< নেহেমিয়া 5 >
1 ১ তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্য্যাসকলে তেওঁলোকৰ যিহুদী ভাই সকলৰ কাৰণে উচ্চ স্ৱৰে কান্দিলে।
Na rĩrĩ, andũ amwe na atumia ao nĩmatetire mũno nĩ ũndũ wa ũrĩa maahinyĩrĩirio nĩ Ayahudi arĩa angĩ ariũ a ithe wao.
2 ২ তেওঁলোকৰ মাজৰ কিছুমানে ক’লে, “আমি আমাৰ ল’ৰা-ছোৱালীৰ সৈতে বহুতো আছোঁ। সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে।”
Amwe moigaga atĩrĩ, “Ithuĩ na aanake aitũ na airĩtu aitũ tũrĩ aingĩ. Na no nginya tũkorwo na irio, nĩguo tũrĩe tũtũũre muoyo.”
3 ৩ তাত থকা কিছুলোকে ক’লে, “আমি আমাৰ পথাৰবোৰ, দ্ৰাক্ষাবাৰীবোৰ, আৰু আকালৰ সময়ত খাদ্যৰ বাবে আমাৰ ঘৰবোৰকো বন্ধক দিলোঁ।
Angĩ moigaga atĩrĩ, “Tũneanaga ithaka ciitũ na mĩgũnda iitũ ya mĩthabibũ, na mĩciĩ iitũ itũrũgamĩrĩre nĩguo tũheo irio hĩndĩ ya ngʼaragu.”
4 ৪ আন কিছুলোকে ক’লে, “আমি আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰৰ ৰাজহ-কৰ দিবলৈ ধন ধাৰে আনিলোঁ।
O na angĩ moigaga atĩrĩ, “No nginya tũngĩakombire mbeeca nĩguo tũhote kũrĩha igooti rĩa mũthamaki rĩa ithaka ciitũ na mĩgũnda ya mĩthabibũ.
5 ৫ যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল।
O na gũtuĩka tũrĩ a mũthiimo ũmwe na thakame ĩmwe na andũ a bũrũri witũ, na o na gũtuĩka aanake aitũ nĩ ega o ta ao-rĩ, ithuĩ tũtuĩkĩte no nginya tũneane aanake aitũ na airĩtu aitũ matuĩke ngombo. O na rĩu airĩtu aitũ amwe nĩ ngombo, no tũtirĩ na ũhoti wa kũgirĩrĩria ũndũ ũcio tondũ ithaka ciitũ na mĩgũnda iitũ ya mĩthabibũ ĩrĩ moko-inĩ ma andũ angĩ.”
6 ৬ মই যেতিয়া তেওঁলোকৰ কথা আৰু কাতৰোক্তি শুনিলোঁ, তেতিয়া মোৰ বৰ খং উঠিছিল।
Rĩrĩa ndaiguire mateta mao na thitango icio, nĩndarakarire mũno.
7 ৭ তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ,
Ngĩĩcũũrania maũndũ macio, na ngĩrũithia andũ arĩa maarĩ igweta na anene, ngĩmeera atĩrĩ, “Nĩmũreetia andũ a bũrũri wanyu uumithio wa mbeeca iria mũmakombithĩtie!” Nĩ ũndũ ũcio ngĩĩtana mũcemanio mũnene wa kũmaciirithia,
8 ৮ আৰু তেওঁলোকক ক’লোঁ, “দেশবোৰলৈ বিক্রী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই-ভনীসকলক বিক্রী কৰি আছে, সেই সকলক হয়তো আমালৈকে ঘূৰাই বিক্রী কৰিছে!” তাতে তেওঁলোক নিমাত হ’ল, আৰু একো উত্তৰ দিব নোৱাৰিলে।
ngiuga atĩrĩ, “Tũgeretie o ũrĩa tũngĩhota gũkũũra Ayahudi ariũ a ithe witũ arĩa mendeirio ndũrĩrĩ. No inyuĩ nĩ kwendia mũrendia andũ anyu nĩguo tũcooke tũmagũre rĩngĩ!” Andũ acio magĩkira ki tondũ matingĩonire wa kuuga.
