୍ରଧାନ କରି ନିଯୁକ୍ତ କଲେ; ତଥାପି ତୁମ୍ଭେ କ୍ଷମା କରିବାକୁ ଉଦ୍ୟତ, କୃପାମୟ ଓ ସ୍ନେହଶୀଳ, କ୍ରୋଧରେ ଧୀର ଓ ଦୟାରେ ପରିପୂର୍ଣ୍ଣ ପରମେଶ୍ୱର ଅଟ, ଏଣୁ ସେମାନଙ୍କୁ ପରିତ୍ୟାଗ କଲ ନାହିଁ।
18 ১৮ তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি সাঁচত ঢালি এটা দামুৰি নিৰ্ম্মাণ কৰি কৈছিল, “মিচৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এৱেঁই” তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰ নাছিল।
ହଁ, ଏପରିକି ସେମାନେ ଛାଞ୍ଚରେ ଢଳା ଏକ ଗୋବତ୍ସ ନିର୍ମାଣ କରି କହିଲେ, ‘ଯେଉଁ ଦେବତା ତୁମ୍ଭକୁ ମିସର ଦେଶରୁ ବାହାର କରି ଆଣିଲେ, ସେ ଏହି,’ ଏହା କହି ପ୍ରଭୁଙ୍କୁ ମହା ଅପମାନ କଲେ;
19 ১৯ আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘ স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি স্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল।
ସେତେବେଳେ ତୁମ୍ଭେ ଆପଣା ବହୁବିଧ ଦୟାରେ ସେମାନଙ୍କୁ ପ୍ରାନ୍ତରରେ ପରିତ୍ୟାଗ କଲ ନାହିଁ; ପଥ କଢ଼ାଇବା ନିମନ୍ତେ ଦିବସରେ ମେଘସ୍ତମ୍ଭ, କିଅବା ସେମାନଙ୍କୁ ଆଲୁଅ ଓ ଗନ୍ତବ୍ୟ ପଥ ଦେଖାଇବା ନିମନ୍ତେ ରାତ୍ରିରେ ଅଗ୍ନିସ୍ତମ୍ଭ ସେମାନଙ୍କ ଆଗରୁ ପ୍ରସ୍ଥାନ କଲା ନାହିଁ।
20 ২০ আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
ଆହୁରି, ତୁମ୍ଭେ ସେମାନଙ୍କୁ ଶିକ୍ଷା ଦେବା ପାଇଁ ଆପଣାର ମଙ୍ଗଳମୟ ଆତ୍ମା ପ୍ରଦାନ କଲ ଓ ସେମାନଙ୍କ ମୁଖରୁ ଆପଣା ମାନ୍ନା ଅଟକାଇଲ ନାହିଁ ଓ ସେମାନଙ୍କ ତୃଷା ନିବାରଣାର୍ଥେ ସେମାନଙ୍କୁ ଜଳ ଦେଲ।
21 ২১ আপুনি চল্লিশ বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিলে। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। তেওঁলোকৰ কাপোৰ ফটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল।
ତୁମ୍ଭେ ଚାଳିଶ ବର୍ଷ ପର୍ଯ୍ୟନ୍ତ ପ୍ରାନ୍ତରରେ ସେମାନଙ୍କୁ ପ୍ରତିପାଳନ କଲ, ସେମାନଙ୍କର କିଛି ଅଭାବ ହେଲା ନାହିଁ; ସେମାନଙ୍କ ବସ୍ତ୍ର ଜୀର୍ଣ୍ଣ ହେଲା ନାହିଁ ଓ ସେମାନଙ୍କ ପାଦ ଫୁଲିଲା ନାହିଁ।
