< নেহেমিয়া 13 >

1 সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
in die autem illo lectum est in volumine Mosi audiente populo et inventum est scriptum in eo quod non debeat introire Ammanites et Moabites in ecclesiam Dei usque in aeternum
2 এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।
eo quod non occurrerint filiis Israhel cum pane et aqua et conduxerint adversum eum Balaam ad maledicendum ei et convertit Deus noster maledictionem in benedictionem
3 তেওঁলোকে এই বিধান শুনাৰ লগে লগে প্রত্যেক বিদেশী লোকসকলক ইস্ৰায়েলৰ পৰা পৃথক কৰিলে।
factum est autem cum audissent legem separaverunt omnem alienigenam ab Israhel
4 এই ঘটনাৰ আগেয়ে আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ ওপৰত পুৰোহিত ইলিয়াচীবক নিযুক্ত কৰিছিল। তেওঁ টোবিয়াৰ সম্পৰ্কীয় লোক আছিল।
et super hoc erat Eliasib sacerdos qui fuerat positus in gazofilacio domus Dei nostri et proximus Tobiae
5 পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
fecit ergo sibi gazofilacium grande et ibi erant ante eum reponentes munera et tus et vasa et decimam frumenti et vini et olei partes Levitarum et cantorum et ianitorum et primitias sacerdotales
6 কিন্তু এই সকলো ঘটনাৰ সময়ত মই যিৰূচালেমত নাছিলোঁ। কাৰণ বাবিলৰ ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বত্ৰিশ বছৰত মই ৰজাৰ ওচৰলৈ গৈছিলোঁ। কিছুদিনৰ পাছত মই ৰজাৰ পৰা ছুটিৰ বাবে অনুমতি ল’লো।
in omnibus autem his non fui in Hierusalem quia in anno tricesimo secundo Artarxersis regis Babylonis veni ad regem et in fine dierum rogavi regem
7 মই যিৰূচালেমলৈ ঘূৰি আহিলোঁ। ইলিয়াচীবে ঈশ্বৰৰ গৃহৰ চোতালত টোবিয়াক ভঁৰাল দি কৰা কু-কৰ্ম মই বুজি পালোঁ।
et veni in Hierusalem et intellexi malum quod fecerat Eliasib Tobiae ut faceret ei thesaurum in vestibulis domus Dei
8 মই অতিশয় ক্রোধিত হৈছিলোঁ, আৰু ভঁৰালৰ পৰা টোবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ।
et malum mihi visum est valde et proieci vasa domus Tobiae foras de gazofilacio
9 মই ভঁৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ, আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্যৰ বস্তুবোৰ আৰু ধূপ-ধূনা পুনৰ আনি থলোঁ।
praecepique et mundaverunt gazofilacia et rettuli ibi vasa domus Dei sacrificium et tus
10 ১০ মই জানিবলৈ পালোঁ যে, লেবীয়া সকলৰ বাবে নিযুক্ত কৰা অংশ তেওঁলোকক ভগাই দিয়া নাছিল। সেয়ে তেওঁলোকে মন্দিৰ ত্যাগ কৰি প্রতিজনে নিজৰ নিজৰ পথাৰলৈ যাবলৈ খৰধৰ কৰিলে। কাম কৰা গায়ক সকলেও সেইদৰে কৰিলে।
et cognovi quoniam partes Levitarum non fuissent datae et fugisset unusquisque in regionem suam de Levitis et de cantoribus et de his qui ministrabant
11 ১১ তেতিয়া মই কৰ্মচাৰী সকলৰ সৈতে বিবাদ কৰি ক’লো, “ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে?” পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ।
et egi causam adversus magistratus et dixi quare dereliquimus domum Dei et congregavi eos et feci stare in stationibus suis
12 ১২ তেতিয়া সকলো যিহুদী লোকে শস্য, নতুন দ্ৰাক্ষাৰসৰ, আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে।
et omnis Iuda adportabat decimam frumenti et vini et olei in horrea
13 ১৩ মই চেলেমিয়া পুৰোহিত, চাদোক অধ্যাপক, আৰু লেবীয়া সকলৰ পৰা পদায়াক ভঁৰাল ঘৰৰ কোষাধ্যক্ষ নিযুক্ত কৰিলোঁ। তেওঁলোকৰ পাছত মত্তনীয়া পুত্র জক্কুৰ, জক্কুৰৰ পুত্ৰ হাননক কোষাধ্যক্ষ পাতিলোঁ; কাৰণ তেওঁলোক বিশ্বাসযোগ্য বুলি গণিত হৈছিল। তেওঁলোকৰ সহযোগী সকলৰ যোগান ধৰিবলৈ বস্তু ভগাই দিয়াই তেওঁলোকৰ কাম আছিল।
et constituimus super horrea Selemiam sacerdotem et Sadoc scribam et Phadaiam de Levitis et iuxta eos Anan filium Zacchur filium Matthaniae quoniam fideles conprobati sunt et ipsis creditae sunt partes fratrum suorum
14 ১৪ হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক; আৰু মোৰ ঈশ্বৰৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব।
memento mei Deus meus pro hoc et ne deleas miserationes meas quas feci in domo Dei mei et in caerimoniis eius
15 ১৫ সেই দিনবোৰত মই যিহূদাৰ লোকসকলক বিশ্ৰাম-বাৰে দ্ৰাক্ষাগুটি পেৰা, শস্যৰ ডাঙৰি আনি গাধত বোজাই দিয়া, আৰু বিশ্ৰাম-বাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি, আৰু ডিমৰুগুটি আদি সকলোবিধ বস্তুৰ গধুৰ বোজাও যিৰূচালেমলৈ অনা দেখিলোঁ। মই তেওঁলোকে সেই দিনা খোৱা বস্তু বিক্রী কৰাৰ কথাৰ বিৰুদ্ধিতা কৰিলোঁ।
in diebus illis vidi in Iuda calcabant torcularia in sabbato portantes acervos et onerantes super asinos vinum et uvas et ficus et omne onus et inferentes Hierusalem in die sabbati et contestatus sum ut in die qua vendere liceret venderent
16 ১৬ যিৰূচালেমত বাস কৰা তূৰৰ পৰা অহা লোকসকলে মাছ আৰু সকলো বিধৰ বস্তুবোৰ আনিছিল, আৰু বিশ্ৰাম-বাৰে যিহূদা আৰু নগৰৰ লোকসকলক সেইবোৰ বিক্রী কৰিছিল।
et Tyrii habitaverunt in ea inferentes pisces et omnia venalia et vendebant in sabbatis filiis Iuda et in Hierusalem
17 ১৭ তেতিয়া মই যিহূদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক’লো, “আপোনালোকে যে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি, এইবোৰ কি কুকৰ্ম কৰিছে?
