< নেহেমিয়া 3 >
1 ১ প্ৰধান পুৰোহিত ইলিয়াচীব আৰু তেওঁৰ পুৰোহিত ভাইসকলে উঠি মেৰ-ছাগদুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশ টা স্তম্ভ আৰু হননেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে।
И воста Елиасув священник великий и братия его священницы, и создаша врата Овчая: сии освятиша их и поставиша двери их и даже до столпа Ста Лакот освятиша их, даже до столпа Анамеиля.
2 ২ তেওঁৰ পাছত যিৰীহোৰ লোকসকলে কাম কৰিলে, আৰু তেওঁলোকৰ পাছত ইম্ৰীৰ পুত্ৰ জক্কুৰে কাম কৰিলে।
И близ его созидаша мужие Иерихонстии, и близ их созида Закхур сын Аманиин.
3 ৩ হচচানাৱাৰ পুত্ৰসকলে মৎস্য-দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে।
Врата же Рыбная созидаша сынове Асанаевы: сии покрыша их и поставиша двери их и заворы их и вереи их.
4 ৪ মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।
И близ их созидаше из Рамофы сын Уриин, сына Аккосова: и близ его созидаше Мосоллам сын Варахиин, сына Мазевиля: и близ их созидаше Садок сын Ваанаев:
5 ৫ তেওঁলোকৰ পাছত তকোৱা লোকসকলে মেৰামতি কৰিলে, কিন্তু তেওঁলোকৰ তদাৰক কৰোঁতা জনৰ আদেশ তেওঁলোকৰ মূখ্য লোকসকলে অমান্য কৰিলে।
и близ их созидаша Фекоими, сильнии же их не положиша выи своея в дело Господа Бога своего.
6 ৬ পচেহৰ পুত্ৰ যোয়াদা, আৰু বচোদিয়াৰ পুত্ৰ মচুল্লমে পুৰণি দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে চৌকাঠ লগাই তাত দুৱাৰখন লগালে, আৰু শলখা ও ডাং লগালে।
И врата старая созидаше Иоида сын Фасеков и Месуллам сын Васодиев: тии покрыста их и постависта двери их и заворы и вереи их.
7 ৭ তেওঁলোকৰ পাছত গিবিয়োনীয়াৰ মলটিয়াৰ লগত মেৰোনোথীয়াৰ যাদোনে মেৰামতি কৰিলে। তেওঁলোক গিবিয়োন আৰু মিস্পাৰ মূখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্রদেশত দেশাধ্যক্ষ আছিল, সেই খনেই মিস্পা নগৰ।
И близ их созидаша Малтиа Гаваонитин и Еварон Миронофит, мужие от Гаваона и Масфы, даже до престола князя (иже бысть) об он пол реки.
8 ৮ তেওঁৰ পাছত সোণাৰীসকলৰ এজন হৰ্হয়াৰ পুত্ৰ উজ্জীয়েলে মেৰামতি কৰিলে, আৰু তেওঁৰ পাছত গন্ধৰস প্রস্তুত কৰোঁতা হননিয়াই মেৰামতি কৰিলে। তেওঁলোকে বহল দেৱাললৈকে যিৰূচালেম পুনৰ সাজিলে।
И близ его созида Озиил сын Арахиев златарь: и близ его созида Ананиа сын Рокеима, и возставиша Иерусалим даже до стены широкия.
9 ৯ তেওঁলোকৰ পাছত হুৰৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ যিৰূচালেম জিলাৰ আধা অংশত শাসন কৰিছিল।
И близ их созидаше Рафаиа сын Сурин, началник половины окрестныя страны Иерусалимли.
10 ১০ তেওঁলোকৰ পাছত হৰূমফৰ পুত্ৰ যদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত হচবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে।
И близ их созидаше Иедеа сын Еромафов, и противу дому его: и близ его созида Аттуф сын Асаваниин.
11 ১১ হাৰীমৰ পুত্ৰ মল্কিয়া আৰু পহৎ-মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে।
И вторую часть созидаше Мелхиа сын Ирамов и Асув сын Фааф-Моавль, и даже до столпа Пещнаго.
