< নেহেমিয়া 2 >
1 ১ ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।
Tedy stalo se měsíce Nísan léta dvadcátého Artaxerxa krále, když víno stálo před ním, že vzav víno, podal jsem ho králi. Nebýval jsem pak smuten před ním.
2 ২ কিন্তু ৰজাই মোক ক’লে, “তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো। নিশ্চয় এয়া আন্তৰিক বেদনা।” তেতিয়া মোৰ অতিশয় ভয় লাগিল।
Pročež mi řekl král: Proč oblíčej tvůj smutný jest, poněvadž nestůněš? Jiného není, než sevření srdce. Pročež ulekl jsem se velmi velice.
3 ৩ মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
A řekl jsem králi: Král na věky buď živ. Kterak nemá býti smutný oblíčej můj, když město to, kdež jsou hrobové otců mých, zpuštěno jest, a brány jeho ohněm zkaženy?
4 ৪ তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
Opět mi řekl král: Èeho žádáš? Mezi tím modlil jsem se Bohu nebeskému.
5 ৫ মই ৰজাক উত্তৰ দি কলোঁ, “যদি মহাৰাজে ভাল দেখে, আৰু আপোনাৰ এই দাসে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক মোৰ পিতৃসকলৰ মৈদামৰ নগৰ যিহূদালৈ পঠিয়াই দিয়ক, মই তাক পুনৰাই সাজিম।”
Potom řekl jsem králi: Zdá-liť se za dobré králi, a jestliže má lásku služebník tvůj u tebe, žádám, abys mne poslal do Judstva, do města, kdež jsou hrobové otců mých, abych je zase vystavěl.
6 ৬ ৰজাই মোক উত্তৰ দিলে, (আৰু তেওঁৰ ৰাণীও তেওঁৰ কাষত বহি আছিল), “তুমি কিমান দিনৰ বাবে যাবা আৰু কেতিয়া উভতি আহিবা?” মই যেতিয়া তেওঁক নিৰূপিত সময়ৰ কথা দিলোঁ, তেতিয়া ৰজাই আনন্দেৰে মোক পঠিয়াই দিলে।
Ještě mi řekl král (královna pak seděla podlé něho): Dlouho-li budeš na té cestě, a kdy se zas navrátíš? I líbilo se to králi, a propustil mne, hned jakž jsem mu oznámil jistý čas.
7 ৭ তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে।
Zatím řekl jsem králi: Vidí-li se za dobré králi, nechť mi dadí listy k vývodám za řekou, aby mne provedli, až bych přišel do Judstva,
8 ৮ ৰজাৰ বনাঞ্চল ৰখীয়া আচফলৈও এখন চিঠি দিব পাৰে, যাতে মন্দিৰৰ কাষত থকা দুৰ্গৰ দুৱাৰৰ চৌকাঠ, নগৰৰ দেৱাল, আৰু যি গৃহত মই থাকিম সেই সকলোৰ বাবে তেওঁ মোক যেন কাঠ দিয়ে।” মোৰ ওপৰত ঈশ্বৰৰ মঙ্গলময় হাত থকাত, ৰজাই মোৰ অনুৰোধবোৰ গ্রহণ কৰিলে।
Tolikéž psání k Azafovi, vládaři lesu královského, aby mi dal dříví na trámy, k branám paláce, při domě Božím, a ke zdem městským, a k domu, do něhož bych vjíti mohl. I dal mi král vedlé štědré ruky Boha mého ke mně.
9 ৯ মই নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্য সমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল।
Tedy přišed k vývodám za řekou, dal jsem jim psání královské. Poslal pak byl se mnou král hejtmany vojska a jezdce.
10 ১০ ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।
To když uslyšel Sanballat Choronský, a Tobiáš služebník Ammonitský, velmi je to mrzelo, že přišel člověk, kterýž by obmýšlel dobré synů Izraelských.
11 ১১ মই যিৰূচালেমলৈ আহিলোঁ, আৰু তাত তিনি দিন থাকিলোঁ।
A tak přišed do Jeruzaléma, pobyl jsem tam za tři dni.
12 ১২ মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
V noci pak vstal jsem, a kolikosi mužů se mnou, a neoznámil jsem žádnému, co mi dal Bůh můj v srdce, abych činil v Jeruzalémě, aniž jsem měl hovada jakého s sebou, kromě hovádka, na němž jsem jel.
13 ১৩ মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।
I vyjel jsem branou při údolí v noci k studnici drakové a k bráně hnojné, a ohledoval jsem zdí Jeruzalémských, kteréž byly pobořené, a bran jeho zkažených ohněm.
14 ১৪ তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
Odtud jsem jel k bráně studničné, a k rybníku královskému, kdež nebylo brodu hovádku, na němž jsem jel, aby přejíti mohlo.
15 ১৫ সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ।
Pročež bral jsem se zhůru podlé potoka v noci, a ohledoval jsem zdi. Odkudž vraceje se, vjel jsem branou při údolí, a tak jsem se navrátil.
16 ১৬ মই ক’লৈ গৈছিলোঁ, আৰু কি কৰিলোঁ, সেই বিষয়ে শাসনকৰ্ত্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক, বা পুৰোহিতসকলক, বা প্ৰধান লোকসকলক, বা শাসনকৰ্ত্তাসকলক, বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল, তেওঁলোককো একো কোৱা নাছিলোঁ।
Ale knížata nic nevěděli, kam jsem jezdil, a co jsem činil; nebo jsem Židům, ani kněžím, ani přednějším, ani knížatům, ani jiným úředníkům až do té chvíle neoznámil.
17 ১৭ মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।”
Protož řekl jsem jim: Vy vidíte, v jakém jsme zlém, a Jeruzalém zpuštěný, a brány jeho ohněm zkaženy. Poďtež, a stavějme zed Jeruzalémskou, abychom nebyli více v pohanění.
18 ১৮ মই তেওঁলোকক ইয়াকো ক’লো যে, “ঈশ্বৰৰ মঙ্গলময় হাত মোৰ ওপৰত আছে;” আৰু ৰজাই মোক যি কথা কৈছিল, সেই কথাও তেওঁলোকক জনালোঁঁ। তেওঁলোকে ক’লে, “আহক আমি নিৰ্ম্মাণ কাৰ্যৰ বাবে সাজোঁ হওঁহক।” সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে।
A když jsem jim oznámil, že pomoc Boha mého jest se mnou, ano i slova králova, kteráž ke mně mluvil, teprv řekli: Přičiňmež se a stavějme. I posilnili rukou svých k dobrému.
19 ১৯ কিন্তু হোৰোণীয়া চনবল্লট, অম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”
Což když uslyšel Sanballat Choronský, a Tobiáš služebník Ammonitský, a Gesem Arabský, posmívali se, a utrhali nám, pravíce: Což to děláte? Co se králi protivíte?
20 ২০ তেতিয়া মই তেওঁলোকক উত্তৰ দি ক’লো, “স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্ম্মাণ কাৰ্য কৰিম। কিন্তু যিৰূচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই আৰু যিৰূচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।
Jimž odpovídaje, řekl jsem: Bůh nebeský, tenť nám dá prospěch, a my služebníci jeho přičiníce se, stavěti budeme, vy pak nemáte žádného dílu, ani práva, ani památky v Jeruzalémě.