< নেহেমিয়া 4 >

1 তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।
Кынд а аузит Санбалат кэ зидим ярэшь зидул, с-а мыният ши с-а супэрат фоарте таре. Шь-а бэтут жок де иудей
2 চমৰিয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
ши а зис ынаинтя фрацилор сэй ши ынаинтя осташилор Самарией: „Ла че лукрязэ ачешть иудей непутинчошь? Оаре вор фи лэсаць сэ лукрезе? Оаре вор жертфи? Оаре вор испрэви? Оаре вор да ей вяцэ унор петре ынмормынтате суб мормане де праф ши арсе де фок?”
3 তেতিয়া তেওঁৰ সৈতে অম্মোনীয়া টোবিয়া আছিল আৰু তেওঁ ক’লে, “তেওঁলোকে যি দেৱাল সাজিছে, তাৰ ওপৰত যদি এটা শিয়ালো উঠে, তেন্তে তেওঁলোকৰ সেই শিলাময় দেৱাল ভাঙি পৰিব!”
Тобия, Амонитул, ера лынгэ ел ши а зис: „Сэ зидяскэ нумай! Дакэ се ва суи о вулпе, ле ва дэрыма зидул лор де пятрэ.”
4 হে আমাৰ ঈশ্বৰ শুনা, কিয়নো আমি ঘৃণিত হৈছোঁ। তেওঁলোকৰ উপহাস তেওঁলোকলৰ ওপৰতে পৰক আৰু তেওঁলোক যি দেশত বন্দিত্ৱত আছিল, তাত লুট কৰি নিয়া বস্তুৰ দৰে থাকিবলৈ দিয়ক।
„Аскултэ, Думнезеул ностру, кум сунтем батжокориць! Фэ сэ кадэ окэриле лор асупра капулуй лор ши дэ-й прадэ пе ун пэмынт унде сэ фие робь.
5 তেওঁলোকৰ অপৰাধ ঢাকি নাৰাখিব আৰু তেওঁলোকৰ পাপ আপোনাৰ আগৰ পৰা মচি নেপেলাব, কিয়নো তেওঁলোকে দেৱাল সজা সকলৰ খং উঠাবলৈ উত্তেজিত কৰিছে।
Ну ле ерта фэрэделеӂя, ши пэкатул лор сэ ну фие штерс динаинтя Та, кэч ау некэжит пе чей че зидеск.”
6 সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্চতাৰ আধালৈকে মেৰামতি কৰিলে।
Ам зидит зидул, каре а фост испрэвит претутиндень пынэ ла жумэтате дин ынэлцимя луй. Ши попорул лукра ку инимэ.
7 যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰবীয়া, অম্মোনীয়া, আৰু অচ্‌দোদীয়াৰ লোকসকল অতিশয় ক্ৰোধাম্বিত হ’ল।
Дар Санбалат, Тобия, арабий, амониций ши асдодиций с-ау супэрат фоарте таре кынд ау аузит кэ дреӂеря зидурилор ынаинта ши кэ спэртуриле ынчепяу сэ се аступе.
8 তেওঁলোকে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ আৰু তাত বিসংগতিৰ সৃষ্টি কৰিবলৈ সকলোৱে একগোট হৈ চক্ৰান্ত কৰিলে।
С-ау унит тоць ымпреунэ ка сэ винэ ымпотрива Иерусалимулуй ши сэ-й факэ стрикэчунь.
9 কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁলোকৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বিৰুদ্ধে দিনে ৰাতিয়ে প্রহৰী নিযুক্ত কৰিলোঁ।
Не-ам ругат Думнезеулуй ностру ши ам пус о стражэ зи ши ноапте, ка сэ не апере ымпотрива ловитурилор лор.
10 ১০ তাৰ পাছত যিহূদাৰ লোকসকলে ক’লে, “তাত বহুতো ভগ্নস্তূপ আছে আৰু ভাৰ বোৱাসকলৰ শক্তি হ্রাস পোৱা কাৰণে আমি পুনৰ দেৱাল সাজিবলৈ অক্ষম হৈছোঁ।”
Ынсэ Иуда зичя: „Путериле челор че дук повериле слэбеск ши дэрымэтуриле сунт мулте; ну вом путя сэ зидим зидул.”
11 ১১ আমাৰ শত্রুবোৰে ক’লে, “আমি তেওঁলোকৰ মাজত সোমাই তেওঁলোকক বধ কৰি কাম বন্ধ নকৰালৈকে তেওঁলোকে নাজানিব আৰু নেদেখিবও।”
Ши врэжмаший ноштри зичяу: „Ну вор шти ши ну вор ведя нимик пынэ вом ажунӂе ын мижлокул лор; ый вом учиде ши вом фаче астфел сэ ынчетезе лукраря.”
12 ১২ সেই সময়ত তেওঁলোকৰ ওচৰত থকা যিহুদীসকলে সকলো দিশৰ পৰা আহি তেওঁলোকে আমাৰ বিৰুদ্ধে কৰা আঁচনিৰ বিষয়ে আমাক দহবাৰলৈকে সতৰ্ক কৰি ক’লে।
Ши иудеий каре локуяу лынгэ ей ау венит де зече орь ши не-ау ынштиинцат деспре тоате локуриле пе унде веняу ла ной.