22 ২২ আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চীহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
ଆହୁରି, ତୁମ୍ଭେ ସେମାନଙ୍କୁ ନାନା ରାଜ୍ୟ ଓ ଗୋଷ୍ଠୀ ଦେଲ ଓ ତାହା ସେମାନଙ୍କ ବାଣ୍ଟ ଅନୁସାରେ ନିରୂପଣ କଲ; ତହୁଁ ସେମାନେ ସୀହୋନ ଦେଶ, ଅର୍ଥାତ୍, ହିଷ୍ବୋନ ରାଜାର ଦେଶ ଓ ବାଶନର ଓଗ୍ ରାଜାର ଦେଶ ଅଧିକାର କଲେ।
23 ২৩ আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”
ଆହୁରି, ତୁମ୍ଭେ ସେମାନଙ୍କ ସନ୍ତାନଗଣକୁ ଆକାଶର ନକ୍ଷତ୍ରଗଣ ତୁଲ୍ୟ ବହୁସଂଖ୍ୟକ କଲ ଓ ଯେଉଁ ଦେଶ ସେମାନେ ଅଧିକାର କରିବାକୁ ଯିବେ ବୋଲି ତୁମ୍ଭେ ସେମାନଙ୍କ ପିତୃଗଣକୁ କହିଥିଲ, ସେହି ଦେଶକୁ ସେମାନଙ୍କୁ ଆଣିଲ।
24 ২৪ সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে, আৰু আপুনি সেই দেশ নিবাসী কনানীয়া সকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইস্রায়েলী সকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোক সকলকো আপুনি তেওঁলোকৰ হাতত শোধাই দিলে।
ଏହିରୂପେ ସେହି ସନ୍ତାନଗଣ ଦେଶରେ ପ୍ରବେଶ କରି ଅଧିକାର କଲେ, ଆଉ ତୁମ୍ଭେ ସେମାନଙ୍କ ସମ୍ମୁଖରେ ସେହି ଦେଶବାସୀ କିଣାନୀୟମାନଙ୍କୁ ପରାସ୍ତ କଲ ଓ ସେମାନେ ଯେପରି ଆପଣା ଇଚ୍ଛାମତ ବ୍ୟବହାର କରିବେ, ଏଥିପାଇଁ ସେମାନଙ୍କୁ ଓ ସେମାନଙ୍କ ରାଜାଗଣକୁ ଓ ଦେଶସ୍ଥ ନାନା ଗୋଷ୍ଠୀକୁ ସେମାନଙ୍କ ହସ୍ତରେ ସମର୍ପଣ କଲ।
25 ২৫ তেওঁলোকে গড়েৰে আবৃত নগৰবোৰ আৰু এখন উৰ্বৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰ সমূহ, ইতিমধ্যে খান্দি থোৱা নাদ, দ্ৰাক্ষাবাৰী, জিত বাৰী, আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে। সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ’ল, আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে।
