< নেহেমিয়া 6 >
1 ১ চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
Surları onardığım, gediklerini kapadığım haberi Sanballat'a, Toviya'ya, Arap Geşem'e ve öbür düşmanlarımıza ulaştı. O sırada kapı kanatlarını henüz takmamıştım.
2 ২ তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
Sanballat ile Geşem bana haber göndererek, “Gel, Ono Ovası'ndaki köylerden birinde buluşalım” dediler. Bana kötülük yapmayı düşünüyorlardı.
3 ৩ মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
Onlara haberciler göndererek, “Büyük bir iş yapıyorum, gelemem” dedim, “Yanınıza gelirsem işi bırakmış olurum; niçin iş dursun?”
4 ৪ তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
Bana dört kez bu haberi gönderdiler, ben de hep aynı yanıtı verdim.
5 ৫ পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
Sanballat beşinci kez aynı öneriyle habercisini gönderdi. Habercinin elinde açık bir mektup vardı.
6 ৬ তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
İçinde şunlar yazılıydı: “Çevredeki uluslar arasında Geşem'in de doğruladığı bir söylenti var. Sen ve Yahudiler ayaklanmayı düşündüğünüz için surları onarıyormuşsunuz. Anlatılanlara göre kral olmak üzeresin.
7 ৭ আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
Yahuda Kralı olduğunu Yeruşalim'e duyurmak için peygamberler bile atamışsın. Bütün bunlar kralın kulağına gidecek. Onun için, gel de görüşelim.”
8 ৮ তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
Ona şu yanıtı gönderdim: “Söylediklerinin hiçbiri doğru değil. Hepsini kendin uyduruyorsun.”
9 ৯ তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
Hepsi bizi korkutmaya çalışıyorlardı. “İşi bırakacaklar, onarım duracak” diye düşünüyorlardı. Ama ben, “Tanrım, ellerime güç ver” diye dua ettim.
10 ১০ মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
Bir gün Mehetavel oğlu Delaya oğlu Şemaya'nın evine gittim. Evine kapanmıştı. Bana, “Tanrı'nın evinde, tapınakta buluşalım” dedi, “Tapınağın kapılarını kapatalım, çünkü seni öldürmeye gelecekler. Gece seni öldürmeye gelecekler.”
11 ১১ মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
Ona, “Ben kaçacak adam değilim” dedim, “Benim gibi biri canını kurtarmak için tapınağa sığınır mı? Gelmeyeceğim.”
12 ১২ মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
Anladım ki, onu Tanrı göndermemiş. Bu sözleri bir peygamber gibi, benim kötülüğüm için söylemişti. Toviya ile Sanballat onu satın almışlardı.
13 ১৩ মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
Bu yolla gözümü korkutup bana günah işleteceklerini düşünüyorlardı. Böylece beni kötülemek için ellerine fırsat geçmiş olacaktı.
14 ১৪ হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
“Ey Tanrım, Toviya'yla Sanballat'ın yaptığı kötülüğü unutma” diye dua ettim, “Beni korkutmak isteyen kadın peygamber Noadya'yla öbür peygamberlerin yaptıklarını da unutma.”
15 ১৫ ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
Surların onarımı elli iki günde, yirmi beş Elul'da bitti.
16 ১৬ আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
Bütün düşmanlarımız bunu duydu, çevremizdeki ulusları korku sardı. Böylece düşmanlarımız özgüvenlerini büsbütün yitirdiler. Çünkü bu işi Tanrımız'ın yardımıyla başardığımızı anladılar.
17 ১৭ সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
O günlerde Yahuda soylularıyla Toviya sık sık yazışıyorlardı.
18 ১৮ তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
Birçok Yahudalı Toviya'ya bağlı kalacağına ant içmişti. Çünkü Toviya, Arah oğlu Şekanya'nın damadıydı. Oğlu Yehohanan da Berekya oğlu Meşullam'ın kızını almıştı.
19 ১৯ তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।
Soylular Toviya'nın iyiliklerini bana anlatıyor, benim söylediklerimi de ona iletiyorlardı. Toviya beni yıldırmak için sürekli mektup gönderiyordu.