13 ১৩ সেয়ে মই দেৱালৰ তলভাগৰ মুকলি অংশত স্থিতি ললোঁ। মই প্রতি পৰিয়ালক নিজৰ নিজৰ স্থান দিলোঁ। তেওঁলোকৰ তৰোৱাল, যাঠী, আৰু ধনু আছিল।
Де ачея ам пус ын локуриле челе май де жос, динапоя зидулуй, ши ын локуриле тарь, попорул пе фамилий, й-ам ашезат пе тоць ку сэбииле, сулицеле ши аркуриле лор.
14 ১৪ মই চাই, থিয় হৈ প্ৰধান লোকসকল, অধ্যক্ষসকল, আৰু আন আন লোকসকলক ক’লো, “তোমালোকে তেওঁলোকৰ কাৰণে ভয় নকৰিবা। মহান আৰু ঐশ্বৰ্য্যৱান ঈশ্ৱৰক সোঁৱৰণ কৰা। তোমালোকৰ পৰিয়াল, পুত্র আৰু কন্যা, ভাৰ্যা আৰু তোমালোকৰ ঘৰৰ বাবে যুদ্ধ কৰা।”
М-ам уйтат ши, скулынду-мэ, ам зис май-марилор, дрегэторилор ши челуйлалт попор: „Ну вэ темець де ей! Адучеци-вэ аминте де Домнул чел маре ши ынфрикошат ши луптаць пентру фраций воштри, пентру фиий воштри ши фетеле воастре, пентру невестеле воастре ши пентру каселе воастре!”
15 ১৫ আমাৰ শত্রুবোৰে যেতিয়া শুনিলে যে, আমি তেওঁলোকৰ পৰিকল্পনাৰ কথা গম পাইছোঁ, সেই সময়ত ঈশ্বৰে তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ কৰিলে। তেতিয়া, আমি সকলোৱে দেৱাললৈ ঘূৰি আহি নিজৰ নিজৰ কামত লাগিলোঁ।
Кынд ау аузит врэжмаший ноштри кэ ам фост ынштиинцаць, Думнезеу ле-а нимичит планул ши не-ам ынторс ку тоций ла зид, фиекаре ла лукраря луй.
16 ১৬ মুখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।
Дин зиуа ачея, жумэтате дин оамений мей лукрау, яр чялалтэ жумэтате ера ынарматэ ку сулице, ку скутурь, ку аркурь ши ку платоше. Кэпетенииле ерау ынапоя ынтреӂий касе а луй Иуда.
17 ১৭ দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।
Чей че зидяу зидул ши чей че дучяу сау ынкэркау повериле ку о мынэ лукрау, яр ку алта циняу арма.
18 ১৮ দেৱাল নিৰ্ম্মাণ কৰোঁতা প্ৰতিজনে কাষত তৰোৱাল লৈছিল আৰু সেইদৰেই কাম কৰিছিল। যি জনে তূৰী বজাইছিল তেওঁ মোৰ ওচৰত থিয় হৈছিল।
Фиекаре дин ей, кынд лукра, ышь авя сабия ынчинсэ ла мижлок. Чел че суна дин трымбицэ стэтя лынгэ мине.
19 ১৯ মই প্ৰধান লোকসকলক, কৰ্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।
Ам зис май-марилор, дрегэторилор ши челуйлалт попор: „Лукраря есте маре ши ынтинсэ, ши ной сунтем рисипиць пе зид, департе уний де алций.
20 ২০ তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”
Ла сунетул трымбицей сэ вэ стрынӂець ла ной, спре локул де унде о вець аузи. Думнезеул ностру ва лупта пентру ной.”
21 ২১ সেয়ে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।
Аша фэчям лукраря: жумэтате дин ной стынд ку сулица ын мынэ дин зорий зилей пынэ ла ивиря стелелор.
22 ২২ সেই সময়ত ময়ো লোকসকলক ক’লোঁ, “প্ৰতিজন লোক আৰু তেওঁৰ দাসে যিৰূচালেমৰ মাজত ৰাতিটো অতিবাহিত কৰক, সেয়ে তেওঁলোক ৰাতি আমাৰ ৰখীয়া হ’ব, আৰু দিনত কাম কৰিব।”
Ын ачелашь тимп, ам май зис попорулуй: „Фиекаре сэ петрякэ ноаптя ын Иерусалим ку служиторул луй; ноаптя сэ фачем де стражэ, яр зиуа сэ лукрэм.”
23 ২৩ সেয়ে মই, নাইবা মোৰ ভাইসকল, মোৰ দাস সকল, আৰু মোক অনুসৰণ কৰা ৰখীয়াসকলৰ, কোনেও কাপোৰ সলনি কৰা নাছিলোঁ আৰু এনেকি পানী খাবলৈ যাওঁতেও প্ৰতিজনে নিজৰ অস্ত্ৰ কঢ়িয়াইছিলোঁ।
Ши ну не-ам дезбрэкат де хайне, нич еу, нич фраций мей, нич служиторий мей, нич оамений де стражэ, каре ерау суб порунка мя. Фиекаре се дучя ку армеле ла апэ.

< নেহেমিয়া 4 >