ତହିଁରେ ସେମାନେ ପ୍ରାଚୀର-ବେଷ୍ଟିତ ନଗରସକଳ ଓ ଉର୍ବରା ଭୂମି ନେଲେ, ସର୍ବପ୍ରକାର ଉତ୍ତମ ଦ୍ରବ୍ୟରେ ପରିପୂର୍ଣ୍ଣ ଗୃହ, ଖୋଦିତ କୂପ, ଦ୍ରାକ୍ଷାକ୍ଷେତ୍ର ଓ ଜୀତକ୍ଷେତ୍ର ଓ ପ୍ରଚୁର ଫଳବୃକ୍ଷ ଅଧିକାର କଲେ; ତହୁଁ ସେମାନେ ଭୋଜନ କରି ତୃପ୍ତ ଓ ପୁଷ୍ଟ ହେଲେ ଓ ତୁମ୍ଭର ମହାମଙ୍ଗଳଦାନରେ ଆନନ୍ଦ କଲେ।
26 ২৬ তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
ତଥାପି ସେମାନେ ଅନାଜ୍ଞାବହ ହେଲେ ଓ ତୁମ୍ଭ ବିରୁଦ୍ଧରେ ବିଦ୍ରୋହାଚରଣ କଲେ ଓ ତୁମ୍ଭ ବ୍ୟବସ୍ଥା ଆପଣା ପଛକୁ ପକାଇଲେ, ଆଉ ତୁମ୍ଭର ଯେଉଁ ଭବିଷ୍ୟଦ୍ବକ୍ତାମାନେ ସେମାନଙ୍କୁ ତୁମ୍ଭ ପ୍ରତି ପୁନର୍ବାର ଫେରାଇବା ପାଇଁ ସେମାନଙ୍କୁ ଚେତାବନୀ ଦେଲେ, ତେଣୁ ସେମାନଙ୍କୁ ବଧ କଲେ ଓ ଅପମାନଜନକ କାର୍ଯ୍ୟ କଲେ।
27 ২৭ যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
ଏହେତୁ ତୁମ୍ଭେ ସେମାନଙ୍କୁ ବିପକ୍ଷଗଣ ହସ୍ତରେ ସମର୍ପଣ କରନ୍ତେ, ସେମାନେ ସେମାନଙ୍କୁ କ୍ଳେଶ ଦେଲେ; ମାତ୍ର କ୍ଳେଶ ସମୟରେ ସେମାନେ ତୁମ୍ଭ ନିକଟରେ କ୍ରନ୍ଦନ କରନ୍ତେ, ତୁମ୍ଭେ ସ୍ୱର୍ଗରୁ ତାହା ଶୁଣିଲ; ଆଉ, ଆପଣାର ବହୁବିଧ ଦୟାନୁସାରେ ସେମାନଙ୍କୁ ସେମାନଙ୍କ ବିପକ୍ଷଗଣ ହସ୍ତରୁ ସେମାନଙ୍କୁ ଉଦ୍ଧାର କଲେ।
28 ২৮ কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত, পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কু-আচৰণ কৰিলে। সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্রুবোৰৰ হাতত শোধাই দিলে, আৰু শত্রুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
ମାତ୍ର ସେମାନେ ବିଶ୍ରାମ ପାଇଲା ଉତ୍ତାରେ ପୁନର୍ବାର ତୁମ୍ଭ ଦୃଷ୍ଟିରେ କୁକର୍ମ କଲେ; ଏହେତୁ ତୁମ୍ଭେ ସେମାନଙ୍କୁ ଶତ୍ରୁଗଣ ହସ୍ତରେ ସମର୍ପଣ କଲ, ସେମାନେ ସେମାନଙ୍କ ଉପରେ କର୍ତ୍ତୃତ୍ୱ କଲେ, ତଥାପି ଯେତେବେଳେ ସେମାନେ ଫେରି ତୁମ୍ଭ ନିକଟରେ କ୍ରନ୍ଦନ କଲେ, ସେତେବେଳେ ତୁମ୍ଭେ ସ୍ୱର୍ଗରୁ ତାହା ଶୁଣିଲ; ଆଉ, ଅନେକ ଥର ତୁମ୍ଭେ ଆପଣା ଦୟାନୁସାରେ ସେମାନଙ୍କୁ ଉଦ୍ଧାର କଲ।
29 ২৯ আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