12 ১২ তেওঁৰ পাছত যিৰূচালেম জিলাৰ আধা অংশৰ শাসনকৰ্তা হল্লোহেচৰ পুত্ৰ চল্লুমৰ সৈতে তেওঁৰ জীয়েকসকলে মেৰামতি কৰিলে।
И близ его созидаше Саллум сын Аллоисов, началник половины страны окрестныя Иерусалимли, той и дщери его.
13 ১৩ হানুন আৰু জানোহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি, তাত দুৱাৰ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে। তেওঁলোকে গোবৰ-দুৱাৰলৈকে এক হাজাৰ হাত মেৰামতি কৰিলে।
Врата Юдоли созидаша Анун и обитающии в Заноне: тии создаша их и поставиша двери их и заворы их и вереи их, и тысяща лакот в стене даже до врат Гнойных.
14 ১৪ বৈৎহক্কেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰ-দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে।
И врата Гнойная созидаше Мелхиа сын Рихавль, началник окрестныя страны Вифакрамския, той и сынове его, и покрыша их и поставиша двери их и заворы их и вереи их.
15 ১৫ মিস্পা জিলাৰ শাসনকৰ্তা কল-হোজিৰ পুত্ৰ চল্লুনে ভুমুক-দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে, আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে। তেওঁ যি খটখটিয়েদি দায়ুদৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলোহ পুখুৰীলৈকে দেৱাল সাজিলে।
И врата Источника созидаше Соломон сын Халезеов, началник страны Масфы: той созда их и покры их, и постави двери их и заворы их и вереи их, и стену купели Силоамли ко вертограду цареву и даже до степеней низходящих от града Давидова.
16 ১৬ বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
По немже созидаше Неемиа сын Завухов, началник половины страны Вифсуровы, даже до вертограда гроба Давидова и даже до купели устроеныя и даже до дому сильных.
17 ১৭ তেওঁৰ পাছত লেবীয়াসকলৰ সৈতে বানীৰ পুত্ৰ ৰহূমে মেৰামতি কৰিলে। তেওঁৰ পাছত কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হচবিয়াই নিজৰ জিলাৰ অৰ্থে মেৰামতি কৰিলে।
По нем созидаша левити, Раум сын Ванаимль: по нем созидаше Асавиа, началник половины страны Кеилы на стране своей,
18 ১৮ তেওঁৰ পাছত তেওঁলোকৰ দেশীয় লোকসকলৰ সৈতে কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হেনাদদৰ পুত্ৰ বব্বয়ে মেৰামতি কৰিলে।
и по нем созидаша братия их, Веней сын Инададов, началник половины окрестныя страны Кеилы.
19 ১৯ তেওঁৰ পাছত মিস্পাৰ শাসনকৰ্তা যেচুৱাৰ পুত্ৰ এজৰে অস্ত্ৰ-গৃহৰ বিপৰীতে উঠি যোৱা বাটৰ আন এটা অংশৰ দেৱালৰ বাহিৰ ফালে দিয়া আলমৰ মেৰামতি কৰিলে।
И созидаше близ его Азур сын Иисусов, началник Масфы, меру вторую столпа восхода касающагося углу.
20 ২০ তেওঁৰ পাছত জক্কয়ৰ পুত্ৰ বাৰূকে অতি আগ্ৰহেৰে আলমৰ পৰা প্ৰধান পুৰোহিত ইলিয়াচীবৰ ঘৰৰ দুৱাৰলৈকে এটা অংশ মেৰামতি কৰিলে।
И по нем созидаше Варух, сын Завуев, меру вторую от угла даже до врат дому Елиасува священника великаго.
21 ২১ তেওঁৰ পাছত মৰেমোতে, যিজন উৰিয়াৰ পুত্র আছিল, আৰু উৰিয়া হক্কোচৰ পুত্র। সেই মৰেমোতে ইলিয়াচীবৰ ঘৰৰ দুৱাৰৰ পৰা ইলিয়াচীবৰ ঘৰৰ শেষলৈকে এটা অংশ মেৰামতি কৰিলে।
По нем созидаше Мерамоф сын Урии, сына Аккосова, меру вторую от врат дому Елиасувова даже до конца дому Елиасувова.
