< নেহেমিয়া 3 >

1 প্ৰধান পুৰোহিত ইলিয়াচীব আৰু তেওঁৰ পুৰোহিত ভাইসকলে উঠি মেৰ-ছাগদুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশ টা স্তম্ভ আৰু হননেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে।
ויקם אלישיב הכהן הגדול ואחיו הכהנים ויבנו את שער הצאן המה קדשוהו ויעמידו דלתתיו ועד מגדל המאה קדשוהו עד מגדל חננאל׃
2 তেওঁৰ পাছত যিৰীহোৰ লোকসকলে কাম কৰিলে, আৰু তেওঁলোকৰ পাছত ইম্ৰীৰ পুত্ৰ জক্কুৰে কাম কৰিলে।
ועל ידו בנו אנשי ירחו ועל ידו בנה זכור בן אמרי׃
3 হচচানাৱাৰ পুত্ৰসকলে মৎস্য-দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে।
ואת שער הדגים בנו בני הסנאה המה קרוהו ויעמידו דלתתיו מנעוליו ובריחיו׃
4 মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।
ועל ידם החזיק מרמות בן אוריה בן הקוץ ועל ידם החזיק משלם בן ברכיה בן משיזבאל ועל ידם החזיק צדוק בן בענא׃
5 তেওঁলোকৰ পাছত তকোৱা লোকসকলে মেৰামতি কৰিলে, কিন্তু তেওঁলোকৰ তদাৰক কৰোঁতা জনৰ আদেশ তেওঁলোকৰ মূখ্য লোকসকলে অমান্য কৰিলে।
ועל ידם החזיקו התקועים ואדיריהם לא הביאו צורם בעבדת אדניהם׃
6 পচেহৰ পুত্ৰ যোয়াদা, আৰু বচোদিয়াৰ পুত্ৰ মচুল্লমে পুৰণি দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে চৌকাঠ লগাই তাত দুৱাৰখন লগালে, আৰু শলখা ও ডাং লগালে।
ואת שער הישנה החזיקו יוידע בן פסח ומשלם בן בסודיה המה קרוהו ויעמידו דלתתיו ומנעליו ובריחיו׃
7 তেওঁলোকৰ পাছত গিবিয়োনীয়াৰ মলটিয়াৰ লগত মেৰোনোথীয়াৰ যাদোনে মেৰামতি কৰিলে। তেওঁলোক গিবিয়োন আৰু মিস্পাৰ মূখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্রদেশত দেশাধ্যক্ষ আছিল, সেই খনেই মিস্পা নগৰ।
ועל ידם החזיק מלטיה הגבעני וידון המרנתי אנשי גבעון והמצפה לכסא פחת עבר הנהר׃
8 তেওঁৰ পাছত সোণাৰীসকলৰ এজন হৰ্হয়াৰ পুত্ৰ উজ্জীয়েলে মেৰামতি কৰিলে, আৰু তেওঁৰ পাছত গন্ধৰস প্রস্তুত কৰোঁতা হননিয়াই মেৰামতি কৰিলে। তেওঁলোকে বহল দেৱাললৈকে যিৰূচালেম পুনৰ সাজিলে।
על ידו החזיק עזיאל בן חרהיה צורפים ועל ידו החזיק חנניה בן הרקחים ויעזבו ירושלם עד החומה הרחבה׃
9 তেওঁলোকৰ পাছত হুৰৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ যিৰূচালেম জিলাৰ আধা অংশত শাসন কৰিছিল।
ועל ידם החזיק רפיה בן חור שר חצי פלך ירושלם׃
10 ১০ তেওঁলোকৰ পাছত হৰূমফৰ পুত্ৰ যদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত হচবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে।
ועל ידם החזיק ידיה בן חרומף ונגד ביתו ועל ידו החזיק חטוש בן חשבניה׃
11 ১১ হাৰীমৰ পুত্ৰ মল্কিয়া আৰু পহৎ-মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে।
