< নেহেমিয়া 2 >

1 ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।
És volt Niszán havában Artachsaszt király huszadik évében, bor volt előtte s én vittem a bort s átadtam a királynak; s én nem voltam visszatetsző előtte.
2 কিন্তু ৰজাই মোক ক’লে, “তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো। নিশ্চয় এয়া আন্তৰিক বেদনা।” তেতিয়া মোৰ অতিশয় ভয় লাগিল।
És mondta nekem a király: miért arcod oly szomorú, holott nem vagy beteg? Ez nem egyéb, mint szívnek szomorúsága. S én igen nagyon féltem.
3 মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
És mondtam a királynak: A király örökké éljen! Miért ne legyen szomorú az arcom, mikor a város, őseim sírjainak helye romban van és kapui tűzben emésztettek föl?
4 তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
Erre mondta nekem a király: Mi felől van neked kérésed? Én imádkoztam az Ég Istenéhez.
5 মই ৰজাক উত্তৰ দি কলোঁ, “যদি মহাৰাজে ভাল দেখে, আৰু আপোনাৰ এই দাসে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক মোৰ পিতৃসকলৰ মৈদামৰ নগৰ যিহূদালৈ পঠিয়াই দিয়ক, মই তাক পুনৰাই সাজিম।”
És mondtam a királynak: Ha a királynak jónak tetszik s ha szolgád jónak tetszik előtted – hogy küldj engem Jehúdába, atyáim sírjainak városába, hogy felépítsem.
6 ৰজাই মোক উত্তৰ দিলে, (আৰু তেওঁৰ ৰাণীও তেওঁৰ কাষত বহি আছিল), “তুমি কিমান দিনৰ বাবে যাবা আৰু কেতিয়া উভতি আহিবা?” মই যেতিয়া তেওঁক নিৰূপিত সময়ৰ কথা দিলোঁ, তেতিয়া ৰজাই আনন্দেৰে মোক পঠিয়াই দিলে।
És mondta nekem a király – a felesége pedig mellette ült: Meddig lesz az utazásod és mikor térsz vissza? S jónak tetszett a király előtt s elküldött engem s én megjelöltem neki az időt.
7 তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে।
És mondtam a királynak: Ha a király előtt jónak tetszik, adjanak nekem leveleket a Folyamontúlnak helytartóihoz, hogy átutaztassanak, míg el nem jutok Jehúdába;
8 ৰজাৰ বনাঞ্চল ৰখীয়া আচফলৈও এখন চিঠি দিব পাৰে, যাতে মন্দিৰৰ কাষত থকা দুৰ্গৰ দুৱাৰৰ চৌকাঠ, নগৰৰ দেৱাল, আৰু যি গৃহত মই থাকিম সেই সকলোৰ বাবে তেওঁ মোক যেন কাঠ দিয়ে।” মোৰ ওপৰত ঈশ্বৰৰ মঙ্গলময় হাত থকাত, ৰজাই মোৰ অনুৰোধবোৰ গ্রহণ কৰিলে।
és levelet Ászáfhoz, a király parkja őréhez, hogy adjon nekem fákat, hogy gerendázzák a házhoz tartozó várnak kapuit, s a város fala számára, és a ház számára, a melybe én magam megyek. És megadta nekem a király, Istenem keze szerint, mely jóságos volt rajtam.
9 মই নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্য সমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল।
És eljöttem a Folyamontúlnak helytartóihoz s átadtam nekik a király leveleit; s küldött velem a király hadi tiszteket és lovasokat.
10 ১০ ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।
S meghallotta a chóróni Szanballát és Tóbija, az ammóni szolga s rosszul esett nekik, nagyon rosszul, hogy jött egy ember Izraél fiainak javát keresni.
11 ১১ মই যিৰূচালেমলৈ আহিলোঁ, আৰু তাত তিনি দিন থাকিলোঁ।
És elérkeztem Jeruzsálembe és ott voltam három napig.
12 ১২ মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
És felkeltem éjjel és néhány ember én velem, de nem adtam tudtára senkinek, hogy mit ad Istenem az én szívembe, hogy megtegyem Jeruzsálemért; állat sem volt velem, csakis azon állat, a melyen nyargaltam.
13 ১৩ মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।
És én kimentem éjjel a Völgy kapuján s a sárkányforrás irányába és a szemét kapuja felé; és megszemléltem Jeruzsálem falait, a melyek át voltak törve, kapui pedig tűzben voltak fölemésztve.
14 ১৪ তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
És tova mentem a forrás kapujához s a király tavához s nem volt helye az állatnak, hogy alattam tova menjen.
15 ১৫ সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ।
Fölmentem tehát éjjel a Völgyben és megszemléltem a falat, erre fordultam és bementem a Völgy kapuján és visszatértem.
16 ১৬ মই ক’লৈ গৈছিলোঁ, আৰু কি কৰিলোঁ, সেই বিষয়ে শাসনকৰ্ত্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক, বা পুৰোহিতসকলক, বা প্ৰধান লোকসকলক, বা শাসনকৰ্ত্তাসকলক, বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল, তেওঁলোককো একো কোৱা নাছিলোঁ।
A vezérek pedig nem tudták, hová mentem s mit cselekszem; a zsidóknak ugyanis, a papoknak, a nemeseknek és a vezéreknek és a többi munkavégzőknek mindeddig nem adtam tudtukra.
17 ১৭ মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।”
És szóltam hozzájuk: Ti látjátok a bajt, a melyben vagyunk, hogy Jeruzsálem romban van, kapui pedig tűzben el vannak égetve; jöjjetek, hadd építsük föl Jeruzsálem falát, hogy ne legyünk továbbá gyalázattá.
18 ১৮ মই তেওঁলোকক ইয়াকো ক’লো যে, “ঈশ্বৰৰ মঙ্গলময় হাত মোৰ ওপৰত আছে;” আৰু ৰজাই মোক যি কথা কৈছিল, সেই কথাও তেওঁলোকক জনালোঁঁ। তেওঁলোকে ক’লে, “আহক আমি নিৰ্ম্মাণ কাৰ্যৰ বাবে সাজোঁ হওঁহক।” সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে।
És tudtul adtam nekik Istenemnek kezét, a mint az jóságos rajtam, meg a királynak szavait is, melyeket mondott nekem. Erre mondták: Fölkelünk és építünk. És megerősítették kezeiket a jóra.
19 ১৯ কিন্তু হোৰোণীয়া চনবল্লট, অম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”
Midőn a chóróni Szanballát s Tóbija, az ammóni szolga és az arábi Gésem ezt hallották, csúfoltak bennünket és gúnyolódtak rajtunk és mondták: Micsoda dolog ez, a mit ti műveltek; vajon a király ellen akartok-e föllázadni?
20 ২০ তেতিয়া মই তেওঁলোকক উত্তৰ দি ক’লো, “স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্ম্মাণ কাৰ্য কৰিম। কিন্তু যিৰূচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই আৰু যিৰূচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।
S én adtam nekik választ s mondtam nekik: Az Ég Istene, ő ad nekünk szerencsét, mi pedig, az ő szolgái, fölkelünk s építünk; de nektek nincs osztályrészetek, sem jogotok, sem emléktek Jeruzsálemben.

< নেহেমিয়া 2 >