9 ৯ মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?
Ningĩ ngĩthiĩ na mbere ngiuga atĩrĩ, “Ũrĩa mũreka ti wega. Githĩ mũtiagĩrĩirwo nĩ gũthiiaga mwĩtigĩrĩte Ngai witũ nĩgeetha tũtikanyararwo nĩ ndũrĩrĩ iria irĩ ũthũ na ithuĩ?
10 ১০ মই আৰু মোৰ ভাইসকলে, আৰু মোৰ দাসবোৰেও তেওঁলোকক ধন আৰু শস্য ধাৰে দিছোঁ। কিন্তু আমি এই ধাৰৰ সূত লোৱা ব্যৱস্থা বন্ধ কৰা উচিত।
Niĩ, na ariũ a baba, na andũ akwa, o na ithuĩ nĩtũrakombithia andũ mbeeca na irio. No rekei gwĩtia kwa uumithio wa mbeeca iria mũkombanĩire gũthire!
11 ১১ তেওঁলোকৰ পথাৰ, দ্ৰাক্ষাবাৰী, জিত গছৰ বাৰী, ঘৰবোৰ, আৰু তেওঁলোকৰ পৰা আদায় কৰা ধন, শস্য, নতুন দ্ৰাক্ষাৰস আৰু তেল যিবোৰ আপোনালোকে দাবী কৰি লৈছিল সেই সকলো আজিয়েই তেওঁলোকক ওভটাই দিয়ক।”
Cookeriai andũ ithaka ciao narua, na mĩgũnda yao ya mĩthabibũ na ya mĩtamaiyũ, na nyũmba ciao, o na uumithio ũcio mũmarĩhagia wa gĩcunjĩ kĩa igana kĩa mbeeca, na ngano, na ndibei ya mũhihano, na kĩa maguta.”
12 ১২ তেতিয়া তেওঁলোকে ক’লে, “আমি তেওঁলোকৰ পৰা যিবোৰ লৈছোঁ সেইবোৰ ওভটাই দিম, আৰু তেওঁলোকৰ পৰা একো নিবিচাৰোঁ। আপুনি কোৱাৰ দৰেই আমি কৰিম।” তাৰ পাছত মই পুৰোহিতসকলক মাতি আনিলোঁ, আৰু তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰে কৰিবলৈ তেওঁলোকক শপত খুৱালোঁ।
Nao makiuga atĩrĩ, “Nĩtũkũmacookeria. Na tũtikũmetia kĩndũ kĩngĩ. Tũgwĩka o ta ũrĩa ũkuuga.” Ningĩ ngĩtũmanĩra athĩnjĩri-Ngai ngĩĩra andũ arĩa maarĩ igweta na arĩa anene mehĩte atĩ nĩmakahingia ũrĩa meranĩire.
13 ১৩ মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।
O na niĩ ngĩribariba icũrĩ cia nguo yakwa ya igũrũ, ngiuga atĩrĩ, “O ta ũguo-rĩ, mũndũ o wothe ũtakahingia kĩrĩkanĩro gĩkĩ, Ngai aromũribariba kuuma nyũmba yake na kuuma kũrĩ indo ciake. Nĩ ũndũ ũcio mũndũ ta ũcio aroribaribwo, atigwo atarĩ kĩndũ!” Mũingĩ wothe ũkiuga, “Ameni,” na ũkĩgooca Jehova. Nao andũ othe magĩĩka o ta ũrĩa meeranĩire.