et obiurgavi optimates Iuda et dixi eis quae est res haec mala quam vos facitis et profanatis diem sabbati
18 ১৮ আপোনালোকৰ পিতৃ সকলে এইদৰে কৰা নাছিল নে? আৰু আমাৰ ঈশ্বৰে জানো আমাৰ আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা ঘটোৱা নাছিল নে? তথাপিও আপোনালোকে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি ইস্ৰায়েলৰ ওপৰলৈ ক্ৰোধাগ্নি পুনৰ অধিককৈ আনিব খুজিছে?”
numquid non haec fecerunt patres nostri et adduxit Deus noster super nos omne malum hoc et super civitatem hanc et vos additis iracundiam super Israhel violando sabbatum
19 ১৯ বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
factum est itaque cum quievissent portae Hierusalem die sabbati dixi et cluserunt ianuas et praecepi ut non aperirent eas usque post sabbatum et de pueris meis constitui super portas ut nullus inferret onus in die sabbati
20 ২০ তাতে বণিক সকল আৰু সকলোবিধ বস্তু বিক্রী কৰা সকল এবাৰ, দুবাৰ যিৰূচালেমৰ বাহিৰত থাকিল।
et manserunt negotiatores et vendentes universa venalia foris Hierusalem semel et bis
21 ২১ কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, “আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহলে মই আপোনালোকক শাস্তি দিম!” সেই সময়ৰ পৰাই তেওঁলোক বিশ্ৰাম-বাৰে অহা নাছিল।
et contestatus sum eos et dixi eis quare manetis ex adverso muri si secundo hoc feceritis manum mittam in vos itaque ex tempore illo non venerunt in sabbato
22 ২২ তাৰ পাছত বিশ্ৰামবাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক।
dixi quoque Levitis ut mundarentur et venirent ad custodiendas portas et sanctificandum diem sabbati et pro hoc ergo memento mei Deus meus et parce mihi secundum multitudinem miserationum tuarum
23 ২৩ সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্‌দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
sed et in diebus illis vidi Iudaeos ducentes uxores azotias ammanitidas et moabitidas
24 ২৪ তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্ৰী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।
et filii eorum ex media parte loquebantur azotice et nesciebant loqui iudaice et loquebantur iuxta linguam populi et populi
25 ২৫ তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
et obiurgavi eos et maledixi et cecidi ex ipsis viros et decalvavi eos et adiuravi in Deo ut non darent filias suas filiis eorum et non acciperent de filiabus eorum filiis suis et sibimet ipsis dicens
26 ২৬ ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।
numquid non in huiuscemodi re peccavit Salomon rex Israhel et certe in gentibus multis non erat rex similis ei et dilectus Deo suo erat et posuit eum Deus regem super omnem Israhel et ipsum ergo ad peccatum duxerunt mulieres alienigenae
27 ২৭ তেনেহলে বিদেশী মহিলা বিয়া কৰাৰ দ্ৱাৰাই ঈশ্বৰৰ বিৰুদ্ধে আনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু-কাৰ্য কৰি আমি আপোলোকৰ কথা শুনিম নে?
numquid et nos inoboedientes faciemus omne malum grande hoc ut praevaricemur in Deo nostro et ducamus uxores peregrinas
28 ২৮ ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোণীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।
de filiis autem Ioiada filii Eliasib sacerdotis magni gener erat Sanaballat Horonitis quem fugavi a me
29 ২৯ হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।
recordare Domine Deus meus adversum eos qui polluunt sacerdotium iusque sacerdotale et leviticum
30 ৩০ সেই কাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ, আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত আৰু লেবীয়া সকলৰ দায়িত্ব সু-দৃঢ় কৰিলোঁ।
igitur mundavi eos ab omnibus alienigenis et constitui ordines sacerdotum et Levitarum unumquemque in ministerio suo
31 ৩১ নিৰূপিত সময়ত খৰি আৰু ফলৰ আগ ভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোঁৱৰণ কৰক।
et in oblatione lignorum in temporibus constitutis et in primitiis memento mei Deus meus in bonum

< নেহেমিয়া 13 >