< নেহেমিয়া 7 >
1 ১ দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
2 ২ মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
3 ৩ মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
4 ৪ এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
5 ৫ প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
6 ৬ “প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
7 ৭ তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
8 ৮ পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
9 ৯ চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
10 ১০ আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
11 ১১ যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
12 ১২ এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
13 ১৩ জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
14 ১৪ জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
15 ১৫ বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
16 ১৬ বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
17 ১৭ অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
18 ১৮ অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
19 ১৯ বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
20 ২০ আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
21 ২১ হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
22 ২২ হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
23 ২৩ বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
24 ২৪ হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
25 ২৫ গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
26 ২৬ বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
27 ২৭ অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
28 ২৮ বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
29 ২৯ কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
30 ৩০ ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
31 ৩১ মিকমচৰ লোকসকল এশ বাইশ জন।
32 ৩২ বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
33 ৩৩ অন্য নবোতৰ লোকসকল বাৱন্ন জন।
34 ৩৪ অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
35 ৩৫ হাৰীমৰ লোকসকল তিনি শ বিশ জন।
36 ৩৬ যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
37 ৩৭ লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
38 ৩৮ চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
39 ৩৯ পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
40 ৪০ ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
41 ৪১ পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
42 ৪২ হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
43 ৪৩ লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
44 ৪৪ গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
45 ৪৫ চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
46 ৪৬ মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
47 ৪৭ কেৰোচ, চীয়া, পাদোন,
48 ৪৮ লবানা, হগাবা, চলম্য়,
49 ৪৯ হানন, গিদ্দেল, গহৰ,
50 ৫০ ৰায়া, ৰচীন, নকোদা,
51 ৫১ গজ্জম, উজ্জা, পাচেহ,
52 ৫২ বেচয়, মিয়ূনীম, নফূচীম,
53 ৫৩ বকবুক, হকুফা, হৰ্হূৰ,
54 ৫৪ বচলীৎ, মহীদা, হৰ্চা,
55 ৫৫ বৰ্কোচ, চীচৰা, তেমহ,
56 ৫৬ নচীহ, আৰু হটীফাৰ বংশধৰসকল।
57 ৫৭ চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
58 ৫৮ যালা, দৰ্কোণ, গিদ্দেল,
59 ৫৯ চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
60 ৬০ সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
61 ৬১ এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
62 ৬২ দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
63 ৬৩ পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
64 ৬৪ বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
65 ৬৫ আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
66 ৬৬ সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
67 ৬৭ তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
68 ৬৮ তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
69 ৬৯ চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
70 ৭০ পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
71 ৭১ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
72 ৭২ অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
73 ৭৩ পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।