14 ১৪ সেয়ে সেই সময়ৰ পৰা মই যিহূদা দেশত ৰজা অৰ্তক্ষত্ৰ ৰাজত্ব কালৰ বিশ বছৰৰ পৰা বত্ৰিশ বছৰলৈকে তেওঁলোকৰ দেশাধ্যক্ষ নিযুক্ত হৈছিলোঁ। নহয় মই নাইবা মোৰ ভাইসকলে এই বাৰ বছৰ দেশাধ্যক্ষৰ বাবে যোগান ধৰা আহাৰ খোৱা নাছিলোঁ।
Ningĩ kuuma mwaka wa mĩrongo ĩĩrĩ wa Mũthamaki Aritashashita, rĩrĩa ndathuurirwo nduĩke barũthi wao bũrũri wa Juda, nginyagia mwaka wa mĩrongo ĩtatũ na ĩĩrĩ, mĩaka ikũmi na ĩĩrĩ-rĩ, niĩ o na kana ariũ a baba, tũtiarĩire irio iria ciagayagĩrwo barũthi.
15 ১৫ কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
No rĩrĩ, abarũthi arĩa maarĩ mbere yakwa nĩmahatagĩrĩria andũ mũno na makametia cekeri cia betha mĩrongo ĩna, hamwe na irio na ndibei. Ateithĩrĩria ao nao no mahatagĩrĩria andũ. No niĩ tondũ wa gwĩtigĩra Ngai ndiekire ũguo.
16 ১৬ মই দেৱালৰ কামো একেৰাহে কৰি আছিলোঁ, আৰু আমি মাটি কিনা নাছিলোঁ। মোৰ সকলো দাস সকলে কামৰ বাবে সেই ঠাইলৈ আহি গোট খালে।
Handũ ha gwĩka ũguo-rĩ, niĩ ndeheanire gwaka rũthingo rũrũ. Andũ akwa othe moonganĩte hau nĩ ũndũ wa wĩra; na tũtiigana kũgũra ithaka.
17 ১৭ আমাৰ চাৰিওফালে থকা দেশৰ মাজৰ পৰা যি সকল লোক আমাৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ উপৰিও মোৰ মেজত বহা যিহুদী আৰু কৰ্মচাৰী লোকসকল সৰ্ব্বমুঠ এশ পঞ্চাশ জন আছিল।
Ningĩ-rĩ, Ayahudi igana rĩa mĩrongo ĩtano, o hamwe na anene maarĩĩaga gwakwa, hamwe na arĩa mookaga kuuma ndũrĩrĩ-inĩ iria ciatũthiũrũrũkĩirie.
18 ১৮ সেই সময়ত প্ৰতিদিনেই এটা ষাঁড়-গৰু, ছটা উত্তম মেৰ-ছাগ, আৰু চৰাইবোৰো প্রস্তুত কৰা হৈছিল, আৰু প্রতি দহ দিনত সকলো বিধৰ দ্ৰাক্ষাৰস অধিক পৰিমাণে যুগুত কৰা হৈছিল। তথাপিও এই সকলোৰ বাবে মই দেশাধ্যক্ষৰ আহাৰৰ খৰছ দাবী কৰা নাছিলোঁ, কাৰণ লোকসকলৰ বাবে এই দাবী অসুবিধাজনক হ’লহেঁতেন।
O mũthenya indo iria ciahaaragĩrio cia kũrĩĩo ciarĩ ndegwa ĩmwe, na ngʼondu ithathatũ noru, na ngũkũ, na o mĩthenya ikũmi yathira ndaarehagĩrwo ndibei nyingĩ mũno ya mĩthemba yothe. O na kũrĩ ũguo-rĩ, ndietagia irio iria ciagayagĩrwo barũthi, tondũ maruta macio nĩmaritũhĩire andũ.
19 ১৯ হে মোৰ ঈশ্বৰ, এই লোকসকলৰ অৰ্থে মই যিবোৰ কাম কৰিলোঁ, তাৰ বাবে মোক সোঁৱৰণ কৰক।
Wee Ngai wakwa, ndirikana, ũnjĩke wega nĩ ũndũ wa maũndũ marĩa mothe njĩkĩire andũ aya.