ପୁଣି, ସେମାନଙ୍କୁ ପୁନର୍ବାର ଆପଣା ବ୍ୟବସ୍ଥାରୂପ ମାର୍ଗକୁ ଆଣିବା ନିମନ୍ତେ ସେମାନଙ୍କ ଚେତାବନୀ ଦେଲ; ତଥାପି ସେମାନେ ଗର୍ବାଚରଣ କଲେ ଓ ତୁମ୍ଭ ଆଜ୍ଞାରେ କର୍ଣ୍ଣପାତ କଲେ ନାହିଁ, ମାତ୍ର ଯାହା ପାଳନ କଲେ ମନୁଷ୍ୟ ବଞ୍ଚିବ, ତୁମ୍ଭର ସେହି ଶାସନ ବିରୁଦ୍ଧରେ ପାପ କଲେ, ପୁଣି ମନଯୋଗ କଲେ ନାହିଁ ଓ ଆପଣା ଆପଣା ମନ କଠିନ କଲେ ଓ ଶୁଣିବାକୁ ଅସମ୍ମତ ହେଲେ।
30 ৩০ আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
ତଥାପି ବହୁ ବର୍ଷ ପର୍ଯ୍ୟନ୍ତ ତୁମ୍ଭେ ସେମାନଙ୍କୁ ସହ୍ୟ କଲ ଓ ଆପଣା ଆତ୍ମା ଦ୍ୱାରା ଆପଣା ଭବିଷ୍ୟଦ୍ବକ୍ତାଗଣ ଦେଇ ସେମାନଙ୍କୁ ଚେତାବନୀ ଦେଲ; ମାତ୍ର ସେମାନେ କର୍ଣ୍ଣପାତ କରିବାକୁ ସମ୍ମତ ହେଲେ ନାହିଁ; ଏହେତୁ ତୁମ୍ଭେ ସେମାନଙ୍କୁ ଅନ୍ୟ ଦେଶୀୟ ଗୋଷ୍ଠୀୟମାନଙ୍କ ହସ୍ତରେ ସମର୍ପଣ କଲ।
31 ৩১ কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্বৰ।
ତଥାପି ତୁମ୍ଭେ ଆପଣା ବହୁବିଧ ଦୟାରେ ସେମାନଙ୍କୁ ନିଃଶେଷ କଲ ନାହିଁ, ଅବା ସେମାନଙ୍କୁ ପରିତ୍ୟାଗ କଲ ନାହିଁ; କାରଣ ତୁମ୍ଭେ କୃପାମୟ ଓ ଦୟାଳୁ ପରମେଶ୍ୱର ଅଟ।
32 ৩২ সেয়ে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্বৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
ଏହେତୁ ହେ ଆମ୍ଭମାନଙ୍କ ପରମେଶ୍ୱର, ମହାନ, ପରାକ୍ରାନ୍ତ ଓ ଭୟଙ୍କର ପରମେଶ୍ୱର, ତୁମ୍ଭେ ନିୟମ ଓ ଦୟା ପାଳନ କରିଥାଅ, ଅଶୂରୀୟ ରାଜାଗଣର ସମୟଠାରୁ ଆଜି ପର୍ଯ୍ୟନ୍ତ ଆମ୍ଭମାନଙ୍କ ଉପରେ, ଆମ୍ଭମାନଙ୍କ ରାଜାଗଣ ଉପରେ, ଆମ୍ଭମାନଙ୍କ ଅଧିପତିଗଣ ଉପରେ ଓ ଆମ୍ଭମାନଙ୍କ ଯାଜକଗଣ ଉପରେ ଓ ଆମ୍ଭମାନଙ୍କ ଭବିଷ୍ୟଦ୍ବକ୍ତାଗଣ ଉପରେ ଓ ଆମ୍ଭମାନଙ୍କ ପିତୃଗଣ ଉପରେ ଓ ତୁମ୍ଭର ସମସ୍ତ ଲୋକଙ୍କ ଉପରେ ଯେ ଯେ କ୍ଳେଶ ଘଟିଅଛି, ତାହାସବୁ ତୁମ୍ଭ ଦୃଷ୍ଟିରେ କ୍ଷୁଦ୍ର ଦେଖା ନ ଯାଉ।
33 ৩৩ আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
ତଥାପି ଆମ୍ଭମାନଙ୍କ ପ୍ରତି ଯାହା ଯାହା ଘଟିଅଛି, ସେସବୁରେ ତୁମ୍ଭେ ଧର୍ମମୟ ଅଟ; କାରଣ ତୁମ୍ଭେ ସତ୍ୟରେ ବ୍ୟବହାର କରିଅଛ, ମାତ୍ର ଆମ୍ଭେମାନେ ଦୁଷ୍କର୍ମ କରିଅଛୁ।
34 ৩৪ আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