מדה שנית החזיק מלכיה בן חרם וחשוב בן פחת מואב ואת מגדל התנורים׃
12 ১২ তেওঁৰ পাছত যিৰূচালেম জিলাৰ আধা অংশৰ শাসনকৰ্তা হল্লোহেচৰ পুত্ৰ চল্লুমৰ সৈতে তেওঁৰ জীয়েকসকলে মেৰামতি কৰিলে।
ועל ידו החזיק שלום בן הלוחש שר חצי פלך ירושלם הוא ובנותיו׃
13 ১৩ হানুন আৰু জানোহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি, তাত দুৱাৰ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে। তেওঁলোকে গোবৰ-দুৱাৰলৈকে এক হাজাৰ হাত মেৰামতি কৰিলে।
את שער הגיא החזיק חנון וישבי זנוח המה בנוהו ויעמידו דלתתיו מנעליו ובריחיו ואלף אמה בחומה עד שער השפות׃
14 ১৪ বৈৎহক্কেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰ-দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে।
ואת שער האשפות החזיק מלכיה בן רכב שר פלך בית הכרם הוא יבננו ויעמיד דלתתיו מנעליו ובריחיו׃
15 ১৫ মিস্পা জিলাৰ শাসনকৰ্তা কল-হোজিৰ পুত্ৰ চল্লুনে ভুমুক-দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে, আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে। তেওঁ যি খটখটিয়েদি দায়ুদৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলোহ পুখুৰীলৈকে দেৱাল সাজিলে।
ואת שער העין החזיק שלון בן כל חזה שר פלך המצפה הוא יבננו ויטללנו ויעמידו דלתתיו מנעליו ובריחיו ואת חומת ברכת השלח לגן המלך ועד המעלות היורדות מעיר דויד׃
16 ১৬ বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
אחריו החזיק נחמיה בן עזבוק שר חצי פלך בית צור עד נגד קברי דויד ועד הברכה העשויה ועד בית הגברים׃
17 ১৭ তেওঁৰ পাছত লেবীয়াসকলৰ সৈতে বানীৰ পুত্ৰ ৰহূমে মেৰামতি কৰিলে। তেওঁৰ পাছত কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হচবিয়াই নিজৰ জিলাৰ অৰ্থে মেৰামতি কৰিলে।
אחריו החזיקו הלוים רחום בן בני על ידו החזיק חשביה שר חצי פלך קעילה לפלכו׃
18 ১৮ তেওঁৰ পাছত তেওঁলোকৰ দেশীয় লোকসকলৰ সৈতে কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হেনাদদৰ পুত্ৰ বব্বয়ে মেৰামতি কৰিলে।
אחריו החזיקו אחיהם בוי בן חנדד שר חצי פלך קעילה׃
19 ১৯ তেওঁৰ পাছত মিস্পাৰ শাসনকৰ্তা যেচুৱাৰ পুত্ৰ এজৰে অস্ত্ৰ-গৃহৰ বিপৰীতে উঠি যোৱা বাটৰ আন এটা অংশৰ দেৱালৰ বাহিৰ ফালে দিয়া আলমৰ মেৰামতি কৰিলে।
ויחזק על ידו עזר בן ישוע שר המצפה מדה שנית מנגד עלת הנשק המקצע׃
20 ২০ তেওঁৰ পাছত জক্কয়ৰ পুত্ৰ বাৰূকে অতি আগ্ৰহেৰে আলমৰ পৰা প্ৰধান পুৰোহিত ইলিয়াচীবৰ ঘৰৰ দুৱাৰলৈকে এটা অংশ মেৰামতি কৰিলে।
אחריו החרה החזיק ברוך בן זבי מדה שנית מן המקצוע עד פתח בית אלישיב הכהן הגדול׃