22 ২২ তেওঁৰ পাছত যিৰূচালেমৰ চাৰিও সীমাৰ পৰা অহা লোকসকল আৰু পুৰোহিতসকলে মেৰামতি কৰিলে।
И по нем созидаша священницы, мужие от поля (иорданска).
23 ২৩ তেওঁলোকৰ পাছত বিন্যামীন আৰু হচুবে নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে। তেওঁলোকৰ পাছত অণিয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্ৰ অজৰিয়াই নিজৰ ঘৰৰ ওচৰত মেৰামতি কৰিলে।
И по нем созидаста Вениамин и Асув противу домов своих: и по нем созидаше Азариа сын Маасиев, сына Ананиина, близ дому своего.
24 ২৪ তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।
По нем созидаше Ваней сын Ададов меру вторую от дому Азарии даже до угла и даже до уклонения.
25 ২৫ উজয়ৰ পুত্ৰ পাললে আলমৰ বিপৰীতে ওপৰ ফালে ৰজাৰ গৃহৰ পৰা স্তম্ভৰ প্ৰহৰীৰ চোতাললৈকে মেৰামতি কৰিলে। তেওঁৰ পাছত পৰিয়োচৰ পুত্ৰ পদায়াই মেৰামতি কৰিলে।
Фалах сын Узаин противу угла и столпа возвышенаго из дому царева высоко, иже во дворе темничнем: и по нем Фадаиа сын Форосов.
26 ২৬ তাৰ পাছত ওফেলত থকা মন্দিৰৰ দাসবোৰে পুব-দিশে জল-দুৱাৰৰ বিপৰীতে থকা প্রকল্পৰ স্তম্ভলৈকে মেৰামতি কৰিলে।
И нафиними обиташа во Офале, даже до вертограда врат Водных ко востоком и даже до столпа, иже бе возвышен.
27 ২৭ তেওঁৰ পাছত তকোৱাৰ লোকসকলে বাহিৰ ফালে থকা বৃহৎ স্তম্ভৰ বিপৰীতে ওফেলৰ দেৱাললৈকে আন এটা অংশ মেৰামতি কৰিলে।
И по них созидаша Фекоими меру вторую от страны столпа великаго и высокаго даже до стены Офлы.
28 ২৮ অশ্ব-দুৱাৰৰ ওপৰ ফালৰ পৰা প্রতিজন পুৰোহিতে নিজৰ নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে।
Вышше врат Конских созидаша священницы, един кийждо противу дому своего.
29 ২৯ তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।
И по нем созидаше Саддук сын Еммирь противу дому своего: и по нем созидаше Самаиа сын Сехениев, страж врат восточных.
30 ৩০ তেওঁৰ পাছত চেলেমিয়াৰ পুত্ৰ হননিয়া আৰু চালফৰ ষষ্ঠ পুত্ৰ হানুনে আন এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত বেৰেখিয়াৰ পুত্ৰ মচুল্লমে নিজৰ কোঁঠালিৰ বিপৰীতে মেৰামতি কৰিলে।
По нем созидаше Ананиа сын Селемиев и Аном сын Селефов шестый меру вторую: по нем созидаше Месуллам сын Варахиев противу сокровищницы своея.
31 ৩১ তেওঁৰ পাছত সোণাৰী মল্কিয়াই মন্দিৰৰ দাস সকলৰ আৰু বণিকসকলৰ সাক্ষাত কৰা দুৱাৰৰ বিপৰীতে, চুকৰফালে ওপৰত থকা কোঁঠালৈকে মেৰামতি কৰিলে।
По нем созидаше Мелхиа сын Сарефиев даже до дому нафинимля и щиты продающих, противу врат Судных, и даже до горницы угла.
32 ৩২ চুকৰফালে থকা ওপৰৰ কোঁঠা আৰু মেৰ-ছাগদুৱাৰৰ মাজৰ অংশ সোণাৰী আৰু বণিকসকলে মেৰামতি কৰিলে।
И посреде врат Овчих созидаша ковачи и щитопродавцы.