ପୁଣି, ଆମ୍ଭମାନଙ୍କ ରାଜାଗଣ, ଆମ୍ଭମାନଙ୍କ ଅଧିପତିଗଣ, ଆମ୍ଭମାନଙ୍କ ଯାଜକଗଣ ଅବା ଆମ୍ଭମାନଙ୍କ ପିତୃଗଣ ତୁମ୍ଭ ବ୍ୟବସ୍ଥା ପାଳନ କରି ନାହାନ୍ତି, କିଅବା ତୁମ୍ଭେ ଆପଣାର ଯେଉଁ ଆଜ୍ଞା ଓ ସାକ୍ଷ୍ୟ ଦ୍ୱାରା ସେମାନଙ୍କୁ ଚେତାବନୀ ଦେଲ, ତହିଁରେ କର୍ଣ୍ଣପାତ କରି ନାହାନ୍ତି।
35 ৩৫ এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত, তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উৰ্বৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা-ভক্তি কৰা নাছিল, আৰু তেওঁলোকৰ কু-আচৰণ ত্যাগ কৰা নাছিল।
ଯେଣୁ ସେମାନେ ଆପଣାମାନଙ୍କ ରାଜ୍ୟରେ, ସେମାନଙ୍କୁ ତୁମ୍ଭର ପ୍ରଦତ୍ତ ମହାମଙ୍ଗଳରେ ଓ ସେମାନଙ୍କ ସମ୍ମୁଖରେ ତୁମ୍ଭର ସମର୍ପିତ ପ୍ରଶସ୍ତ ଓ ଉର୍ବର ଦେଶରେ ତୁମ୍ଭର ସେବା କରି ନାହାନ୍ତି, କିଅବା ଆପଣା ଆପଣା ଦୁଷ୍କର୍ମରୁ ଫେରି ନାହାନ୍ତି।
36 ৩৬ বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্ব-পুৰুষ সকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ।
ଦେଖ, ଆଜି ଆମ୍ଭେମାନେ ଦାସ ହୋଇଅଛୁ! ପୁଣି ତୁମ୍ଭେ ଆମ୍ଭମାନଙ୍କ ପୂର୍ବପୁରୁଷଗଣକୁ ଯେଉଁ ଦେଶର ଫଳ ଓ ଉତ୍ତମ ଦ୍ରବ୍ୟ ଭୋଗ କରିବାକୁ ଦେଇଥିଲ, ଦେଖ, ସେହି ଦେଶରେ ଆମ୍ଭେମାନେ ଦାସ ହୋଇଅଛୁ।
37 ৩৭ আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
ଆଉ, ଆମ୍ଭମାନଙ୍କ ପାପ ହେତୁରୁ ତୁମ୍ଭେ ଯେଉଁ ରାଜାଗଣକୁ ଆମ୍ଭମାନଙ୍କ ଉପରେ ସ୍ଥାପନ କରିଅଛ, ସେମାନେ ସେହି ଦେଶର ପ୍ରଚୁର ଫଳ ଉତ୍ପନ୍ନ କରି ଭୋଗ କରୁଅଛନ୍ତି; ମଧ୍ୟ ଆମ୍ଭମାନଙ୍କ ଶରୀର ଉପରେ ଓ ଆମ୍ଭମାନଙ୍କ ପଶୁଗଣ ଉପରେ ସେମାନଙ୍କର ସ୍ୱେଚ୍ଛାମତ କ୍ଷମତା ଅଛି, ଆଉ ଆମ୍ଭେମାନେ ମହାକ୍ଳେଶରେ ଅଛୁ।”
38 ৩৮ এই সকলোৰ কাৰণে, আমি লিখিতভাৱে প্রতিজ্ঞাৱদ্ধ হ’লো, আমাৰ কোঁৱৰ, লেবীয়া আৰু পুৰোহিতসকলৰ নামেৰে সেই নথি পত্র মোহৰ মৰা হ’ল।”
ଏସବୁ ଘଟିଲେ ହେଁ ଆମ୍ଭେମାନେ ଏକ ନିଶ୍ଚିତ ନିୟମ କରି ତାହା ଲେଖୁଅଛୁ; ଆଉ, ଆମ୍ଭମାନଙ୍କ ଅଧିପତିମାନେ, ଆମ୍ଭମାନଙ୍କ ଲେବୀୟମାନେ ଓ ଆମ୍ଭମାନଙ୍କ ଯାଜକମାନେ ତାହା ମୋହରାଙ୍କିତ କରୁଅଛନ୍ତି।