21 ২১ তেওঁৰ পাছত মৰেমোতে, যিজন উৰিয়াৰ পুত্র আছিল, আৰু উৰিয়া হক্কোচৰ পুত্র। সেই মৰেমোতে ইলিয়াচীবৰ ঘৰৰ দুৱাৰৰ পৰা ইলিয়াচীবৰ ঘৰৰ শেষলৈকে এটা অংশ মেৰামতি কৰিলে।
אחריו החזיק מרמות בן אוריה בן הקוץ מדה שנית מפתח בית אלישיב ועד תכלית בית אלישיב׃
22 ২২ তেওঁৰ পাছত যিৰূচালেমৰ চাৰিও সীমাৰ পৰা অহা লোকসকল আৰু পুৰোহিতসকলে মেৰামতি কৰিলে।
ואחריו החזיקו הכהנים אנשי הככר׃
23 ২৩ তেওঁলোকৰ পাছত বিন্যামীন আৰু হচুবে নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে। তেওঁলোকৰ পাছত অণিয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্ৰ অজৰিয়াই নিজৰ ঘৰৰ ওচৰত মেৰামতি কৰিলে।
אחריו החזיק בנימן וחשוב נגד ביתם אחריו החזיק עזריה בן מעשיה בן ענניה אצל ביתו׃
24 ২৪ তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।
אחריו החזיק בנוי בן חנדד מדה שנית מבית עזריה עד המקצוע ועד הפנה׃
25 ২৫ উজয়ৰ পুত্ৰ পাললে আলমৰ বিপৰীতে ওপৰ ফালে ৰজাৰ গৃহৰ পৰা স্তম্ভৰ প্ৰহৰীৰ চোতাললৈকে মেৰামতি কৰিলে। তেওঁৰ পাছত পৰিয়োচৰ পুত্ৰ পদায়াই মেৰামতি কৰিলে।
פלל בן אוזי מנגד המקצוע והמגדל היוצא מבית המלך העליון אשר לחצר המטרה אחריו פדיה בן פרעש׃
26 ২৬ তাৰ পাছত ওফেলত থকা মন্দিৰৰ দাসবোৰে পুব-দিশে জল-দুৱাৰৰ বিপৰীতে থকা প্রকল্পৰ স্তম্ভলৈকে মেৰামতি কৰিলে।
והנתינים היו ישבים בעפל עד נגד שער המים למזרח והמגדל היוצא׃
27 ২৭ তেওঁৰ পাছত তকোৱাৰ লোকসকলে বাহিৰ ফালে থকা বৃহৎ স্তম্ভৰ বিপৰীতে ওফেলৰ দেৱাললৈকে আন এটা অংশ মেৰামতি কৰিলে।
אחריו החזיקו התקעים מדה שנית מנגד המגדל הגדול היוצא ועד חומת העפל׃
28 ২৮ অশ্ব-দুৱাৰৰ ওপৰ ফালৰ পৰা প্রতিজন পুৰোহিতে নিজৰ নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে।
מעל שער הסוסים החזיקו הכהנים איש לנגד ביתו׃
29 ২৯ তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।
אחריו החזיק צדוק בן אמר נגד ביתו ואחריו החזיק שמעיה בן שכניה שמר שער המזרח׃
30 ৩০ তেওঁৰ পাছত চেলেমিয়াৰ পুত্ৰ হননিয়া আৰু চালফৰ ষষ্ঠ পুত্ৰ হানুনে আন এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত বেৰেখিয়াৰ পুত্ৰ মচুল্লমে নিজৰ কোঁঠালিৰ বিপৰীতে মেৰামতি কৰিলে।
אחרי החזיק חנניה בן שלמיה וחנון בן צלף הששי מדה שני אחריו החזיק משלם בן ברכיה נגד נשכתו׃
31 ৩১ তেওঁৰ পাছত সোণাৰী মল্কিয়াই মন্দিৰৰ দাস সকলৰ আৰু বণিকসকলৰ সাক্ষাত কৰা দুৱাৰৰ বিপৰীতে, চুকৰফালে ওপৰত থকা কোঁঠালৈকে মেৰামতি কৰিলে।
אחרי החזיק מלכיה בן הצרפי עד בית הנתינים והרכלים נגד שער המפקד ועד עלית הפנה׃
32 ৩২ চুকৰফালে থকা ওপৰৰ কোঁঠা আৰু মেৰ-ছাগদুৱাৰৰ মাজৰ অংশ সোণাৰী আৰু বণিকসকলে মেৰামতি কৰিলে।
ובין עלית הפנה לשער הצאן החזיקו הצרפים והרכלים׃

< নেহেমিয়া 3 >